ETV Bharat / bharat

ব্যাপক হাৰত পৰীক্ষা কৰাই মূল উপায়

নেছাৰ মেডিচিনে (প্ৰকৃতি বিষয়ক গৱেষণাৰ জাৰ্নেল) প্ৰকাশ কৰা এক অধ্যয়নৰ তথ্য অনুসৰি এছ এ আৰ এছ-এ অ’ ভি-২ ত আক্ৰান্ত লোক এজনে লক্ষণসমূহ দেখুওৱাৰ পূৰ্বে বহু লোকৰ গালৈ ভাইৰাছ বিয়পাব পাৰে । বৰ্তমানৰ ৪৪ শতাংশ ৰোগীয়েই এনেদৰে সংক্ৰমিত হৈছে । আন এক অধ্যয়নৰ মতে চীনৰ মুঠ আক্ৰান্তৰ ৭৯ শতাংশ আৰু ছিংগাপুৰৰ ৪৮ শতাংগ ৰোগীয়েই লক্ষণবিহীন লোকৰ দ্বাৰা সংক্ৰমিত ।

ব্যাপক হাৰত পৰীক্ষা কৰাই মূল উপায়
ব্যাপক হাৰত পৰীক্ষা কৰাই মূল উপায়
author img

By

Published : Apr 25, 2020, 4:46 PM IST

বিশ্বজুৰি ২৫,০০,০০০ তকৈ অধিক লোকক আক্ৰান্ত কৰা আৰু ১,৭০,০০০ লোক প্ৰাণ কাঢ়ি লোৱা ক’ভিড-১৯ অতিমাৰীয়ে সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । সংক্ৰমিত লোকসকলে দুসপ্তাহৰ বাবে কোনোধৰণৰ লক্ষণ নেদেখুৱায় । লক্ষণসমূহ চিনাক্ত কৰা সময়লৈকে আক্ৰান্ত ব্যক্তিজন আন লোকৰ গালৈ ভাইৰাছবিধ বিয়পাব পাৰে । নেছাৰ মেডিচিনে (প্ৰকৃতি বিষয়ক গৱেষণাৰ জাৰ্নেল) প্ৰকাশ কৰা এক অধ্যয়নৰ তথ্য অনুসৰি এছ এ আৰ এছ-এ অ’ ভি-২ ত আক্ৰান্ত লোক এজনে লক্ষণসমূহ দেখুওৱাৰ পূৰ্বে বহু লোকৰ গালৈ ভাইৰাছ বিয়পাব পাৰে । বৰ্তমানৰ ৪৪ শতাংশ ৰোগীয়েই এনেদৰে সংক্ৰমিত হৈছে । আন এক অধ্যয়নৰ মতে চীনৰ মুঠ আক্ৰান্তৰ ৭৯ শতাংশ আৰু ছিংগাপুৰৰ ৪৮ শতাংগ ৰোগীয়েই লক্ষণবিহীন লোকৰ দ্বাৰা সংক্ৰমিত ।

EXTENSIVE TESTING IS THE KEY!
নভেল কৰ’ণা ভাইৰাছ নীৰৱে বিয়পিছে

২০০২ৰ এছ এ আৰ এছ ফ্লুৰ দৰে লক্ষণসমূহৰ দ্বাৰা চিনাক্ত কৰিব পাৰি বুলি বিভিন্ন প্ৰতিবেদন পোৱা যায় । যেতিয়া বহুসংখ্যক লোকে নিৰ্দিষ্ট লক্ষণসমূহ দেখুৱাবলৈ ধৰে তেতিয়া ইয়াক মহামাৰী হিচাপে ঘোষণা কৰা হয় । কিন্তু ইয়াৰ বিপৰীতে নভেল কৰ’ণা ভাইৰাছ নীৰৱে বিয়পিছে । দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত ১৮৬ গৰাকী লোকৰে কোনো লক্ষণ দেখা পোৱা নাছিল । মহাৰাষ্ট্ৰৰ ৬৫ শতাংশ আৰু উত্তৰ প্ৰদেশৰ ৭৫ শতাংশ সংক্ৰমণেই পৰীক্ষাৰ সময়ত কোনো লক্ষণ দেখা পোৱা নগৈছিল । বহু ক্ষেত্ৰতত ১৪ দিনৰ কোৱাৰেণ্টাইনৰ পাছতহে লক্ষণসমূহে আৰম্ভ হয় । কোনোধৰণৰ পূৰ্বানুমান কৰিব নোৱৰা এই ভাইৰাছৰ প্ৰকৃতিৰ বাবে ব্যাপক হাৰত পৰীক্ষা কৰাটোৱেই ভাৰতত এই ভাইৰাছ বিয়পাত বাধা দিয়াৰ মূল উপায় ।

EXTENSIVE TESTING IS THE KEY!
ভাৰত চৰকাৰে চিনাক্ত আৰু পৰীক্ষা কৰাৰ বাবে কিট ক্ৰয় কৰি আছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আশ্বাস দিছে যে চৰকাৰে দেশজোৰা লক ডাউনৰ জৰিয়তে ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । যদিও ডোনাল্ড ট্ৰাম্পে আমেৰিকাত ৪৩,০০,০০০ আমেৰিকানৰ পৰীক্ষা কৰা বুলি গৰ্ব কৰিছে (যিটো সংখ্যা ভাৰতকে ধৰি দহখন দেশৰ সংখ্যা একলগ কৰিলেও বেছি ) আমেৰিকাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে আমেৰিকাত পুতৌজনক ব্যৱস্থাৰ বিপৰীতে ভাৰতে অতিমাৰী নিয়ন্ত্ৰণৰ বাবে এক দীঘলীয় পথ আঁকোৱালি ল’ব লাগিব । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা অনুসৰি ৪,০০,০০০ লোকৰ (এই লেখা প্ৰস্তুতৰ সময়লৈকে) ইতিমধ্যে পৰীক্ষা কৰা হৈছে । ১৩০ কোটি জনসংখ্যাৰ দেশখনৰ বাবে এয়া নিতান্তই সামান্য সংখ্যা । ইজৰাইলত হোৱা এক অধ্যয়নে প্ৰকাশ কৰা অনুসৰি ৯ বছৰ বয়সৰ তলৰ ২৭ শতাংশ শিশুৱে কোনোধৰণৰ লক্ষণ দেখুওৱা নাই। শিশুহঁত কেনেদৰে এই ভয়াৱহ ৰোগৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে সেয়া এই অধ্যয়নে দেখুৱাই দিয়ে । ভাইৰাছ চেইনৰ ভঙাৰ বাবে ভাৰতে প্ৰথমে বিদেশৰ পৰা অহা লোকসকল আৰু তেওঁলোকৰ সংস্পৰ্শত অহা লোকসকলক কোৱাৰেণ্টাইন কৰি পৰীক্ষা কৰে । দ্বিতীয় পদক্ষেপ হিচাপে চৰকাৰে এক অপ্ৰত্যাশিত লক ডাউন ঘোষণা কৰে । ভাৰত চৰকাৰে চিনাক্ত আৰু পৰীক্ষা কৰাৰ বাবে কিট ক্ৰয় কৰি আছে । বহু বিলম্বৰ পাছত ৫,০০,০০০ ৰেপিড এন্টিবডী টেষ্টিং কিট অৱশেষত চীনৰ পৰা আহি পায়। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি মে’ৰ আৰম্ভণিৰ পৰা দেশীয় কোম্পানীসমূহে প্ৰতি মাহে ২০,০০,০০০ টেষ্টিং কিট উৎপাদন কৰা আৰম্ভ কৰিব । ভাৰতৰ ফাৰ্মাচিউটিকেলৰ বৃহৎ প্ৰতিষ্ঠানসমূহে টেষ্টিং কিট উন্নত কৰাৰ বাবে চেষ্টা অব্যাহত পাখিছে । ৰেহাই দিয়া সত্বেও ফাৰ্মা উদ্যোগে ৫০ শতাংশ সক্ষমতাৰেহে কাম কৰিবলৈ সক্ষম হৈছে । যিহেতু আমি টেষ্টিং কিটৰ অভাৱত ভুগিছো,ভাৰতত ক’ভিড-১৯ পজিটিভ লোকৰ প্ৰকৃত কোনো হিচাপ আমাৰ নাই । গতিকে সামাজিক দুৰত্ব আৰু ব্যক্তিগত চাফ-চিকুণতা ৰক্ষা কৰাৰ বাদে পৰীক্ষাৰ হাৰ বৃদ্ধি নোপোৱালৈকে আমাৰ কোনো উপায় নাই ।

লগতে চাওকঃ মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.