ETV Bharat / bharat

এগৰাকী 'বাহুবলী প্ৰধানমন্ত্ৰী'য়েও কৰ'ণা মহামাৰীৰ সৈতে মুখামুখি হ'ব নোৱাৰিলে: কপিল চিব্বাল

কোভিড-১৯ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছ নেতা কপিল চিব্বালৰ সমালোচনা । দেশৰ এগৰাকী 'বাহুবলী প্ৰধানমন্ত্ৰী' হৈও কোভিড-১৯ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিব নোৱাৰিলে । ইয়াৰ বিপৰীতে তেওঁ দেশক আৰু অধিক সংকটৰ মাজলৈহে ঠেলি দিছে ।

author img

By

Published : May 31, 2020, 8:53 PM IST

প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কপিল চিব্বালৰ

নেশ্যনেল ডেস্ক, ৩১ মে': মোদী ২.০ৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ এদিন পিছতেই কংগ্ৰেছ নেতা কপিল চিব্বালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে, এগৰাকী ‘বাহুবলী প্ৰধানমন্ত্ৰী’ হৈও তেওঁ কৰণা মহামাৰীৰ সৈতে যুঁজ দিব নোৱাৰিলে । ইয়াৰ বিপৰীতে দেশখনক তেওঁ অতি সংকটৰ মাজলৈহে লৈ গৈছে ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে পোনপটীয়াকৈ কেন্দ্ৰলৈ আঙুলিয়াই কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ'ণা মহামাৰীৰ বিৰুদ্ধে হোৱা উচিত সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ভাৰতবাসী আৰু অধিক বিপদৰ মুখলৈ গতি কৰিছে ।

ইয়াৰোপৰি তেওঁ কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে Unlawful Activities (Prevention) Actখন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কাৰ্যকৰী কৰাৰ কথা কৈছিল যদিও, ইয়াৰ ওলোটা স্বৰূপহে দেখিবলৈ পোৱা গৈছে । দেশত বাটে-ঘাটে পৰি থকাসকল চৰকাৰৰ উদাসীনতাৰ প্ৰমাণ, কিয়নো খাদ্য আৰু আৰ্থিক অভাৱৰ বাবে ইতিমধ্যে বহুলোকে আত্মহত্যা কৰিছে বুলি কপিল চিব্বালে মন্তব্য কৰে ।

তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে, মোৰ চকুৰ সন্মুখতে চীনে নেপালক নিজৰ ফলীয়া কৰি আছে, এই গতিৰোধৰ পৰা প্ৰধানমন্ত্ৰী অজ্ঞাত কিয় ? ৰাহুল গান্ধীয়ে পূৰ্বতে কোৱাৰ দৰে মোদীয়ে ইয়াৰ আঁৰৰ সত্য ছবিখন সকলোকে দেখুৱাই দিব লাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.