ETV Bharat / bharat

লকডাউনৰ নিৰ্দেশাৱলী কঠোৰভাৱে সুনিশ্চিত কৰক : গৃহ সচিব

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গৃৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ ৷ লকডাউনৰ সকলোবোৰ নিৰ্দেশনা কঠোৰভাৱে জাৰি কৰিবলৈ নিৰ্দেশ ৷

author img

By

Published : Apr 15, 2020, 10:02 PM IST

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গৃৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ
গৃহ মন্ত্ৰণালয়

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : লকডাউনৰ সকলোবোৰ নিৰ্দেশনা কঠোৰভাৱে জাৰি কৰিবলৈ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ COVID-19 প্ৰতিৰোধৰ বাবে ঘোষণা কৰা এই নিৰ্দেশনা মানি চলিবলৈ অপাৰগ হ'লে 20 এপ্ৰিলত ঘোষণা কৰিবলগা শিথিলতাতো ইয়াৰ প্ৰভাৱ পৰিব বুলি সকীয়াই দিয়ে গৃহ মন্ত্ৰণালয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰাৰ এদিন পাচতে বুধবাৰে গৃহ মন্ত্ৰণালয়ে এই নিৰ্দেশনা জাৰি কৰে ৷

কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই সকলো ৰাজ্যৰে মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনলৈ এক পত্ৰ প্ৰেৰণ কৰি সংশোধিত নিৰ্দেশাৱলীৰ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ভল্লাই তেওঁৰ নিৰ্দেশত কয়, "লকডাউনৰ যিকোনো এটা নিয়ম উলংঘা কৰিলেই এই সংশোধিত নিৰ্দেশাৱলীৰ অধীনত উল্লেখিত কাৰ্যসমূহ তৎক্ষণাত বাতিল কৰা হ'ব ৷ সেয়েহে চৰকাৰী, ব্যক্তিগত খণ্ড আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰা লোকসকলে এই নিৰ্দেশনা মানি চলিব লাগিব ৷"

এই নতুন নিৰ্দেশনা অনুসৰি, 20 এপ্ৰিলৰ পৰা জনসাধাৰণৰ সুবিধা হোৱাকৈ লকডাউনৰ সময়ছোৱাতো কিছুমান কাৰ্যকলাপত শিথিলতা প্ৰদান কৰা হ'ব ৷

ভল্লাই কয়, "এই শিথিলতা কাৰ্যকৰী হোৱাৰ পূৰ্বে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, জিলা প্ৰশাসনে সকলোবোৰ প্ৰস্তুতি সম্পৰ্কত নিশ্চিত হ'ব লাগিব ৷ কাৰ্যালয়, উদ্যোগ আৰু অন্যান্য ব্য়স্ত ঠাইত সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.