ETV Bharat / bharat

অভিযন্তাৰ চাকৰি হেৰুওৱাৰ পাচত চাহৰ দোকানেৰে অধিক আয় যুৱকৰ

author img

By

Published : Nov 1, 2020, 10:47 PM IST

কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱে কঢ়িয়াই আনিছে আৰ্থিক মন্দাৱস্থা ৷ যাৰ ফলত বহু লোকে হেৰুৱাৰলগীয়া হৈছে তেওঁলোকৰ কৰ্ম সংস্থাপন ৷ কিন্তু কৰ্ম সংস্থাপন হেৰুওৱাৰ পাচতো আন এক কামেৰে সফল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৱাশ্বিমৰ এগৰাকী দক্ষ মেকানিকেল ইঞ্জিনিয়াৰ ৷ চাওক এই প্ৰতিবেদন...

অভিযন্তাৰ চাকৰি হেৰুওৱাৰ পাচত চাহৰ দোকানেৰে অধিক আয় যুৱকৰ
অভিযন্তাৰ চাকৰি হেৰুওৱাৰ পাচত চাহৰ দোকানেৰে অধিক আয় যুৱকৰ

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : COVID-19 মহামাৰীৰ ফলত ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে অৰ্থনীতি ৷ অৰ্থ ব্যৱস্থাক বহুভাৱে প্ৰভাৱিত কৰিছে এই মহামাৰীৰ সংক্ৰমণে ৷ ভাৰতৰ নৱ প্ৰজন্ম, যিসকলে উচ্চ শিক্ষাৰ বাবে ব্যাপক পৰিমাণ বিনিয়োগ কৰিছিল তেওঁলোকেও বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

মহাৰাষ্ট্ৰৰ ৱাশ্বিমৰ এগৰাকী দক্ষ মেকানিকেল ইঞ্জিনিয়াৰ কাহিনী, যিয়ে বৰ্তমান এখন চাহৰ দোকানৰ জৰিয়তে তেওঁৰ চাকৰিতকৈয়ো অধিক টকা উপাৰ্জন কৰিছে ৷ ই দেশৰ নিবনুৱা সকলৰ এক গভীৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে ৷

সাৰাং ৰাজগুৰে, এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰে পুণেত থকা সময়ত COVID-19 ৰ বাবে তেওঁৰ চাকৰি হেৰুৱাইছিল ৷ যাৰ বাবে তেওঁ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে তেওঁৰ গাঁও কাৰাঞ্জাত এখন চাহৰ দোকান দিয়ে ৷

তেওঁৰ পিতৃ মহাৰাষ্ট্ৰ চৰকাৰৰ পথ পৰিবহণ নিগমৰ এগৰাকী কৰ্মচাৰী, যিয়ে COVID-19 ৰ প্ৰাদুৰ্ভাৱৰ পাচৰ পৰাই দৰমহা পোৱা নাছিল ৷ যিহেতু মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে বাছসমূহ চলাচল কৰা নাছিল ৷ যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা খুবেই শোচনীয় হৈ পৰিছিল ৷

সাৰঙে কাম কৰি থকাৰ সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও কোচিং ক্লাছত নামভৰ্তি কৰিছে ৷ নিজৰ গাঁৱলৈ ঘূৰি অহাৰ পাচত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়া-শুনা কৰি যোৱাৰ পৰিকল্পনা কৰিছিল ৷ তাৰ পাচতে মহামাৰীৰ বাবে শ্ৰেণীসমূহ স্থগিত হোৱাত ই আন এক সমস্যাৰ সৃষ্টি কৰিছিল ৷ কিন্তু সম্প্ৰতি সাৰং তেওঁৰ পৰিৱৰ্তনৰ সৈতে যথেষ্ট আনন্দিত ৷

"পুণেত থাকি 12 ঘণ্টা অবিৰাম কষ্ট কৰাৰ পাচতো মই কেৱল 15,000 টকাহে দৰমহা পাইছিলো ৷ ইয়াত থাকি মই মোৰ কৰ্মচাৰীসকলক দৰমহা দিয়াৰ পাচতো মাহত 20,000 ৰো অধিক আয় কৰিব পাৰিছো" বুলি উল্লেখ কৰে সাৰঙে ৷

লগতে পঢ়ক: কোনে কৈছে যে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি : চিদাম্বৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.