ETV Bharat / bharat

ক’ভিড-১৯ৰ সময়ত খাদ্য সুৰক্ষা

author img

By

Published : Apr 24, 2020, 12:28 PM IST

শেহতীয়াকৈ মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত হোৱা এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৯৬ শতাংশ আবদ্ধ শ্ৰমিকে তেওঁলোকে পাবলগীয়া ৰেচনৰ যোগান লাভ কৰা নাই । ৰাজ্য চৰকাৰে যে ৰন্ধা খাদ্য বিতৰণ কৰে এই বিষয়ে ইয়াৰে ৭০ শতাংশই অৱগত নহয় । ভাৰতৰ জনসংখ্যা দুই তৃতীয়াংশক খাদ্য সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যে পূৰ্বৰ সংযুক্ত প্ৰগতিশীল মৰ্চা চমুকৈ ইউ পি এ চৰকাৰে খাদ্য সুৰক্ষা আইনখন গৃহীত কৰিছিল ।

ক’ভিড-১৯ৰ সময়ত খাদ্য সুৰক্ষা
ক’ভিড-১৯ৰ সময়ত খাদ্য সুৰক্ষা

ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ নেতাসকলে দৰিদ্ৰতাৰ যমজ সন্তান ভোক আৰু ৰোগ দূৰ কৰিবলৈ বিচাৰিছিল । বিশ্ব স্বাস্থ্য সূচকাংকই চলোৱা সমীক্ষাত স্বাধীনতাৰ সাতটা দশকৰ পাছতো ভাৰতৰ স্থান ১১৭ খন দেশৰ ভিতৰত ১০২ । কোভিড-১৯ সংকটে কোটি কোটি প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু হাজিৰা কৰি খোৱা লোকক অনাহাৰে থাকিবলগীয়া অৱস্থাৰ সৃষ্টি কৰিছে । সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা দেশজোৰা লক ডাউন এইটো শ্ৰেণীৰ বাবে বিপদ স্বৰূপ হৈ পৰিছে । নিৰ্মাণ,উৎপাদন আৰু কৃষিকৰ্ম স্থবিৰ হৈ পৰাৰ ফলত এই লোকসকল কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ বলি হোৱাৰ পূৰ্বে অনাহাৰে থাকি মৃত্যুক সাবটিব বুলি শংকিত হৈ পৰিছে । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে কেন্দ্ৰই ৮১ কোটি জনসাধাৰণক খাদ্য সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিছে । হিতাধিকাৰীসকলে ছমাহৰ পৰিমাণ একেবাৰতে সংগ্ৰহ কৰাৰ উপায় আছে । জটিল পৰিস্থিতিত চৰকাৰে তেওঁলোকৰ প্ৰতিজনকে অতিৰিক্ত ২ কিলোকৈ ৰেচন প্ৰদান কৰাৰ বাবেও সাজু আছে । এই আঁচনি প্ৰশংসনীয় যদিও ইখন ৰাজ্যৰ পৰা সিখনলৈ প্ৰব্ৰজন কৰা ৰেচন কাৰ্ড প্ৰাপ্ত লোকসকলৰ কি হ’ব ? এক দেশ,এক ৰেচন কাৰ্ড আঁচনি আৰম্ভ কৰিবলৈ ওলোৱাৰ সময়তে আগজাননী নোহোৱাকৈয়ে কৰ’ণা ভাইৰাছে আক্ৰমণ কৰে আৰু দুখীয়া আৰু গৃহহীন লোকসকলৰ জীৱন বিপদাপন্ন কৰি তোলে । ইয়াৰ উপৰি ৰেচন কাৰ্ড নথকা লাখ লাখ দুখীয়া পৰিয়ালো আছে । সকলো অসহায় লোককে তেওঁলোকৰ নিজা ৰাজ্য বিচাৰ নকৰাকৈ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহ প্ৰস্তুত থকা উচিত ।

ENSURING FOOD SECURITY AMID COVID-19
খাদ্য সুৰক্ষা

শেহতীয়াকৈ মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত হোৱা এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৯৬ শতাংশ আবদ্ধ শ্ৰমিকে তেওঁলোকে পাবলগীয়া ৰেচনৰ যোগান লাভ কৰা নাই । ৰাজ্য চৰকাৰে যে ৰন্ধা খাদ্য বিতৰণ কৰে এই বিষয়ে ইয়াৰে ৭০ শতাংশই অৱগত নহয় । ভাৰতৰ জনসংখ্যা দুই তৃতীয়াংশক খাদ্য সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যে পূৰ্বৰ সংযুক্ত প্ৰগতিশীল মৰ্চা চমুকৈ ইউ পি এ চৰকাৰে খাদ্য সুৰক্ষা আইনখন গৃহীত কৰিছিল । ২০১১ চনৰ লোকপিয়ল অনুসৰি এই আঁচনিখনে দেশৰ ১২১ কোটি জনসাধাৰণৰ ৮০ কোটি লোককে উপকৃত কৰে । বৰ্তমান সময়ত ভাৰতৰ জনসংখ্যা ১৩৭ কোটি । ইয়াৰে ৬৭ শতাংশক (৯২ কোটি) ৰাজহুৱা বিতৰণ ব্যৱস্থাই সাঙুৰিব লাগে । মাত্ৰ ৮১ কোটি জনসাধাৰণৰহে ৰেচন কাৰ্ড আছে । ব্যৱস্থাটোত থকা আঁসোৱাহবোৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধাসমূহৰ পৰা প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰিছে ।কিন্তু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাৰ্যাৱলী মূল্যায়ন কৰিবলৈ এটা অতিমাৰী সঠিক সময় নহয় । এবছৰৰ বাবে ৫,০০,০০০ ৰেচন কেন্দ্ৰক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ৱেৰহাউছসমূহত পৰ্যাপ্ত পৰিমাণে খাদ্য মজুত আছে । ৰবি শস্যসমূহে শীঘ্ৰে বজাৰত প্ৰৱেশ কৰিব । এনে পৰিস্থিতিত উত্তৰ প্ৰদেশ, দিল্লী,কেৰালা,ৰাজস্থান,কৰ্ণাটক,পাঞ্জাৱ আদি ৰাজ্যই দৈনিক হাজিৰ কৰা আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিছে । সমান্তৰালভাৱে কেন্দ্ৰই ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড থকা-নথকা সকলো দুখীয়া লোককে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিছে । ৱেৰহাউছত যথেষ্ট পৰিমাণে খাদ্য সামগ্ৰী মজুত থকাৰ পাছতো খাদ্য শস্যসমূহ ৰাইজৰ মাজত লৈ যোৱাত ব্ৰিটিছ শাসকে প্ৰদান কৰা বাধাৰ ফলত ১৯৪৩ চনত বেংগলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল । তেনে দুখজনক ইতিহাসৰ পৰা শিক্ষা লাভ কৰি ক'ভিড-১৯ বিৰোধী সমজুৱা যুঁজখনত সকলোৰে খাদ্য সুৰক্ষা আমি নিশ্চিত কৰাটো অতিকৈ দৰকাৰ ।

লগতে চাওকঃ অসমত আৰম্ভ কৰা হ’ল ৰেপিড টেষ্ট : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.