ETV Bharat / bharat

TRAIৰ অধ্যক্ষ আৰ. এছ. শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ :

author img

By

Published : Jul 23, 2020, 6:14 PM IST

TRAIৰ লক্ষ্য হৈছে, আগন্তুক 2022 বৰ্ষলৈ দূৰসংযোগ সৰঞ্জামসমূহৰ শুদ্ধ আৰু নেট শূন্য আমদানি অৰ্জন কৰা ৷ TRAIৰ অধ্যক্ষ আৰ.এছ.শৰ্মাই সদৰি কৰে যে,এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ কিছু মুখ্য পৰিকল্পনা আছে,য’ত কিছু সংখ্যক গ্ৰাহকক তীব্ৰ ইণ্টাৰনেট ডাটা দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ৷ আৰু ই অন্য গ্ৰাহকৰ সেৱা সমূহত প্ৰভাৱ পেলাব ৷ আমদানি দূৰসংযোগৰ সৰঞ্জামসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, আৰম্ভণিতে কিছুসংখ্যক দেশে ঘৰুৱা উদ্যোগৰ অৱসান ঘটাবলৈ দেশত নিজৰ বৈদ্যুতিক আৰু দূৰসংযোগৰ সৰঞ্জামসমূহ নষ্ট কৰে,যাতে পৰৱৰ্তী সময়ত ইয়াৰ মূল্য বঢ়াব পাৰে ৷

Exclusive interview with Chairman TRAI, R.S Sharma by ETV
TRAIৰ অধ্যক্ষ আৰ. এছ. শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ :

নিউজ ডেস্ক, 23 জুলাই : TRAIৰ অধ্যক্ষ আৰ. এছ. শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদদাতা গৌতম দেৱৰয়ৰ আছুতীয়া সাক্ষাৎকাৰ :

TRAIৰ লক্ষ্য হৈছে,আগন্তুক 2022 বৰ্ষলৈ দূৰসংযোগ সৰঞ্জামসমূহৰ শুদ্ধ আৰু নেট শূন্য আমদানি অৰ্জন কৰা ৷

এয়াৰটেল-ভোডাফোনৰ প্ৰাথমিক পৰিকল্পনাই অন্য গ্ৰাহকৰ ওপৰত প্ৰভাৱ পেলায় ৷

TRAIৰ অধ্যক্ষ আৰ.এছ.শৰ্মাই সদৰি কৰে যে,এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ কিছু মুখ্য পৰিকল্পনা আছে,য’ত কিছু সংখ্যক গ্ৰাহকক তীব্ৰ ইণ্টাৰনেট ডাটা দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ৷ আৰু ই অন্য গ্ৰাহকৰ সেৱা সমূহত প্ৰভাৱ পেলাব ৷ আমদানি দূৰসংযোগৰ সৰঞ্জামসমূহৰ ওপৰত ভাৰতৰ নিৰ্ভৰতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে,আৰম্ভণিতে কিছুসংখ্যক দেশে ঘৰুৱা উদ্যোগৰ অৱসান ঘটাবলৈ দেশত নিজৰ বৈদ্যুতিক আৰু দূৰসংযোগৰ সৰঞ্জামসমূহ নষ্ট কৰে,যাতে পৰৱৰ্তী সময়ত ইয়াৰ মূল্য বঢ়াব পাৰে ৷

ইটিভি ভাৰত : ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ দ্ৰুত ইণ্টাৰনেট ডাটা সেৱা কিছুমান বিশেষ গ্ৰাহকক প্ৰদানৰ পৰিকল্পনাই অন্য গ্ৰাহকৰ বাবে লোকচানৰ কাৰণ হৈ পৰিব পাৰে বুলি আপুনি বিশ্বাস কৰে নেকি?

আৰ. এছ. শৰ্মা : সচৰাচৰ যিহেতু বিটিএছ বেণ্ডউইথত স্থিৰ কৰা হৈছে, গতিকে কিছু সংখ্যক গ্ৰাহকৰ বাবে যিকোনো অগ্ৰাধিকাৰ অন্য গ্ৰাহকৰ সেৱা সমূহত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ কিছুমান নিৰ্দিষ্ট লোকক অগ্ৰাধিকাৰ দিয়াৰ পৰিকল্পনা কৰা হৈছে ৷ সেয়েহে অন্য গ্ৰাহকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে বুলি ভাবো ৷ ইয়াৰোপৰি, এই ধৰণৰ পৰিকল্পনাই গ্ৰাহক সকলক উচিত নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত সুবিধাৰ বাবে ‘দ্ৰুত গতি’ক স্পষ্টৰূপত ইংগিত দিয়া নাই ৷ TRAIৰ দ্বাৰা এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে আৰু আমি নিজৰ পৰীক্ষাৰ আধাৰত সিদ্ধান্তত উপনীত হম ৷

ইটিভি ভাৰত : দূৰসংযোগ আৰু সংবেদনশীল ক্ষেত্ৰ হোৱাৰ ক্ষেত্ৰত দূৰসংযোগ ব্যৱস্থা আৰু ডিজিটেল সাৰ্বভৌমত্বৰ ঘৰুৱা পুনঃনিৰ্মানক প্ৰচাৰ কৰাৰ আৱশ্যকতা আছে বুলি আপুনি ভাবেনে ?

