নিউজ ডেস্ক, ১৭ জুনঃ পশ্চিম বংগৰ আলীপুৰদুৱাৰ জিলাত মংগলবাৰে বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হয়। জিলাখনৰ কাঞ্চিবাজাৰ অঞ্চলত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় হাতীটোৰ । এগৰাকী বন বিষয়াই উল্লেখ কৰে এই কথা।

উক্ত অঞ্চললৈ আহোতে হঠাতে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ৪০ বছৰীয়া মতা হাতীটোৰ মৃত্যু হয় বুলি বন বিভাগে উল্লেখ কৰে। ইতিমধ্যে,এনেদৰে মুক্তভাৱে বৈদ্যুতিক তাঁৰ পেলাই থোৱাৰ অপৰাধত মাটিডোখৰৰ মালিকক আটক কৰে আৰক্ষীয়ে। লগতে,মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বন বিভাগে।

উল্লেখ্য যে,বোমা ভৰোৱা আনাৰস খাই কেৰালাত এটা গৰ্ভৱতী হাতীৰ মৃত্যুৰ হোৱা খবৰ মাৰ নৌযাওতেই দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰণত মৃত্যু হৈছে আন কেইবাটাও হাতীৰ।
লগতে চাওকঃ কলিয়াবৰত মুক্ত বিচৰণ বন্যহস্তীৰ