ETV Bharat / bharat

সংস্থাপনৰ সৈতে সংহত হওক শিক্ষা

ক্ষীপ্ৰতাৰে বৃদ্ধি পাবলৈ ধৰা এখন অৰ্থনীতিত উপযুক্ত মানৱ সম্পদৰ ইক'চিষ্টেম গঢ়ি তুলিবলৈ বৰ্তমানে আৰু ভৱিষ্যতৰ সকলো প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ শিক্ষাৰ সৈতে সংস্থাপন সংহত হোৱাক লৈ Etv Bharat অসমৰ এক প্ৰতিবেদন ৷

author img

By

Published : Nov 19, 2019, 7:52 PM IST

সংস্থাপনৰ সৈতে সংহত হওঁক শিক্ষা

আজিৰ প্ৰতিযোগিতামূলক বিশ্বত প্ৰযুক্তিগত জ্ঞান আৰু কৌশলে এজন ব্যক্তিৰ কেৰিয়াৰ নিৰ্বাচন কৰাত বহুখিনি ভূমিকা পালন কৰি আহিছে ৷ আজিৰ দিনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ ভিতৰত অন্যতম হৈছে যুৱপ্ৰজন্মক ক্ষীপ্ৰতাৰে বৃদ্ধি পাবলৈ লোৱা অৰ্থনীতিত বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সফল মানৱ সম্পদ হিচাপে গঢ়ি তোলা ৷

বিশেষজ্ঞসকলৰ মতে, আজিৰ দিনত 90 শতাংশ শিক্ষিত যুৱপ্ৰজন্মৰ মাজত সংস্থাপনৰ সৈতে জড়িত কৌশলসমূহৰ অভাৱ, যিটো বৰ্তমান আৰু ভৱিষ্যতৰ সেৱাখণ্ডৰ বাবে অতিকে প্ৰয়োজনীয় ৷ এই গম্ভীৰ পৰিস্থিতি অৱসান ঘটাবলৈ, চৰকাৰে হাইস্কুলৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মৰ মাজত কৌশল বিকশিত কৰি তুলিবলৈ বিশেষ বিষয়ৰ অন্তৰ্ভুক্তিৰ বাবে 20,000 কোটি টকাৰ কথা কৈছে ৷ দৰাচলতে, 2015 চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰৰ ‘Naipunya Bharat’ আঁচনিৰ দ্বাৰা দেশৰ দৰিদ্ৰতা দূৰীকৰণত মূল বিষয় হিচাপে পৰিগণিত হ'ব পাৰে ৷ 2009 চনৰ পৰাই এইটো ধাৰণা কৰা হৈছিল যে, 2020 চনলৈ দেশৰ 40 কোটি মানৱ সম্পদ কৌশলী হিচাপে সাজু হৈ উঠিব ৷ 2016 চনতে এই আঁচনিয়ে এটা গঠন লাভ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত প্ৰদান কৰা বিজ্ঞপ্তিত, 2019 চনলৈ প্ৰায় 52 লাখ ভাৰতীয় নাগৰিকে কৌশলগত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ মাজৰ 12.60 (24%) লাখে সংস্থাপন লাভ কৰিছে ৷

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ সম্পদৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰসমূহক সহযোগী কৰি সকলো আঁচনিকে ৰাজ্যসমূহৰ বিভিন্ন বিভাগৰ মাজত সংহত কৰি তোলাৰ প্ৰস্তাৱ উত্থাপন কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এই কাৰ্যক্ৰমে সঠিক সময় আৰু স্থান লাভ কৰিলেই চীনৰ ৰণকৌশলৰ দৰে ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিকাশ সম্ভৱ হ'ব ৷ ভাৰতৰ প্ৰতিৱেশী চীনে গ্ৰহণ কৰা ‘9-year Integrated Education’ নীতিয়ে বিশেষ কৌশল বিকাশ অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে যিয়ে, শিক্ষাৰ শেষৰ তিনিটা বছৰ সাঙুৰি লয় ৷ যাৰ বাবে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ এগৰাকী কৌশলগত জ্ঞানপুষ্ট সম্পদ হিচাপে চিহ্নিত হোৱাৰ লগতে শিক্ষাগত অৰ্হতাও অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়ে মানৱ সম্পদসমূহক উদ্যোগ, বজাৰ আৰু কৰ্মস্থলীত অন্তৰ্ভুক্ত কৰি চীনৰ অৰ্থনৈতিক স্থিতি সৱল কৰি তুলিবলৈ সক্ষম হৈছে ৷

এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি, দক্ষিণ কোৰিয়া, জাৰ্মানী আৰু ইংলেণ্ডে ক্ৰমে 96 শতাংশ, 75 শতাংশ আৰু 68 শতাংশ মানৱ সম্পদক কৌশলপূৰ্ণ আৰু সংস্থাপনৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ আনহাতে দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ ক্ষেত্ৰত এই স্থিতি মাত্ৰ 5 শতাংশ ৷ ইউনিচেফৰ এক সমীক্ষা অনুসৰি, 2030 চনৰ ভিতৰত ভাৰতত 96 কোটি জনসংখ্যা কৰ্মশক্তিলৈ ৰূপান্তৰিত হ'ব ৷ সমীক্ষাটোত লগতে কোৱা হয় যে, ভাৰতত 31 কোটি মানৱ সম্পদ শিক্ষাগতভাৱে সক্ষম হোৱাৰ লগতে কৌশলগত আৰু কৰ্মসংস্থাপনৰ বাবে ইয়াৰ আধাসংখ্যক (প্ৰায় 15 কোটি) সাজু হৈ উঠিব ৷ কৌশল বিকাশ আৰু পেছাদাৰী প্ৰতিভাৰ ক্ষেত্ৰত বিশ্বৰ 63 খন দেশৰ ভিতৰত 53 সংখ্যক স্থানত আছে ভাৰত ৷ আন এক সমীক্ষা অনুসৰি, ভাৰতৰ 70 শতাংশ জনসাধাৰণে চৰকাৰে প্ৰণয়ন কৰা কৌশলী বিকাশ আঁচনিৰ বিষয়ে এতিয়াও জ্ঞাত নহয় ৷ এয়া আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এটা চিন্তনীয় বিষয় ৷ এনেকুৱা সময়ত আমাৰ সকলোৰে বাবে অৰ্থনৈতিকভাৱে এটা সন্মানীয় জীৱন উদযাপন কৰাৰ বিষয়ে সকলোকে সজাগ কৰি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে ৷

এইটো প্ৰয়োজনীয় যে, কেৰিয়াৰ গঠন কৰিবলৈ উদ্যোগ আৰু সংস্থাপনৰ ক্ষেত্ৰখন এনেকুৱা বিভিন্ন আঁচনিৰে সংহত কৰি তোলা হওক যাতে ছাত্ৰ অৱস্থাৰ পৰাই পেছাগত আৰু কৌশলগত মানৱ সম্পদে গঢ় লৈ উঠে ৷ ৰাষ্ট্ৰসংঘই বহুপূৰ্বেই কৈছিল যে, যুৱপ্ৰজন্মক বিভিন্ন কৌশলী বিকাশ আৰু পেছাগত বিষয়ৰ সৈতে চিনাকী কৰাই দি এটা সন্মানীয় জীৱন উদযাপন কৰাৰ বাবে তৈয়াৰ কৰিব লাগে ৷ দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ ক্ষেত্ৰত এয়া এক দূৰৱৰ্তী সপোনহে মাত্ৰ ৷ আজিৰ দিনত আমি যি অধ্যয়ন কৰো সেয়া কৰ্মক্ষেত্ৰত প্ৰতিফলিত হোৱা দেখা নাযায় ৷ আমাৰ শিক্ষাৰ্থীসকলে অৰ্জন কৰা শিক্ষাগত অৰ্হতা কৰ্মক্ষেত্ৰৰ বাবে উপযুক্ত বুলি বিবেচিত নহয়, চাকৰি এটা কৰিবৰ বাবে প্ৰয়োজনীয় কৌশল লাভ নকৰাৰ বাবেই এয়া দেখিবলৈ পোৱা যায় ৷

উদ্যোগপতি/বিনিয়োগকাৰী আৰু নিবনুৱা যুৱপ্ৰজন্মৰ মাজত এটা বৃহৎ কৌশল-প্ৰয়োজনীয় ব্যৱধান সৃষ্টি কৰিছে যিটো প্ৰতিদিনে বৃদ্ধি পাই আহিছে ৷ তথ্য অনুসৰি, 70 শতাংশ নিয়োগকাৰীয়ে কৌশলী/পেছাগত কৰ্মী বিচাৰে, 58 শতাংশই শৈক্ষিক অৰ্হতাপূৰ্ণ কৰ্মী বিচাৰে, যাৰ বিপৰীতে 62 শতাংশ ডিগ্ৰীধাৰীয়ে আত্মসংস্থাপনৰ বাবে যুঁজি থাকে ৷

