নিউজ ডেস্ক, ১ জুলাইঃ এইবাৰ জম্মু-কাশ্মীৰৰ বিলালাবাদ অঞ্চলত সংঘটি গুলীবৰ্ষণৰ ঘটনা । মঙলবাৰে পুনৰ আৰক্ষী আৰু সেনা বাহিনীৰ অভিযানতে সন্ত্ৰাসবাদীৰ সৈতে গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে জম্মু আৰক্ষীয়ে । মঙলবাৰৰ সংঘটিত হোৱা এই সংঘৰ্ষত কমেও দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
জম্মু আৰক্ষীৰ ভাষ্য অনুসৰি, জম্মুৰ অবন্তিপুৰত আৰক্ষীয়ে আৰম্ভ কৰা অভিযানৰ সময়তে সংঘটিত হয় গুলীবৰ্ষণৰ ঘটনা । এই অভিযানত অৱন্তিপুৰ আৰক্ষীৰ সৈতে স্থানীয় সেনা বাহিনীৰ এটা দলো উপস্থিত থকা বুলি উল্লেখ কৰে । তাৰোপৰি বিগত ২৪ ঘণ্টাত দ্বিতীয়টো আৰু বিগত ৪৮ ঘণ্টাত তৃতীয়টো গুলীবৰ্ষণৰ ঘটনা বুলিও জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া দিলবাগ সিঙে ।
আনহাতে, ইয়াৰ ৩ দিন পূৰ্বে আৰক্ষী আৰক্ষী আৰু সেনা বাহিনীয়ে চলোৱা যৌথ অভিযানত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন চিআৰপিএফ জোৱান আৰু এটা শিশুক হত্যা কৰাৰ অভিযোগত দুজনকৈ সন্ত্ৰাসবাদীক ঘটনাস্থলীতে গুলীয়াই বুলিও সদৰি কৰে জম্মু আৰক্ষীয়ে ।
লগতে চাওকঃ পাঁচ মাহৰ অন্তঃসত্বা কিশোৰীক গৰ্ভপাত কৰাৰ অপচেষ্টা