আৰ. এছ. শৰ্মা : কিছুসংখ্যক দেশে বৈদ্যুতিক সৰঞ্জামসমূহ আমাৰ ওপৰত জাপি দি ঘৰুৱা উদ্যোগসমূহ ধ্বংস কৰাৰ ব্যৱস্থা কৰিছে ৷ আমি এই কৌশল সমূহ বুজি ঘৰুৱা উৎপাদন সমূহ সহজেই বজাৰত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা উচিত ৷ যেতিয়ালৈকে আমি ঘৰুৱা খেলুৱৈ সকলক সুবিধা প্ৰদান নকৰো, তেতিয়ালৈকে ভাৰতে স্থানীয় উৎপাদন সফল কৰিব নোৱাৰিব ৷ TRAIয়ে DOTক 2018 বৰ্ষৰ 3 আগষ্টত ‘‘স্থানীয় দূৰসংযোগ সামগ্ৰীৰ পুনঃনিৰ্মাণক প্ৰচাৰ’’ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷ TRAIয়ে পৰামৰ্শ দিয়ে যে, 2022 চনলৈ ভাৰতক ‘‘দূৰসংযোগ সামগ্ৰীৰ নেট শূন্য’’ আমদানিৰ লক্ষ্যৰ বাবে Telecom Equipment Manufacturing Council (TEMC) য়ে অগ্ৰাধিকাৰৰ নিৰ্দিষ্ট দিশ সমূহৰ চিনাক্তকৰণ আৰু প্ৰয়োগ কৰা উচিত ৷ দেশত গৱেষণা, উদ্ভাৱন, আৰ্হি, পৰীক্ষা, প্ৰমাণীকৰণ আৰু স্বদেশী দূৰসংযোগ সামগ্ৰীৰ প্ৰচাৰৰ হেতু বিশেষভাৱে 1,000 কোটি টকাৰ পুঁজি প্ৰস্তুত কৰা উচিত ৷ মই ভাবো যে, চৰকাৰী নীতি সমূহে সমৃদ্ধি লাভৰ ব্যয় কৰিছে যদিও আৰু অধিক কৰাৰ আৱশ্যকতা আছে ৷

ইটিভি ভাৰত : BSNLৰ দ্বাৰা চীনা নিৰ্মিত সামগ্ৰীৰ প্ৰয়োগ নকৰাৰ অনুসৰণ কৰাৰ পিছত চীনা দূৰসংযোগ সামগ্ৰী স্থাপন নিষিদ্ধ কৰাতো সম্ভৱ বুলি আপুনি ভাবেনে ?

আৰ. এছ. শৰ্মা : মই বিশ্বাস কৰো যে, আমি নিজ দেশত আমাৰ আৱশ্যকীয় সকলো দূৰসংযোগ সামগ্ৰী নিৰ্মাণ কৰিব পাৰো ৷ ভাৰতত সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰিছে আৰু ভাৰতীয় কোম্পানীবোৰে ইয়াৰ ব্যৱহাৰ কৰা উচিত ৷ দেশৰ আভ্যন্তৰীণ প্ৰযুক্তি আৰু উৎপাদনকাৰী সামগ্ৰী বিকাশৰ এয়াই সুযোগ ৷ চীনা সামগ্ৰী বৰ্জন কৰি এই দিশত আত্মনিৰ্ভৰশীল হ’ব পৰা যাব ৷

ইটিভি ভাৰত : প্ৰসাৰণ উদ্যোগৰ ক্ষেত্ৰত নতুন টেৰিফ অৰ্ডাৰৰ বাবে আপুনি কেনেধৰণৰ প্ৰতিক্ৰিয়া পাইছে ?

আৰ. এছ. শৰ্মা : নতুন নিয়ন্ত্ৰক কাৰ্যপ্ৰণালীৰ স্বচ্ছতা, বৈষম্যহীনতা, উপভোক্তাৰ স্বাৰ্থৰক্ষা আৰু বিকাশ সক্ষম কৰাৰ ওপৰত নিৰ্ধাৰিত ৷ নতুন কাৰ্যপ্ৰণালী উপভোক্তা কেন্দ্ৰিক হয়, য’ত নিজ পচন্দ অনুসৰি টিভি চেনেলসমূহক পাৰদৰ্শী ৰূপত চিনাক্ত কৰিব পৰা যাব আৰু প্ৰত্যক্ষ কৰিব পৰা যাব ৷ পচন্দৰ স্বাধীনতাই টিভি উপভোক্তাসকলৰ মাহিলী বিলত প্ৰভাৱ পেলাব ৷ উপভোক্তা কেন্দ্ৰিক পাৰদৰ্শিতাই দৃশ্য-শ্ৰাব্যৰ ক্ষেত্ৰতো গুৰুত্ব বৃদ্ধি কৰিব ৷ বৈদ্যুতিন মাধ্যমৰ মূল্য নিৰ্ধাৰণ আৰু সামসঞ্জপূৰ্ণ ব্যবসায়ৰ পাৰদৰ্শিতা বৃদ্ধিত সহায় কৰিব ৷ পাৰদৰ্শিতা বৃদ্ধিৰ লগে লগে চেনেলৰ মূল্য আৰু প্ৰসাৰ বাঢ়িব ৷ লগতে, বিভিন্ন ধৰণৰ আঁচনিয়ে উপভোক্তাৰ বিকল্প ব্যবস্থাৰ সন্ধান দিব ৷ ইয়াৰ উপৰিও প্ৰসাৰণ আৰু সেৱা ক্ষেত্ৰৰ বৃদ্ধি নিশ্চিত হ'ব ৷