বনজুইৰ দৰে বিয়পি পৰা আত্মসংস্থাপনহীনতাৰ বাবেই স্নাতকোত্তৰ উত্তীৰ্ণ আৰু পিএইচডি ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই অতি কম পৰিমাণৰ দৰমহাৰে দশম আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ স্তৰৰ চাকৰি কৰিবলৈ বাধ্য হয় ৷

ইন্টাৰনেশ্বনেল ডাটা মেনেজমেন্ট কোম্পানীৰ প্ৰধান মিছ গিন্নী ৰোমেট্টিৰ মতে, " এগৰাকী কৰ্মচাৰী শিক্ষাগতভাৱে অৰ্হতাপূৰ্ণ হোৱাৰ বিপৰীতে পেছাগতভাৱে বিকশিত হোৱাটো অতিকে গুৰুত্বপূৰ্ণ ৷" তথ্য আৰু জ্ঞানৰ ডিজিটেল সংস্কৰণৰ প্ৰতিযোগিতাপূৰ্ণ বিশ্বত আজিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তা, ডাটা অনালাইটিকছ, ব্লক চেইন, ৰবোটিক অটোমেশ্বন, চাইবাৰ চিকিউৰিটী আদি খণ্ডই এগৰাকী ব্যক্তিক এটা ভাল চাকৰি লাভ কৰাত উল্লেখনীয় ভূমিকা পালন কৰিব ৷

এইটো অতিকে প্ৰয়োজনীয় যে, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণৰ দ্বাৰা ওপৰত উল্লেখিত বিষয়সমূহ অন্তৰ্ভূক্ত কৰিলে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰতিযোগিতাপূৰ্ণ পৃথিৱীখনত আত্মবিশ্বাসৰ সৈতে সন্মূখীন হোৱাত সহায় কৰিব ৷ যেতিয়া চৰকাৰে জাৰ্মানী, নৰৱে', ফিনলেণ্ড আৰু অন্যান্য দেশসমূহৰ দৰে শীঘ্ৰেই এক স্বেচ্ছামূলক অংশগ্ৰহণেৰে যুৱপ্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব, তেতিয়াই ভাৰতৰ যুৱপ্ৰজন্মই উচ্চ কৌশলসম্পন্ন শক্তিৰে সমগ্ৰ বিশ্বৰ আগত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব ৷

Intro:Body:

সংস্থাপনৰ সৈতে সংহত হওঁক শিক্ষা 

ক্ষীপ্ৰতাৰে বৃদ্ধি পাবলৈ ধৰা এখন অৰ্থনীতিত উপযুক্ত মানৱ সম্পদৰ ইকোচিষ্টেম গঢ়ি তুলিবলৈ হ'লে বৰ্তমানে আৰু ভৱিষ্যতৰ সকলো প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ শিক্ষাৰ সৈতে সংস্থাপন সংহত হোৱাক লৈ Etv Bharat অসমৰ এক প্ৰতিবেদন ৷ 

আজিৰ প্ৰতিযোগিতামুলক বিশ্বত প্ৰযুক্তিগত জ্ঞান আৰু কৌশলে এজনৰ কেৰিয়াৰ নিৰ্বাচন কৰাত বহুখিনি ভূমিকা পালন কৰি আহিছে ৷ আজিৰ দিনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ ভিতৰত অন্যতম হৈছে যুৱপ্ৰজন্মক ক্ষীপ্ৰতাৰে বৃদ্ধি পাবলৈ লোৱা অৰ্থনীতিত বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সফল মানৱ সম্পদ হিচাপে গঢ়ি তোলা ৷ 

বিশেষজ্ঞসকলৰ মতে, আজিৰ দিনত 90 শতাংশ শিক্ষিত যুৱপ্ৰজন্মৰ মাজত সংস্থাপনৰ সৈতে জড়িত কৌশলসমূহৰ অভাৱ, যিটো বৰ্তমান আৰু ভৱিষ্যতৰ সেৱাখণ্ডৰ বাবে অতিকে প্ৰয়োজনীয় ৷ এই গম্ভীৰ পৰিস্থিতি অৱসান ঘটাবলৈ, চৰকাৰে হাইস্কুলৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মৰ মাজত কৌশল বিকশিত কৰি তুলিবলৈ বিশেষ বিষয়ৰ অন্তৰ্ভুক্তিৰ বাবে 20,000 কোটি টকাৰ কথা কৈছে ৷ দৰাচলতে, 2015 চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰৰ ‘Naipunya Bharat’ আঁচনিৰ দ্বাৰা দেশৰ দৰিদ্ৰতা দুৰীকৰণত মুল বিষয় হিচাপে পৰিগণিত হ'ব পাৰে ৷ 2009 চনৰ পৰাই এইটো ধাৰণা কৰা হৈছিল যে, 2020 চনলৈ দেশৰ 40 কোটি মানৱ সম্পদ কৌশলী হিচাপে সাজু হৈ উঠিব ৷ 2016 চনতে এই আঁচনিয়ে এটা গঠন লাভ কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত প্ৰদান কৰা বিজ্ঞপ্তিত, 2019 চনলৈ প্ৰায় 52 লাখ ভাৰতীয় নাগৰিকে কৌশলগত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ মাজৰ 12.60 (24%) লাখে সংস্থাপন লাভ কৰিছে ৷ 

