ETV Bharat / bharat

শিক্ষা শিতানত কি আছে বাজেটত ? - নিৰ্মলা সীতাৰমণ

আজি সদনত উত্থাপিত হৈছে পূৰ্ণাংগ বাজেট ৷ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে এই বৰ্ষৰ বিত্তীয় বাজেট ৷ এইবাৰৰ বাজেটত ভাৰত চৰকাৰে নতুন শিক্ষানীতিৰ প্ৰৱৰ্তন কৰিছে ৷ যিটো বিশ্বৰ ভিতৰত এক সবৰ্শ্ৰেষ্ঠ শিক্ষানীতি হ’ব বুলি কয় বিত্তমন্ত্ৰীয়ে ৷

শিক্ষা শিতানত কি আছে বাজেটত ?
author img

By

Published : Jul 5, 2019, 1:46 PM IST

Updated : Jul 5, 2019, 3:18 PM IST

নিউজ ডেস্ক, 5 জুলাইঃ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত উত্থাপিত কৰিলে পূৰ্ণাংগ বাজেট ৷ বাজেটত নিৰ্মলা সীতাৰমণে উল্লেখ কৰে,মোডী চৰকাৰৰ লক্ষ্য হৈছে শক্তিশালী দেশ আৰু শক্তিশালী নাগৰিক তৈয়াৰ কৰা ৷ ইয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰত নিৰ্মলা সীতাৰমণে উল্লেখ কৰে-

  • নতুন শিক্ষানীতি নীতি প্ৰৱৰ্তন কৰা হৈছে ৷ যিটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শিক্ষা নীতি হ’ব দেশত ৷
  • শিক্ষাৰ ক্ষেত্ৰত ভাৰতক হাব হিচাপে তৈয়াৰ কৰাৰ উদ্দেশ্যে ষ্টাডী ইন ইণ্ডিয়া আঁচনি প্ৰৱৰ্তন কৰা হৈছে ৷ যাৰ জৰিয়তে কিছুমান শিক্ষাখণ্ডক অধিক ক্ষমতা দিয়া হ’ব ৷
  • বিদেশৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত আহি অধ্যয়ন কৰিব পৰাকৈ ষ্টাডী ইন ইণ্ডিয়াৰ ওপৰত কাম কৰা হ’ব ৷
  • উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ আইন প্ৰণয়ন কৰা হৈছে ৷ যাৰ বাবে 400 কোটি টকা খৰচ কৰা হ’ব ৷
  • ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান (NRF)প্ৰতিষ্ঠা কৰা হ’ব ৷

Last Updated : Jul 5, 2019, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.