ETV Bharat / bharat

বিদ্যাৰ্থী অভিভাৱকৰ সৈতে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী - প্ৰৱেশিকা পৰীক্ষা

ক'ভিড -19 সংক্ৰমণক লৈ সকলোতে সজাগতা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে শুকুৰবাৰে মন্তব্য কৰে যে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত যিকোনো পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ঠ প্ৰত্যাহ্বানমূলক হ'ব ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে এই সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁ অভিভাৱক,শিক্ষাৰ্থী আৰু শিক্ষকৰ সৈতে আলোচনাত মিলিত হ'ব ৷

বিদ্যাৰ্থী অভিভাৱকৰ সৈতে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

author img

By

Published : Nov 28, 2020, 10:22 AM IST

নতুন দিল্লী, 28 নৱেম্বৰ: ক'ভিড অতিমাৰীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটোক এক প্ৰত্যাহ্বান আখ্যা দি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে আগন্তুক বৰ্ষত শিক্ষক, বিদ্যাৰ্থী আৰু অভিভাৱকৰ সৈতে হোৱা আলোচনাৰ পাছতহে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে ব'ৰ্ড পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

শুকুৰবাৰে সাংবাদিকৰ আগত পোখৰিয়ালে কয় যে ক'ভিড-19 অতিমাৰীৰ ফলত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজত কেৱল ব'ৰ্ড পৰীক্ষাসমূহে নহয় বৰঞ্চ উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট কঠিন বিবেচিত হৈছে ৷

এইক্ষেত্ৰত শিক্ষক,বিদ্যাৰ্থীৰ লগতে অভিভাৱকৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জনাই তেওঁ কয় যে এই আলোচনাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ল'ব পৰা যাব ৷ তেওঁ কয় ,"মই জানো 2020 বৰ্ষটো শিক্ষাৰ্থী সকলৰ বাবে ভাল নাছিল ৷ তেওঁলোক নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৷ 3 ডিচেম্বৰ তাৰিখে মই ছাত্ৰ ছাত্ৰী সকলৰ সৈতে কথা পাতিম আৰু আগন্তুক ব'ৰ্ড পৰীক্ষাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰিম ৷"

লগতে পঢ়ক: ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.