ETV Bharat / bharat

ক’ভিড-১৯ সন্দৰ্ভত নেডাৰলেণ্ডছৰ সৈতে সহযোগিতা অব্যাহতঃ ভাৰতীয় ৰাষ্ট্ৰদূত বেণু ৰাজামণি - জনছন এণ্ড জনছন

ভাৰতীয় ৰাষ্ট্ৰদূতসকলৰ সৈতে হোৱা শেহতীয়া এক ভিডিঅ’ কনফাৰেন্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা নিৰ্দেশনা মানি মিছনসমূহে সকলো পুৰবাসী ভাৰতীয় লোকৰ লগতে নিৰ্দিষ্ট দেশসমূহত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াইছে । ইয়াৰ লগতে বিভিন্ন দেশে অতিমাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা উৎকৃষ্ট পন্থাসমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে ।

ক’ভিড-১৯ সন্দৰ্ভত নেডাৰলেণ্ডছৰ সৈতে সহযোগিতা অব্যাহত

author img

By

Published : Apr 25, 2020, 11:14 AM IST

ভাৰতীয় ৰাষ্ট্ৰদূত বেণু ৰাজামণিয়ে মন্তব্য কৰিছে যে ভাৰত আৰু নেডাৰলেণ্ডছে সতৰ্কবাণী প্ৰদান কৰা ব্যৱস্থাৰ লগতে কৰ’ণা ভাইৰাছৰ লগতে আন আন মহামাৰীৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰিব পাৰে । হেগৰ পৰা হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰদূত ৰাজামণিয়ে জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাক জনায় যে জনছন এণ্ড জনছনৰ দৰে কিছুসংখ্যক বহুজাতিক কোম্পানীৰ নেডাৰলেণ্ডত বৃহৎ গৱেষণা প্ৰতিষ্ঠান আছে আৰু ভাৰত আৰু ডাছ চৰকাৰে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ যথেষ্ট থল আছে । নেডাৰলেণ্ডছে সীমিত লক ডাউনৰ ব্যৱস্থা কৰিছে । ভাৰতে লক ডাউন শিথিল কৰি দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে নেডাৰলেণ্ডছৰ এই ব্যৱস্থাৰ ফলাফল লক্ষণীয় হ'ব বুলিও ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য কৰে ।

ভাৰতীয় ৰাষ্ট্ৰদূতসকলৰ সৈতে হোৱা শেহতীয়া এক ভিডিঅ’ কনফাৰেন্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা নিৰ্দেশনা মানি মিছনসমূহে সকলো পুৰবাসী ভাৰতীয় লোকৰ লগতে নিৰ্দিষ্ট দেশসমূহত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াইছে । ইয়াৰ লগতে বিভিন্ন দেশে অতিমাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা উৎকৃষ্ট পন্থাসমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে । পাৰ্ছ’নেল প্ৰটেকশ্যন ইকুইপমেণ্ট চমুকৈ পি পি ই কিট, পৰীক্ষাৰ কিট আদি সংগ্ৰহৰ ব্যৱস্থা কৰাতো তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তদুপৰি ভাৰতৰ ফালৰ পৰা চিকিৎসাজনিত সহায় প্ৰদান কৰাৰ ক্ষেত্ৰতো তেওঁলোকে বিদেশৰ চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰে ।

ঘৰলৈ উভতিব খুজি আদবাটতে আবদ্ধ হৈ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সহায় আৰু খাদ্য যোগান ধৰা বুলি ৰাষ্ট্ৰদূত ৰাজামণিয়ে প্ৰকাশ কৰে । আন লোকসকলৰ থকাৰ ব্যৱস্থাৰ বাবে কৰা অনুৰোধো ৰক্ষা কৰা হৈছে বুলি তেওঁ জনায় ।

ৰাষ্ট্ৰদূত ৰাজামণয়ে লগতে জনায় যে কিছুসংখ্যক ডাছ কোম্পানীয়ে ভাৰতৰ যোগান শৃংখল সন্দৰ্ভত কেতবোৰ বিষয় উত্থাপন কৰিছে আৰু এইসমূহৰ আলোচনা চলি আছে । অনাগত দিনত তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনে ভাৰতীয়সকলক অধিক সুযোগ প্ৰদান কৰিব বুলিও ৰাজামণিয়ে সদৰী কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ প্ৰতি পক্ষপাতিত্ব কৰা বুলি অভিযোগ কৰি সংস্থাটোৰ পুঁজিলৈ আগবঢ়োৱা ধন কৰ্তন কৰাক লৈ ইউৰোপত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত ৰাষ্ট্ৰদূত ৰাজামণিয়ে কয় যে ইউৰোপৰ দেশসমূহে বিশ্বাস কৰে যে এয়া অতিমাৰীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ সময় নহয় । তেওঁ লগতে জনায় যে ভাৰতৰ দৰে ইউৰোপৰ দেশসমূহেও চীনৰ আক্ৰোশী মনোবৃত্তিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু মহাদেশখনৰ চৰকাৰসমূহে এই বিষয়ে নজৰ দি আছে ।

লেখক- স্মিতা শৰ্মা, নতুন দিল্লী

লগতে চাওকঃ ৰেড জ'নৰ পৰা মুক্ত বসুন্ধৰা এনক্লেভ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.