ইটিভি ভাৰত : ক'ভিড-19 মোকাবিলা কৰাৰ ক্ষেত্ৰত টেলি যোগাযোগৰ গুৰুত্ব কি?

আৰ. এছ. শৰ্মা : চৰকাৰী নীতি-নিৰ্দেশনা, সামাজিক দুৰত্ব আৰু সকলো স্বাস্থ্য বিধি মানি চলোটোয়ে এই ৰোগ সংক্ৰমণ কৰাৰ প্ৰধান অস্ত্ৰ ৷ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে সামাজিক দুৰত্ব বজাই ৰাখি কাম কৰিব লাগিব ৷ লগতে, যিমান সম্ভৱ অনলাইন সেৱাৰ জৰিয়তে সকলো কাম কৰাৰ চিন্তা কৰিব লাগিব ৷ লক ডাউন সকলোৱে সফল কৰি তুলিব লাগিব ৷ আনহাতে, পৰিয়ালৰ লোকক সকলো প্ৰকাৰৰ মনোৰঞ্জন দিয়াৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

ইটিভি ভাৰত : ৰাষ্ট্ৰীয় ডিজিটেল সংযোগ নীতি ( 2018 ) চমুকৈ NDCP ক ফলপ্ৰসু কৰাৰ বাবে চৰকাৰক কিছু সময় দিয়াৰ প্ৰয়োজন বুলি আপুনি ভাবেনে ?

আৰ. এছ. শৰ্মা : উক্ত নীতিখনৰ তিনিটা মুল কেন্দ্ৰ হ'ল- কানেক্ট ইণ্ডিয়া, প্ৰোপেল ইণ্ডিয়া আৰু সুৰক্ষিত ইণ্ডিয়া ৷ কানেক্ট ইণ্ডিয়াৰ সময়ত সকলোৰে মাজত ব্ৰড'ব্যেন্ড সেৱাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ একেদৰে, প্ৰোপেল ইণ্ডিয়াৰ উদ্দেশ্য হৈছে ডিজিটেল মাধ্যমৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ৷ অৰ্থাৎ 5 G, ALOT, CLOUD ৰ বিকাশ সাধন কৰা ৷ আনহাতে, সুৰক্ষিত ভাৰতৰ উদ্দেশ্য হৈছে নাগৰিকক সুৰক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে চেষ্টা চলোৱা ৷ ইয়াৰ উপৰিও, 2022 চনৰ পূৰ্বে ভাৰতৰ সকলো নাগৰিক তথা গাঁও পঞ্চায়তত 5 GB ৰ ইন্টাৰনেট সেৱা প্ৰদান কৰা ৷ অৰ্থাৎ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত যোগাযোগ সু-নিশ্চিত কৰা ৷

ইটিভি ভাৰত : গুগ'লৰ CEO ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ সম্পৰ্কত আপোনাৰ কিবা মন্তব্য ? লগতে, ভাৰতৰ কৃষক সকলক প্ৰযুক্তি বিদ্যাই কেনেধৰণৰ সহায় কৰিব বুলি আপুনি ভাৱে?

আৰ. এছ. শৰ্মা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গুগ'লৰ CEO ৰ সৈতে বাৰ্তালাপ সম্পৰ্কত মোৰ বিশেষ একো মন্তব্য দিব লগা নাই ? প্ৰধানমন্ত্ৰী আৰু গুগ'লৰ CEO ই প্ৰযুক্তি বিদ্যাক পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা চলাই আছে ৷ এইক্ষেত্ৰত ভাৰতীয় কৃষকৰ লগতে দেশৰ যুৱ প্ৰজন্মৰ জীৱনৰ প্ৰশ্নও জড়িত হৈ আছে ৷ ইয়াৰ প্ৰয়োগ উৎপাদক, নিয়োজন আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যবহাৰ কৰা হ'ব ৷ ৰাষ্ট্ৰীয় কৃষিক্ষেত্ৰৰ ভাণ্ডাৰ আৰু নিৰ্বনীকৰণও ইয়াৰ লগত জড়িত হৈ আছে ৷

লগতে পঢ়ক : এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.