নেশ্যনেল ডেস্ক, ২৯ আগষ্ট: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 'Act of God'ৰ ব্যাখ্যাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি ভাৰতৰ অৰ্থব্যৱস্থাৰ মন্দাৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । বৃহস্পতিবাৰে জি এছ টিৰ ৪১ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী সীতাৰমণে কৰ'ণা মহামাৰীয়ে কোঙা কৰা ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থাক 'Act of God' আখ্যা দিছিল । ইয়াৰ এদিনৰ পিছতে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।
-
India’s economy has been destroyed by three actions:
— Rahul Gandhi (@RahulGandhi) August 28, 2020 " class="align-text-top noRightClick twitterSection" data="
1. Demonetisation
2. Flawed GST
3. Failed lockdown
Anything else is a lie.https://t.co/IOVPDAG2cv
">India’s economy has been destroyed by three actions:
— Rahul Gandhi (@RahulGandhi) August 28, 2020
1. Demonetisation
2. Flawed GST
3. Failed lockdown
Anything else is a lie.https://t.co/IOVPDAG2cvIndia’s economy has been destroyed by three actions:
— Rahul Gandhi (@RahulGandhi) August 28, 2020
1. Demonetisation
2. Flawed GST
3. Failed lockdown
Anything else is a lie.https://t.co/IOVPDAG2cv
প্ৰকৃততে মহামাৰীৰ বাবে নহয়, কেন্দ্ৰীয় চৰকাৰৰ তিনিটা সিদ্ধান্তৰ বাবেহে ভাৰতৰ অৰ্থব্যৱস্থাত ব্যাঘাত জন্মিছে । বিমুদ্ৰাকৰণ, ক্ৰুটিপূৰ্ণ জি এছ টি আৰু লকডাউনৰ বিফলতাৰ ফলত ভাৰতৰ অৰ্থব্যৱস্থাত শোচনীয় ৰূপ লৈছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে । উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত জি এছ টিৰ পৰা সংগৃহৃত ৰাজহৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে আৰু কেন্দ্ৰীয় চৰকাৰে ক্ষতিপূৰণ দিবলৈও অস্বীকাৰ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ক্ষোভিত হৈ পৰিছে বিৰোধী দল ।
লগতে পঢ়ক : ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