ETV Bharat / bharat

ইডিৰ হাতত লাগিল নীৰৱ মোডী-মেহুল চৌকচিৰ 1350 কোটি মূল্যৰ হীৰা-মুকুতা

author img

By

Published : Jun 11, 2020, 1:28 AM IST

ইডিয়ে হঙকঙৰ পৰা ওভতাই আনিছে নীৰৱ মোডী আৰু ৰাহুল চৌকচিৰ ফাৰ্মৰ 23000 কিলোগ্ৰাম হীৰা-মকুতা, যাৰ মূল্য 1350 কোটি টকা ৷ 2018 বৰ্ষৰ পহিলা ভাগতে ডুবাইৰ পৰা এই মূল্যবান সম্পত্তিখিনি ডুবাইৰ পৰা হঙকঙলৈ স্থানান্তৰ কৰা হৈছিল ৷ মানি লণ্ডাৰিং আইনৰ অধীনত এই সামগ্ৰীসমূহ জব্দ কৰা হৈছে ৷

PNB scam
PNB scam

নিউজ ডেস্ক, 10 জুন : বুধবাৰে এনফ'ৰ্চমেন্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে হঙকঙৰ পৰা ওভতাই আনিছে নীৰৱ মোডী আৰু ৰাহুল চৌকচিৰ ফাৰ্মৰ 23000 কিলোগ্ৰাম হীৰা-মকুতা, যাৰ মূল্য 1350 কোটি টকা ৷ ইয়াৰ মুঠ 108টা চালানৰ 32 টা নীৰৱ মোডীৰ দ্বাৰা নিয়ন্ত্ৰিত সংযুক্ত আৰৱ ৰাষ্ট্ৰ আৰু হঙকঙৰ বিদেশী সংস্থাৰ আৰু বাকী কেইটা মেহুল চৌকচিৰ ফাৰ্মৰ ৷ মানি লণ্ডাৰিং আইনৰ আধীনত ইডিয়ে দুয়োজন ব্যৱসায়িক নিৰীক্ষণত ৰাখিছিল ৷ পাঞ্জাৱ নেশ্যনেল বেংকৰ দুই বিলিয় ইউ এছ ডলাৰৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠিছিল দুয়োজনৰ বিৰুদ্ধে ৷

PNB scam
মেহুল চৌকচি

2340 কিলোগ্ৰাম মূল্যৱান সম্পদৰ ভিতৰত আছে প'লিচ ডাইমণ্ড, মুকুতা, ৰূপৰ অলংকাৰ আৰু ইয়াৰ মূল্য 1350 কোটি ৷ ইডিয়ে হঙকঙৰ কৰ্তৃপক্ষৰ লগত এইসমূহ ওভতাই অনাৰ বাবে যাৱতীয় সকলো নিয়ম সমাপ্ত কৰিছে ৷ ইডিয়ে প্ৰকাশ কৰা অনুসৰি 2018 বৰ্ষৰ পহিলা ভাগতে ডুবাইৰ পৰা এই মূল্যবান সম্পত্তিখিনি ডুবাইৰ পৰা হঙকঙলৈ স্থানান্তৰ কৰা হৈছিল যাতে ইডি অথবা আন অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা জব্দ হোৱাৰ পৰা এই সমূহ বচাব পৰা যায় ৷ 2018 বৰ্ষৰ জুলাই মাহতেই এই তথ্য লাভ কৰিছিল ইডিয়ে আৰু তেতিয়াৰ পৰাই ইয়াৰ অনুসন্ধান চলি আছিল ৷

PNB scam
নীৰৱ মোডী

এটা সৰবৰাহকাৰী কোম্পানীৰ গুদামত মজুত ৰখা হৈছিল এই সমূহ মূল্যৱান সামগ্ৰী ৷ বিষয়াসকলে এই সামগ্ৰীখিনি ভাৰতলৈ ওভতাই অনাৰ বাবে হঙকঙৰ বিভিন্ন কৰ্তৃপক্ষৰ সৈতে আলোচনা অব্যাহত ৰাখিছিল ৷ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে নীতি-নিয়ম সম্পীৰ্ণ কৰাৰ পাচত এইসমূহ ভাৰতলৈ অনা হৈছে ৷ মানি লণ্ডাৰিং আইনৰ অধীনত এই সামগ্ৰীসমূহ জব্দ কৰা হৈছে ৷

লগতে পঢ়ক : বাঘজানত প্ৰাণ হেৰুওৱা দুয়োজন কৰ্মচাৰীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'বঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.