ETV Bharat / bharat

নিৰ্বাচনী আয়োগৰ নিৰ্দেশঃ অতিৰিক্ত-সঞ্চালক প্ৰধান নিযুক্ত কুমাৰ বিশ্বজিৎ

author img

By

Published : Mar 31, 2019, 7:25 PM IST

দেশৰ নিৰ্বাচনী আয়োগে দেওবাৰে এক অধিসূচনাযোগে অন্ধ্ৰ প্ৰদেশৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক ৷

কুমাৰ বিশ্বজিৎ

নিউজ ডেস্ক, 31 মাৰ্চঃ অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত-সঞ্চালক প্ৰধান পদত নিযুক্ত সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কুমাৰ বিশ্বজিৎ ৷ দেওবাৰে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে ৷

বৰ্তমানে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষৰূপে কৰ্মৰত হৈ থকা আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মুখ্য সচিবে শনিবাৰে এক অধিসূচনা জাৰী কৰি শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ কুমাৰ বিশ্বজিৎক চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উক্ত নিৰ্দেশনাৰ ভিত্তিতে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ গৃহ বিভাগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে নিযুক্তি দিয়ে আই পি এছ বিষয়াগৰাকীক ৷

উল্লেখ্য যে, YSRCPৰ অভিযোগৰ ভিত্তিত নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ সঞ্চালক প্ৰধান এ বি ভেংকটেশ্বৰা ৰাওক বৰ্খাস্ত কৰিছিল ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে তেলেগু দেশম পাৰ্টী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৰ হকে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাচতেই ৰাজ্যিক চৰকাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল আৰু আই পি এছ বিষয়াৰ বদলি তথা বৰ্খাস্ত কৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ নিৰ্দেশক খাৰিজ কৰিবলৈ দাবী জনাইছিল ৷ কিন্তু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ এই অভিযোগ খাৰিজ কৰি নিৰ্বাচনী আয়োগৰ কাম-কাজত ৰাজ্যিক চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে বুলি অধ্যাদেশ জাৰী কৰিছিল ৷

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশৰ 175 আসনযুক্ত বিধানসভা নিৰ্বাচন অহা 11 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব ৷

ECI appoints Kumar Vishwajeet as new Intelligence ADG for AP

The Election Commission of India
Kumar Vishwajeet IPS 
Additional Director General 
Intelligence ADG 
Andhra Pradesh 
নিৰ্বাচনী আয়োগ 
কুমাৰ বিশ্বজিৎ আই পি এছ 
অতিৰিক্ত মহাপৰিদৰ্শক 
চোৰাংচোৱা বিভাগ, অন্ধ্ৰ প্ৰদেশ  

নিৰ্বাচনী আয়োগৰ নিৰ্দেশঃ অতিৰিক্ত-সঞ্চালক প্ৰধান নিযুক্ত কুমাৰ বিশ্বজিৎ 

দেশৰ নিৰ্বাচনী আয়োগে দেওবাৰে এক অধিসূচনাযোগে অন্ধ্ৰ প্ৰদেশৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক ৷ 

নিউজ ডেস্ক, 31 মাৰ্চঃ অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত-সঞ্চালক প্ৰধান পদত নিযুক্ত সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কুমাৰ বিশ্বজিৎ ৷ দেওবাৰে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে ৷ 

বৰ্তমানে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষৰূপে কৰ্মৰত হৈ থকা আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মুখ্য সচিবে শনিবাৰে এক অধিসূচনা জাৰী কৰি শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ কুমাৰ বিশ্বজিৎক চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উক্ত নিৰ্দেশনাৰ ভিত্তিতে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ গৃহ বিভাগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে নিযুক্তি দিয়ে আই পি এছ বিষয়াগৰাকীক ৷ 

উল্লেখ্য যে, YSRCPৰ অভিযোগৰ ভিত্তিত নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ সঞ্চালক প্ৰধান এ বি ভেংকটেশ্বৰা ৰাওক বৰ্খাস্ত কৰিছিল ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে  তেলেগু দেশম পাৰ্টী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৰ হকে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷  ইয়াৰ পাচতেই ৰাজ্যিক চৰকাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল আৰু আই পি এছ বিষয়াৰ বদলি তথা বৰ্খাস্ত কৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ নিৰ্দেশক খাৰিজ কৰিবলৈ দাবী জনাইছিল ৷  কিন্তু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ এই অভিযোগ খাৰিজ কৰি নিৰ্বাচনী আয়োগৰ কাম-কাজত ৰাজ্যিক চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে বুলি অধ্যাদেশ জাৰী কৰিছিল  ৷  

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশৰ 175 আসনযুক্ত বিধানসভা নিৰ্বাচন অহা 11 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব ৷ 

IPS Officer.jpg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.