ETV Bharat / bharat

সৈন্য বাহিনীত COVID-19 আতংক : আক্ৰান্ত মহিলা চিকিৎসা বিষয়া - আক্ৰান্ত মহিলা চিকিৎসা বিষয়া

COVID-19 ত আক্ৰান্ত হ'ল সেনাৰ এগৰাকী চিকিৎসা বিষয়া ৷ বৰ্তমান মিলিটাৰী হাস্পতালত চিকিৎসাধীন মেজৰ পদবীৰ বিষয়াগৰাকী ৷

আক্ৰান্ত মহিলা চিকিৎসা বিষয়া
সৈন্য বাহিনীত COVID-19 আতংক
author img

By

Published : Apr 18, 2020, 7:53 PM IST

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : Western Naval commandৰ মুম্বাইৰ INS Angreৰ 26 জনকৈ নৌসেনা জোৱান COVID-19ত আক্ৰান্ত হোৱাৰ এদিন পাচতে পুনৰ ডেৰাদুনত কৰ্মৰত এগৰাকী মেজৰ পদবীৰ মহিলা চিকিৎসক আক্ৰান্ত হোৱাৰ তথ্য় লাভ কৰা হৈছে ৷

উল্লেখ্য যে, এই মহিলা সেনা বিষয়াগৰাকী ডেৰাদুনৰ মিলিটাৰী হাস্পতালত কৰ্মৰত ৷ এই বিষয়াগৰাকী আক্ৰান্ত হোৱাৰ ফলত সৈন্যবাহিনীত চিন্তাৰ উদ্বেগ হৈছে যিহেতু তেওঁ লক্ষ্ণৌৰ আৰ্মী মেডিকেল কৰ্পছ চেন্টাৰত কনিষ্ঠ চিকিৎসা বিষয়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷

এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল প্ৰায় 14 জন কনিষ্ঠ চিকিৎসা বিষয়াই ৷ ইয়াৰোপৰি, Central Commandৰ অধীনত লক্ষ্ণৌৰ কমাণ্ড হাস্পতালত তেওঁ 28 মাৰ্চৰ পৰা 9 এপ্ৰিললৈ এক চৰকাৰী কামৰ সূত্ৰেও উপস্থিত হৈছিল ৷

10 এপ্ৰিলত ডেৰাদুনত উপস্থিত হোৱাৰ পাচৰ পৰা তেওঁ কোৱাৰান্টাইনত আছিল যদিও শুকুৰবাৰে তেওঁ স্ব-ইচ্ছাৰে মিলিটাৰী হাস্পতালত ভৰ্তি হয় ৷

এই বিষয়াগৰাকীৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰা লোকসকল আৰু তেওঁৰ সৈতে কৰ্মৰত বিষয়াসকলক লৈ চিন্তিত হৈ পৰিছে সৈন্য বাহিনী ৷ সেয়েহে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলিও আশংকা ব্যক্ত কৰা হৈছে ৷

বৰ্তমান তেওঁক আইচ'লেশ্যনত ৰখা হৈছে আৰু অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি তেওঁ যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰো অনুসন্ধান অব্যাহত আছে ৷ আনহাতে, দেশৰ 13 লাখ সেনা জোৱানেৰে গঠিত ভাৰতীয় স্থল সেনাৰ কেৱল 8 জনহে ইয়াৰ পূৰ্বে COVID-19 ত আক্ৰান্ত হৈছিল ৷ এই 8 জনৰে দুজন চিকিৎসক আৰু এগৰাকী নাৰ্ছৰ সহায়িকা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.