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ সম্পদৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰসমূহক সহযোগী কৰি সকলো আঁচনিকে ৰাজ্যসমূহৰ বিভিন্ন বিভাগৰ মাজত সংহত কৰি তোলাৰ প্ৰস্তাৱ উত্থাপন কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এই কাৰ্যক্ৰমে সঠিক সময় আৰু স্থান লাভ কৰিলেই চীনৰ ৰণকৌশলৰ দৰে ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিকাশ সম্ভৱ হ'ব ৷ ভাৰতৰ প্ৰতিৱেশী চীনে গ্ৰহণ কৰা ‘9-year Integrated Education’ নীতিয়ে বিশেষ কৌশল বিকাশ অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে যিয়ে, শিক্ষাৰ শেষৰ তিনিটা বছৰ সাঙুৰি লয় ৷ যাৰ বাবে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ এগৰাকী কৌশলগত জ্ঞানপুষ্ট সম্পদ হিচাপে চিহ্নিত হোৱাৰ লগতে শিক্ষাগত অৰ্হতাও অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়ে মানৱ সম্পদসমূহক উদ্যোগ, বজাৰ আৰু কৰ্মস্থলীত অন্তৰ্ভুক্ত কৰি চীনৰ অৰ্থনৈতিক স্থিতি সৱল কৰি তুলিবলৈ সক্ষম হৈছে ৷ 

এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি, দক্ষিণ কোৰিয়া, জাৰ্মানী আৰু ইংলেণ্ডে ক্ৰমে 96 শতাংশ, 75 শতাংশ আৰু 68 শতাংশ মানৱ সম্পদক কৌশলপূৰ্ণ আৰু সংস্থাপনৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ আনহাতে দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ ক্ষেত্ৰত এই স্থিতি মাত্ৰ 5 শতাংশ ৷ ইউনিচেফৰ এক সমীক্ষা অনুসৰি, 2030 চনৰ ভিতৰত ভাৰতত 96 কোটি জনসংখ্যা কৰ্মশক্তিলৈ ৰূপান্তৰিত হ'ব ৷ সমীক্ষাটোত লগতে কোৱা হয় যে, ভাৰতত 31 কোটি মানৱ সম্পদ শিক্ষাগতভাৱে সক্ষম হোৱাৰ লগতে কৌশলগত আৰু কৰ্মসংস্থাপনৰ বাবে ইয়াৰ আধাসংখ্যক (প্ৰায় 15 কোটি) সাজু হৈ উঠিব ৷ কৌশল বিকাশ আৰু পেছাদাৰী প্ৰতিভাৰ ক্ষেত্ৰত বিশ্বৰ 63 খন দেশৰ ভিতৰত 53 সংখ্যক স্থানত আছে ভাৰত ৷ আন এক সমীক্ষা অনুসৰি, ভাৰতৰ 70 শতাংশ জনসাধাৰণে চৰকাৰে প্ৰনয়ন কৰা কৌশলী বিকাশ আঁচনিৰ বিষয়ে এতিয়াও জ্ঞাত নহয় ৷ এয়া আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এটা চিন্তনীয় বিষয় ৷ এনেকুৱা সময়ত আমাৰ সকলোৰে বাবে অৰ্থনৈতিকভাৱে এটা সন্মানীয় জীৱন উদযাপন কৰাৰ বিষয়ে সকলোকে সজাগ কৰি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ 

