ETV Bharat / bharat

আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ - bihar assembly poll dates today

বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা ৷ নিৰ্বাচনী আয়োগে আজি দুপৰীয়া 12 বজাত এখন সংবাদমেল সম্বোধন কৰিব ৷ এই সংবাদমেলতেই বিহাৰ বিধানসভা নিৰ্বাচনৰ কাৰ্যক্ৰম ঘোষণা কৰাৰ সম্ভাৱনীয়তা আছে ৷

আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

author img

By

Published : Sep 25, 2020, 10:25 AM IST

নেশ্যনেল ডেস্ক, 25 চেপ্তেম্বৰ: আজি ঘোষণা হ'ব পাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ৷ নিৰ্বাচনী আয়োগে আজি দুপৰীয়া 12:30 বজাত এখন সংবাদমেল সম্বোধন কৰিব ৷ সংবাদমেল খন অনুষ্ঠিত কৰাৰ উদ্দেশ্য উল্লেখ কৰা নাই যদিও, এইয়া আশা কৰা হৈছে যে শুকুৰবাৰেই আয়োগে আগন্তুক নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব ৷

নৱেম্বৰ 29 তাৰিখে 243 জনীয়া সদস্যৰে গঠিত বিহাৰ বিধানসভাৰ কাৰ্যকাল শেষ হ'ব ৷ সমান্তৰালকৈ বিহাৰৰ ৰাজনৈতিক দল সমূহেও 2020 ৰ নিৰ্বাচনত ক্ষমতাত অধিষ্ঠিত হ'বৰ বাবে ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হোৱাৰ পণ লৈছে ৷ কেন্দ্ৰৰ বিৰোধী আৰু এনডিএ চৰকাৰৰ মাজত কৃষি বিধেয়কক লৈ উত্তেজনা বৃদ্ধি হোৱাৰ মাজতে প্ৰত্যেক ৰাজনৈতিক দলে নিৰ্বাচনত জয়লাভ কৰাৰ সমীকৰণত ব্যস্ত হৈ পৰিছে ৷

সকলো ৰাজনৈতিক দল ইতিমধ্যে নিৰ্বাচনী পথাৰত নামি পৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী তথা জে ডি ইউ প্ৰধান নিতিশ কুমাৰে দলৰ কাৰ্যালয়ত শীৰ্ষ নেতাসকলৰ লগতে দলীয় কৰ্মীৰ সৈতে নিৰ্বাচনী ৰণকৌশল তৈয়াৰত ব্যস্ত হৈ পৰিছে ৷ মঙলবাৰে দলৰ কাৰ্যলয়ত মানুহৰ অভিযোগৰ বুজ লয় আৰু বুধবাৰে ৰাতিপুৱা 11 বজাতে পুনৰ কাৰ্যালয়ত উপস্থিত হয়হি ৷

বিজেপিয়ে নিতিশ কুমাৰৰ আদৰ্শেৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ তৃণমূল পৰ্যায়ত কাম কৰাৰ বাবে এন ডি এ কৰ্মী সকলক নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়ক: কৃষকৰ‌ পাছত শ্ৰমিক সকলৰ প্ৰতি অন্যায় কৰিছে চৰকাৰেঃ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.