নতুন দিল্লী, 23 জুনঃ পূৱ দিল্লীৰ অশোক নগৰত শনিবাৰে নিশা এগৰাকী মহিলা সাংবাদিকক গুলীচালনা কৰে দুজন অচিনাক্ত দুৰ্বৃত্তই ৷ বৰ্তমান গুৰুতৰ অৱস্থাত চিকিৎসাধীন সাংবাদিকগৰাকী ৷
তথ্য অনুসৰি, নিশা মুখত কলা কাপোৰ বান্ধি অহা দুজন দুৰ্বৃত্তই প্ৰথমে মিতালী চাণ্ডোলা নামৰ মহিলা সাংবাদিকগৰাকীৰ বাহনত কণী দলিয়াই দিয়ে ৷ পিছত বাহনখন চলি থকা অৱস্থাতে কেইবাটাও গুলী নিক্ষেপ কৰে দুৰ্বৃত্তই ৷ মিতালী চাণ্ডোলাৰ বাহুত গুলীৰে আঘাত হোৱাৰ বাবে নিশা 12.30 মিনিটত ধৰ্মশালা নাৰায়ণা চুপাৰস্পেটিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
আনহাতে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