ETV Bharat / bharat

একতা কাপুৰৰ ত্ৰিপল এক্স-২ পৰা গুচাই দিয়া হ'ল বিতৰ্কিত দৃশ্য় - একতা কাপুৰ

ৱেব ছিৰিজ ত্ৰিপল এক্স-২ ৰ অন্তৰ্ভুক্ত বিতৰ্কিত দৃশ্য় গুচাই দিলে পৰিচালিকা তথা নিৰ্মাতা একতা কাপুৰে । ৱেব ছিৰিজ খনৰ এটা দৃশ্যৰ বাবেই নিৰ্মাতা গৰাকীৰ বিৰুদ্ধে বহু কেইটা গোচৰ ৰুজু হোৱা পাচতে ছিৰিজখনৰ পৰা গুচাই দিয়া হয় দৃশ্যটো ।

ত্ৰিপল এক্স-২
একতা কাপুৰৰ ত্ৰিপল এক্স-২ পৰা গুচাই দিয়া হ'ল বিতৰ্কিত দৃশ্য়
author img

By

Published : Jun 7, 2020, 8:04 AM IST

নিউজ ডেস্ক, ৭ জুনঃ একতা কাপুৰৰ ৱেব ছিৰিজ ত্ৰিপল এক্স-২ ৰ অন্তৰ্ভুক্ত বিতৰ্কিত দৃশ্য গুচাই দিয়া হৈছে । গুৰুগ্ৰাম পালম বিহাৰ আৰক্ষী ষ্টেছনত এজন আৰক্ষীৰ অভিযোগ আৰু মধ্য প্ৰদেশৰ ইন্দোৰত পৰিচালক গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাচতে ৱেব ছিৰিজখনৰ পৰা দৃশ্যটো গুচাই দিয়ে ।

উল্লেখ্য যে, ৱেব ছিৰিজখনত এজন সেনা অধিকাৰীৰ পত্নীক অবৈধ সম্পৰ্ক ৰক্ষা কৰা দেখুওৱা হৈছে । যাৰ পৰিপ্ৰেক্ষিততেই সেনা জোৱান গৰাকীয়ে তেখেতৰ ইউনিফৰ্মজোৰ ফালি পেলোৱা এটি দৃশ্য ৱেব ছিৰিজখনত পৰিলক্ষিত হয় । এই দৃশ্যৰ বাবেই সেনা বাহিনীক অপমান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে বহু সংখ্যক লোকে ।

ত্ৰিপল এক্স-২
একতা কাপুৰৰ ত্ৰিপল এক্স-২ পৰা গুচাই দিয়া হ'ল বিতৰ্কিত দৃশ্য়

এজন নাগৰিক হিচাপে আমি ভাৰতীয় সেনাক গভীৰ শ্ৰদ্ধা কৰো । আমাৰ সুৰক্ষাৰ বাবে সেনা জোৱানসকলৰ যোগদান উল্লেখনীয় । যাৰ বাবে আমি পূৰ্বৰ পৰাই এই দৃশ্য গুচাই দিবলৈ দাবী জনাইছিলো বুলিও এজন আৰক্ষী বিষয়াই মন্তব্য কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.