ETV Bharat / bharat

মাস্ক পৰিধান নকৰা বাবে বিশেষভাৱে সক্ষম পুত্ৰক হত্যা পিতৃৰ - উত্তৰ কলিকতাৰ শোভাবজাৰৰ নিবাসী বংশীধৰ মালিক

কলিকতাত পিতৃৰ হাতত প্ৰাণ হেৰুৱালে এজন পুত্ৰই ৷ বিশেষভাৱে সক্ষম পুত্ৰই মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰাত পিতৃয়ে হত্যা কৰে ৷

কলিকতাত পিতৃৰ হাতত প্ৰাণ হেৰুৱালে এজন পুত্ৰই
মাস্ক পৰিধান নকৰা বাবে বিশেষভাৱে সক্ষম পুত্ৰক হত্যা পিতৃৰ
author img

By

Published : Apr 19, 2020, 5:00 PM IST

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : শনিবাৰে কলকাতাত এজন 78 বৰ্ষীয় লোকে নিজৰ বিশেষভাৱে সক্ষম পুত্ৰই মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰা বুলি দাবী কৰিছে ৷ উত্তৰ কলকাতাৰ শোভাবজাৰৰ নিবাসী বংশীধৰ মালিকে সন্ধিয়া 7 বজাত শ্য়ামপুকুৰ আৰক্ষী চকীত উপস্থিত হৈ জানিবলৈ দিয়ে যে,তেওঁ নিজ পুত্ৰক এখন কাপোৰেৰে ডিঙি চেপি হত্যা কৰে ৷

ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে তেওঁৰ পুত্ৰই মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই সন্ধিয়া 5.30 বজাত পুত্ৰক হত্যা কৰে বুলি পিতৃজনে জানিবলৈ দিয়ে ৷ মালিকে লগতে জনাই যে,তেওঁৰ পুত্ৰই সদায় সন্ধিয়া মাস্ক পৰিধান নকৰাৰৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল ৷ অন্য দিনাৰ দৰেই সেইদিনাও তেওঁ পুত্ৰক মাস্ক পৰিধান কৰিবলৈ কোৱাত পুত্ৰৰ সৈতে তেওঁৰ বাক-বিতণ্ডা আৰম্ভ হয় ৷ ইয়াৰ পাচতে তেওঁ দিকবিদিক হেৰুৱাই পুত্ৰক এখন কাপোৰেৰে ডিঙিত চেপি হত্যা কৰে ৷

মালিকে সমগ্ৰ ঘটনা বৰ্ণনা কৰাৰ পাচতে আৰক্ষী বিভাগৰ লোক তেওঁৰ ঘৰত উপস্থিত হৈ 45 বৰ্ষীয় শিৰশেন্দু মালিকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পাচতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰাৰ লগতে এক গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষী যুটীয়া আয়ুক্ত(অপৰাধ) মুৰলিধৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি,ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.