নিউজ ডেস্ক, ৮ জুনঃ দীৰ্ঘ সময়ত অন্তত তেলংগানাত ছবিৰ শ্বুটিঙৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে চৰকাৰে। সোমবাৰে তেলেংগানা চৰকাৰে প্ৰদান কৰে এই অনুমতি। দেশত কোভিড-১৯ৰ সংকট বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত সমগ্ৰ দেশতে বন্ধ হৈ আছিল ছবিসমূহৰ শ্বুটিংঙৰ কাম।
![film shooting allowed in telangana](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:34_flim1591619717173-43_0806email_1591619728_1073.jpg)
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰচেখৰ ৰাওৱে কিছুদিন পূৰ্বে বিভাগীয় কৰ্তৃপক্ষৰ লগত এখন বৈঠক অনুষ্ঠিত কৰি ছবিৰ শ্বুটিঙৰ লগতে পোষ্ট-প্ৰডাকশ্বনৰ কাম পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰিছিল।
উল্লেখ্য যে, মুম্বাই আৰু তামিলনাডুত ইয়াৰ পূৰ্বেই ছবি শ্বুটিঙৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছিল। কোভিড ১৯ মহামাৰীৰ বাবে মাৰ্চ মাহৰ মাজ ভাগৰ পৰা দেশত ছবিৰ শ্বুটিং আৰু অন্য নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছিল।