নতুন দিল্লী,১৬ ডিচেম্বৰ : বৃহস্পতিবাৰৰ পৰা পশ্চিমবংগ নিৰ্বাচনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে পশ্চিমবংগলৈ যাব নিৰ্বাচন আয়োগৰ এটা দল । তিনিদিনীয়া ভ্ৰমণসূচীৰে যাবলগা নিৰ্বাচন আয়োগৰ দলটোৱে অহা বছৰ হব লগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হ’ব ।
পশ্চিমবংগলৈ যাবলগা দলটোৰ নেতৃত্বত উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈন থকাৰ সম্ভাৱনা আছে । এক তথ্য অনুসৰি নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কলকাতাৰ আৰক্ষী অধীক্ষক, জিলা দণ্ডাধীশ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে বৈঠকত মিলিত হ’ব ।
এই বৈঠকখন পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । উপ নিৰ্বাচন আয়ুক্তই পশ্চিমবংগৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়,গৃহ বিভাগৰ সচিব এইছ কে দ্বিবেদী,স্বাস্থ্য বিভাগৰ সচিব এন এছ নিগম আৰু আৰক্ষী সঞ্চালক প্ৰধান বীৰেন্দ্ৰৰ সৈতেও আলোচনাত মিলিত হব ।
ইফালে ১৪ ডিচেম্বৰত জৈনে পুৱাৰ ভাগত মালদাত এখন সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আনহাতে একেদিনাই শিলিগুৰিতো আন এখন সভাত ভাগ লব বিষয়াগৰাকীয়ে ৷ সোমবাৰে পশ্চিমবংগৰ জিলা দণ্ডাধীশ সকলৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তৰ এখন ভিডিঅ কনফাৰেন্স অনুষ্ঠিত হৈছিল, এই কনফাৰেন্সত চলি থকা ভোটাৰ তালিকা সংশোধনীৰ ওপৰত সকলো বিষয় পৰ্যালোচনা কৰা হয় । ১৫ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিক সংশোধনীৰ কাম কাজ সম্পৰ্ণ কৰাৰ বাবে ঠিৰাং কৰা হৈছে ।
উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈনৰ কলকাতা ভ্ৰমণৰ পূৰ্বে, বিজেপিৰ এটা প্ৰতিনিধি দলে মঙলবাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই পশ্চিমবংগত হিংসাত্মক ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ এটা দলক নিয়োগ কৰাৰ বাবে আহ্বান জনাইছে ।
পশ্চিমবংগত বিজেপিৰ জেষ্ঠ নেতা জে পি নাড্ডা আৰু কৈলাশ বিজয়ভাৰ্জিয়াৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ কেইদিনমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত ৰাজ্যখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাক অৱগত কৰে ।
মঙলবাৰে ৰাজ্যসভাত বিজেপি সাংসদ স্বপন দাসগুপ্তই কয় যে, আমি নিৰ্বাচন আয়োগক কৈছো যে,পশ্চিমবংগত অশান্তজৰ্জৰ অঞ্চল হিচাপে গণ্য কৰি মডেল অফ কনডাক্ট শীঘ্ৰেই প্ৰয়োগ কৰা উচিত ।
লগতে চাওকঃধেমাজিত ব্ৰয়লাৰ ভৰ্তি বাহনে মহতিয়াই নিলে টিয়াগো বাহনক