এইটো প্ৰয়োজনীয় যে, কেৰিয়াৰ গঠন কৰিবলৈ উদ্যোগ আৰু সংস্থাপনৰ ক্ষেত্ৰখন এনেকুৱা বিভিন্ন আঁচনিৰে সংহত কৰি তোলা হওঁক যাতে ছাত্ৰ অৱস্থাৰ পৰাই পেছাগত আৰু কৌশলগত মানৱ সম্পদে গঢ় লৈ উঠে ৷ ৰাষ্ট্ৰসংঘই বহুপূৰ্বেই কৈছিল যে, যুৱপ্ৰজন্মক বিভিন্ন কৌশলী বিকাশ আৰু পেছাগত বিষয়ৰ সৈতে চিনাকী কৰাই দি এটা সন্মানীয় জীৱন উদযাপন কৰাৰ বাবে তৈয়াৰ কৰিব লাগে ৷ দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ ক্ষেত্ৰত এয়া এক দুৰৱৰ্তী সপোনহে মাত্ৰ ৷ আজিৰ দিনত আমি যি অধ্যয়ন কৰো সেয়া কৰ্মক্ষেত্ৰত প্ৰতিফলিত হোৱা দেখা নাযায় ৷ আমাৰ শিক্ষাৰ্থীসকলে অৰ্জন কৰা শিক্ষাগত অৰ্হতা কৰ্মক্ষেত্ৰৰ বাবে উপযুক্ত বুলি বিবেচিত নহয়, চাকৰি এটা কৰিবৰ বাবে প্ৰয়োজনীয় কৌশল লাভ নকৰাৰ বাবেই এয়া দেখিবলৈ পোৱা যায় ৷ 

উদ্যোগপতি/নিয়োগকাৰী আৰু নিবনুৱা যুৱপ্ৰজন্মৰ মাজত এটা বৃহৎ কৌশল-প্ৰয়োজনীয় ফাঁকৰ সৃষ্টি কৰিছে যিটো প্ৰতিদিনে বৃদ্ধি পাই আহিছে ৷ তথ্য অনুসৰি, 70 শতাংশ নিয়োগকাৰীয়ে কৌশলী/পেছাগত কৰ্মী বিচাৰে, 58 শতাংশই শৈক্ষিক অৰ্হতাপূৰ্ণ কৰ্মী বিচাৰে, যাৰ বিপৰীতে 62 শতাংশ ডিগ্ৰীধাৰীয়ে আত্মসংস্থাপনৰ বাবে যুঁজি থাকে ৷ 

বনজুইৰ দৰে বিয়পি পৰা আত্মসংস্থাপনহীনতাৰ বাবেই স্নাতকোত্তৰ উত্তীৰ্ণ আৰু পিএইচডি ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই অতি কম পৰিমাণৰ দৰমহাৰে দশম আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ স্তৰৰ চাকৰি কৰিবলৈ বাধ্য হয় ৷ 

ইন্টাৰনেশ্বনেল ডাটা মেনেজমেন্ট কোম্পানীৰ প্ৰধান মিছ গিন্নী ৰোমেট্টিৰ মতে, " এগৰাকী কৰ্মচাৰী শিক্ষাগতভাৱে অৰ্হতাপূৰ্ণ হোৱাৰ বিপৰীতে পেছাগতভাৱে বিকশিত হোৱাটো অতিকে গুৰুত্বপূৰ্ণ ৷" তথ্য আৰু জ্ঞানৰ ডিজিটেল সংস্কৰণৰ প্ৰতিযোগিতাপূৰ্ণ বিশ্বত আজিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তা, ডাটা অনালাইটিকছ, ব্লক চেইন, ৰবোটিক অটোমেশ্বন, চাইবাৰ ছিকিউৰিটী আদি খণ্ডই এগৰাকী ব্যক্তিক এটা ভাল চাকৰি লাভ কৰাত উল্লেখনীয় ভূমিকা পালন কৰিব ৷ 

এইটো অতিকে প্ৰয়োজনীয় যে, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণৰ দ্বাৰা ওপৰত উল্লেখিত বিষয়সমূহ অন্তৰ্ভূক্ত কৰিলে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰতিযোগিতাপূৰ্ণ পৃথিৱীখনত আত্মবিশ্বাসৰ সৈতে সন্মুখীন হোৱাত সহায় কৰিব ৷ যেতিয়া চৰকাৰে জাৰ্মানী, নৰৱে, ফিনলেণ্ড আৰু অন্যান্য দেশসমূহৰ দৰে শীঘ্ৰেই এক স্বেচ্ছামুলক অংশগ্ৰহণেৰে যুৱপ্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব, তেতিয়াই ভাৰতৰ যুৱপ্ৰজন্মই উচ্চ কৌশলসম্পন্ন শক্তিৰে সমগ্ৰ বিশ্বৰ আগত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.