নিউজ ডেস্ক, ২৯ জুনঃ গৰ্ভধাৰণৰ সময়ত মাতৃয়ে কৰা ধূম্ৰপান তথা শিশু অৱস্থাৰ পৰা কৰা ধূম্ৰপান,বায়ু প্ৰদূষণৰ লগতে পৰিৱেশ অনুযায়ীও শিশুসকল শকত হয় বুলি শেহতীয়াকৈ কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে ।

আনহাতে,শিশুৰ অধিক ওজন আৰু শকতৰ স্থিতি নিৰ্ধাৰণ কৰিবলৈ বডী মাছ ইনডেক্স,ককালৰ পৰিধি, স্কিনফোল্ডৰ ঘনত্ব ব্যৱহাৰ কৰা হয় বুলিও প্ৰকাশ কৰে গৱেষকৰ দলটোৱে । গৰ্ভধাৰণ অৱস্থাত মাতৃ আৰু শিশুৰ তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষাৰ নমুনাৰে বিশ্লেষণ কৰে বুলি সদৰি কৰে । বায়ু প্ৰদূষণ, নিৰ্মিত পৰিৱেশ,ধূম্ৰপান তথা ৰাসয়নিক প্ৰদূষণকাৰীসহ মুঠ ৭৭ টা গৰ্ভৱতী নাৰীসহ ৯৬ গৰাকী শিশুৰ ওপৰত চলোৱা গৱেষণাত ভিত্তিতে এই কথা প্ৰকাশ কৰে দলটোৱে ।