ETV Bharat / bharat

প্ৰকৃততে 26 জানুৱাৰীত দিল্লীত কি হৈছিল ?

author img

By

Published : Jan 30, 2021, 12:44 PM IST

গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাৰ সাক্ষী হোৱা বিহাৰৰ আৰক্ষী অধিক্ষক বিৰেন্দ্ৰ কুমাৰ শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ সাক্ষাৎকাৰত অধিক্ষক গৰাকীয়ে এফালৰ পৰ দি গৈছিল উক্ত দিনাৰ বিৱৰণি ৷

'Farmer leaders responsible for Tractor rally violence'
প্ৰকৃততে 26 জানুৱাৰীত দিল্লীত কি হৈছিল ?

নিউজ ডেস্ক,30জানুৱাৰী: 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা উত্তপ্ত হৈ পৰিছিল দিল্লীৰ ৰাজপথ ৷ সংযুক্ত কিষান মৰ্চাই গণতন্ত্ৰ দিৱসৰ দিনা তিনিখনকৈ কৃষক আইনৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে টেক্টৰ ৰেলীৰে সাব্যস্ত কৰা এই প্ৰতিবাদত ক্ষতিগ্ৰস্ত হৈছিল দিল্লীৰ বহু ৰাজহুৱা সম্পত্তি ৷ শনিবাৰে এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল প্ৰীত বিহাৰৰ আৰক্ষী অধিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ সৈতে ৷ আৰক্ষী অধিক্ষক গৰাকীয়ে 26 জানুৱাৰীত দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাৰ সাক্ষী আছিল আৰু এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত বিৱৰণি দি গৈছিল ৷

আৰক্ষী অধিক্ষক গৰাকীয়ে সাক্ষাতকাৰত জনোৱা অনুসৰি, সংযুক্ত কিষান মৰ্চাই টেক্টৰ ৰেলী সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতে বৈঠকত মিলিত হৈছিল ৷ বৈঠকত কৃষক সকলে শান্তিপূৰ্ণ ভাৱে ৰেলী বাহিৰ কৰাৰ কথা কৈছিল যদিও উক্ত দিনা সম্পূৰ্ণ ওলোটা ছবি দেখিবলৈ পোৱা গৈছিল বুলি মন্তব্য কৰে অধিক্ষক গৰাকীয়ে ৷ প্ৰতিবাদকাৰী সকলে দিল্লীৰ ৰাজহুৱা সম্পত্তিৰ লগতে আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰিছিল ৷ যাৰ ফলত ৩০০ ৰো অধিক আৰক্ষী গুৰুতৰ ভাৱে আহত হৈছিল ৷ প্ৰতিবাদকাৰী সকলে পূৰ্বৰ পৰাই এই পৰিকল্পনা লৈ আছিল বুলি মন্তব্য কৰে অধিক্ষক গৰাকীয়ে ৷ দিল্লীৰ মুকাৰবা চক,গাজিপুৰ,আইটিঅ',সীমাপুৰী,নাংলোই টি-পইণ্ট,টিকৰি সীমান্ত আৰু ৰেড ফৰ্ট এলেকা প্ৰতিবাদকাৰী সকলে উত্তপ্ত কৰি তুলিছিল ৷ গাজিপুৰ,টিকৰি আৰু সিংঘু সীমান্তত বেৰিকেড ভাঙি দিছিল প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰী সকলে লালকিল্লাত ত্ৰিৰংগাৰ সৈতে উৰুৱাইছিল কৃষকৰ প্ৰতিবাদ ৷

অন্য এক খবৰৰ বাবে: কলিয়াবৰত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.