ETV Bharat / bharat

মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী

মহামাৰীৰ সময়ত আগন্তুক সময়ত দেশত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্দেশাৱলী জাৰী কৰিছে ৷ ইভিএমত ভোট দিয়াৰ বাবে ভোটাৰক প্ৰদান কৰা হ'ব এবাৰ ব্যৱহৃত হাতমোজা ৷

কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী
মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন
author img

By

Published : Aug 22, 2020, 8:08 AM IST

নিউজ ডেস্ক, 22 আগষ্ট : দেশৰ নিৰ্বাচনী আয়োগে আগন্তুক সময়ত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন নিৰ্বাচনৰ বাবে নতুন নিৰ্দেশাৱলী জাৰী কৰিছে ৷ কোভিড-19 মহামাৰীৰ সময়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে শুকুৰবাৰে দেশৰ নিৰ্বাচনী আয়োগে জাৰী কৰে এই নিৰ্দেশাৱলীসমূহ ৷

নতুন নিৰ্দেশাৱলীত আয়োগে মনোনয়ন দাখিলৰ সময়ত ব্যক্তিৰ উপস্থিতি তথা বাহনৰ সংখ্যা কম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ একেদৰেই দুৱাৰে-দুৱাৰে গৈ কৰা নিৰ্বাচনী প্ৰচাৰতো বাধা প্ৰদান কৰিছে আয়োগে ৷ অৱশ্যে ভাৰ্চুৱেল ৰেলী আৰু ডিজিটেল নিৰ্বাচনী প্ৰচাৰত কোনোধৰণৰ বাধা আৰোপ কৰা নাই আয়োগে ৷ বিজেপিৰ সহযোগী দল এলজিপিয়ে নিৰ্বাচনী আয়োগক এই সন্দৰ্ভত আহ্বান জনাইছিল ৷ আয়োগে জাৰী কৰা নতুন নিৰ্দেশাৱলী বিহাৰৰ বিধানসভা নিৰ্বাচন আৰু অন্যান্য উপ-নিৰ্বাচনত পালন কৰা হ'ব ৷

এই নতুন নিৰ্দেশাৱলীত নিৰ্বাচনী প্ৰচাৰৰ পথ-যাত্ৰাৰ সময়ত বাহনৰ লগতে জনতাৰ সংখ্যাৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে আয়োগে ৷ জনতাৰ বাসগৃহত গৈ দুৱাৰে দুৱাৰে কৰা নিৰ্বাচনী প্ৰচাৰত মাত্ৰ পাঁচগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ অৱশ্যে এই প্ৰচাৰত প্ৰাৰ্থীগৰাকীৰ নিৰাপত্তাৰক্ষীসকলক ধৰা নহ'ব বুলি আয়োগে প্ৰকাশ কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰৰ পথ-যাত্ৰাৰ সময়ত 5খনকৈ বাহনে অংশগ্ৰহণ কৰিব পাৰিব আৰু ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা 1500ৰ বিপৰীতে 1000লৈ কমাই দিয়া হৈছে ৷

নতুন নিৰ্দেশাৱলীত প্ৰথমবাৰৰ বাবে মনোনয়নৰ সময়ত জমা দিব লগা আমানতৰ ধন প্ৰাৰ্থীগৰাকীয়ে ডিজিটেলী ৰাজহ বিভাগক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী আয়োগে ৷ মনোনয়ন পত্ৰখন নিৰ্বাচনী আয়োগৰ চৰকাৰী ৱেবচাইটত উপলব্ধ থাকিব আৰু তাতেই গৈ ডিজিটেলী ইয়াক সম্পূৰ্ণ কৰিব লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীগৰাকীয়ে ৷ ইয়াক অনলাইনভাৱে মূখ্য নিৰ্বাচনী বিষয়াক জমা দিয়াৰ লগতে ইয়াৰ প্ৰীন্টিং কপি ৰিটাৰ্ণিং বিষয়াক জমা দিব লাগিব প্ৰাৰ্থীয়ে ৷ নিৰ্বাচনৰ সময়ত এগৰাকী স্বাস্থ্য বিষয়াক জিলাসমূহ আৰু সমষ্টিসমূহৰ কোভিড-19 পৰিস্থিতি নিৰীক্ষণৰ বাবে দায়িত্ব প্ৰদান কৰা হ'ব ৷ ইভিএম আৰু ভিভিপেটছ অধিগ্ৰহণৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয়বাৰতে ইয়াক ছেনিটাইজ কৰিব লাগিব আৰু সামাজিক দুৰত্ব পালন কৰি এই কাম সম্পন্ন কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷ তৃতীয় পৰ্যায়ত নিৰ্বাচনী বিষয়াসকলৰ যাৱতীয় পৰীক্ষণ তথা তেওঁলোকক ছেনিটাইজ কৰাৰ লগতে ভিৰ কমাবলৈ পূৰ্বৰ 24 ঘন্টাৰ পূৰ্বে সময় 72 ঘন্টালৈ বৃদ্ধি কৰা হৈছে ৷

