ETV Bharat / bharat

কোভিডৰ প্ৰট'কল মতে পৰীক্ষাৰ বাবে যথেষ্ট সময় থকা বুলি আদালতক ক'লে ইউজিচিয়ে - পৰীক্ষা পতাৰ

কোভিডৰ প্ৰট'কল অনুসৰি বিশ্ববিদ্যালয়সমূহত চুড়ান্ত পৰীক্ষা অনুস্থিত কৰিবৰ বাবে যথেষ্ট সময় হাতত থকা বুলি কৈ বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰিলে এই তথ্য ।

Enough time to conduct exams as per COVID protocols: UGC tells SC
ক'ভিডৰ প্ৰট'কল মতে পৰীক্ষাৰ বাবে যথেষ্ট সময় থকা বুলি আদালতক কলে ইউজিচিয়ে
author img

By

Published : Aug 14, 2020, 2:32 AM IST

নিউজ ডেস্ক,১৩আগষ্ট: বৃহস্পতিবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) উচ্চত্বম ন্যায়ালয়ক জনালে যে, বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা পৰিচালনাৰ বিষয়টোত ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই বুলি মহাৰাষ্ট্ৰ আৰু দিল্লী চৰকাৰে কোৱাটো সম্পূৰ্ণ ভূল তথ্য ।

চলিত বৰ্ষত চেমিষ্টাৰ / বাৰ্ষিক পৰীক্ষা অনুস্থিত কৰাৰ ক্ষেত্ৰত অলপতে দিয়া এটা নিৰ্দেশনা সম্বন্ধীয় বিষয়ক লৈ কৰা প্ৰশ্নৰ প্ৰসংগত বিশ্ববিদ্যালয় অনুদান আয়োগে শীৰ্ষ আদালতক দাখিল কৰিলে উত্তৰ সমূহ ।

এটি যুক্তিৰে কোভিড-১৯ৰ প্ৰট'কল অনুসৰি বিশ্ববিদ্যালয় সমূহত চূড়ান্ত পৰীক্ষা অনুস্থিত কৰিবৰ বাবে যথেষ্ট সময় হাতত থকা বুলি বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চতম ন্যায়ালয়ক জনালে এই তথ্য ।

ইউজিচিয়ে এই কথাও উল্লেখ কৰিলে যে, শৈক্ষিক প্ৰতিস্থান সমূহত অনলাইন, অফলাইন অথবা মিশ্ৰিত (অনলাইন + অফলাইন)ৰ দৰে পদ্ধতিৰেওঁ পৰীক্ষা পতাৰ বিকল্প উপায় দিয়া হৈছে ।

ইয়াৰ পূৰ্বে ১০ আগষ্টত দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰে মহাবিদ্যালয় সমূহৰ পৰীক্ষা বাতিল কৰিবৰ বাবে দিয়া আবেদনৰ উত্তৰত ইউজিচিয়ে শীৰ্ষ আদালতক জনালে যে, ৰাজ্য দুখনে ইউজিচিৰ নিয়মৰ বিপৰিতে গৈছে ।

ইউজিচিৰ পক্ষত থাকি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শীৰ্ষ আদালতক জনালে যে, পৰীক্ষাৰ আয়োজন নকৰাটো শিক্ষাৰ্থী সকলৰ হিতৰ পৰিপন্থী হ'ব আৰু পৰীক্ষা অবিহনে ডিগ্ৰীৰ সন্মান দিয়াটোও অসম্ভৱ হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.