নিৰ্বাচনী প্ৰচাৰৰ সময়ত সামাজিক দুৰত্ব আৰু অন্যান্য় সুৰক্ষাজনিত দিশসমূহৰ প্ৰতি কাঢ়া নজৰ ৰাখিবলৈ কোৱা হৈছে ৷ নিৰ্বাচন সম্পৰ্কীয় আলোচনাৰ বাবে জিলা নিৰ্বাচনী বিষয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আয়োগে জাৰী কৰি দিয়া নীতিসমূহৰ প্ৰতিও নজৰ ৰাখিবলৈ কোৱা হৈছে এই নিৰ্দেশনাত ৷ জিলা নিৰ্বাচনী বিষয়াই নিৰ্বাচনী প্ৰচাৰ সভাৰ স্থান নিৰ্দিষ্ট কৰাৰ লগতে সেই স্থানতো সামাজিক দুৰত্ব পালন কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ৷ আয়োগে ৰাজনৈতিক দলসমূহকো নিৰ্বাচন সন্দৰ্ভত কোভিড-19ৰ সকলো নীতি নিয়ম পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ ভোটকেন্দ্ৰত থাৰ্মেল স্কেনাৰৰ লগতে ছেনিটাইজেশ্বনৰ ব্যৱস্থা কৰা আৰু দীঘলীয়া শাৰীৰ পৰা দুৰত থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ পুৰুষ আৰু মহিলাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে পৃথকে পৃথকে অপেক্ষা গৃহ অথবা জিৰনী গৃহ নিৰ্মাণ কৰিবলৈ কোৱা হৈছে আৰু এনেকুৱা প্ৰতিটো গৃহতে প্ৰয়োজনীয় নিৰ্দিষ্ট সুৰক্ষা সামগ্ৰী আৰু অন্যান্য স্বাস্থ্যগত বিধি পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আয়োগে ৷ আনহাতে ভোট প্ৰদান কৰাৰ বাবে প্ৰতিগৰাকী ভোটাৰকে এবাৰ ব্যৱহৃত হাতমোজা প্ৰদান কৰাৰ বিষয়েও এই নিৰ্দেশাৱলীত উল্লেখ কৰিছে নিৰ্বাচনী আয়োগ ৷ প্ৰতিগৰাকী নিৰ্বাচনী বিষয়াকে নিৰ্দিষ্ট মাস্ক, ছেনিটাইজাৰ, ফেচ শ্বীল্ড আৰু হাতমোজা প্ৰদান কৰিব আয়োগে ৷ ভোটাৰৰ শৰীৰৰ উত্তাপ নিৰ্দিষ্ট কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰয়োজন হ'লে ভোটাৰক স্বাস্থ্যগত প্ৰমাণপত্ৰও প্ৰদান কৰিবলৈ কোৱা হৈছে ৷

আনহাতে কোভিড-19 আক্ৰান্ত তথা সন্দেহজনক কোভিড-19 আক্ৰান্ত ৰোগী আৰু কোৱাৰেন্টাইন কেন্দ্ৰত থকা ব্যক্তিসকলৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনাটোত প্ৰকাশ কৰিছে আয়োগে ৷ 80 উৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবেও এই ব্যৱস্থা উপলব্ধ থাকিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷

ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিচতেই ষ্ট্ৰং ৰুমসমূহ ছেনিটাইজ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ৷ ভোটগণনাৰ বাবে প্ৰতিটো গণনা কেন্দ্ৰত 7খন মেজ ৰাখিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰিছে আয়োগে ৷ ভোটগণনা হোৱাৰ পিচত এই কাৰ্যত ব্যৱহৃত সকলো সামগ্ৰী ছেনিটাইজ কৰাৰ লগতে জনসমাগমৰ পৰা বাচিবলৈ ফলাফলসমূহ বৃহৎ বৃহৎ স্ক্ৰীণত প্ৰকাশ কৰিবলৈ কোৱা হৈছে ৷

এইসমূহ নিৰ্দেশাৱলী অনুসৰি, ৰাজ্যিক নিৰ্বাচনী আয়োগসমূহে স্থানীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-19ৰ সম্পৰ্কীয় সকলো দিশক গুৰুত্বসহকাৰে লৈ এক নিৰ্দিষ্ট নিৰ্বাচনী আঁচনি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.