নেশ্যনেল ডেস্ক, 8 ছেপ্তেম্বৰ : কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ.জয়শংকৰে সোমবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী একে আব্দুল মমেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত কৰে ৷ বাৰ্তালাপত তেওঁলোকে দুয়ো দেশৰ বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে ৷
এক টুইটৰ জৰিয়তে জয়শংকৰে কয় যে, অতি সোনকালে যুটীয়া পৰামৰ্শদাতা সমিতিৰ এক বৈঠকৰ আয়োজন কৰা হ'ব ৷ তেওঁ কয়, "বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মমেনৰ সৈতে এক গভীৰ আলোচনা সম্পন্ন কৰিলো ৷ অতি সোনকালে এক যুটীয়া পৰামৰ্শদাতা বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ আমাৰ নেতাসকলে নিৰ্ধাৰিত কৰা মহত্বকাংক্ষী লক্ষ্যসমূহ সফল কৰিবলৈ আমি একেলগে কাম কৰি যাম ৷"
-
Warm conversation with FM Dr. A.K. Abdul Momen of Bangladesh. Agreed to hold our Joint Consultative Commission very soon. Will continue to work closely to reach the ambitious goals set by our leaders.
— Dr. S. Jaishankar (@DrSJaishankar) September 7, 2020 " class="align-text-top noRightClick twitterSection" data="
">Warm conversation with FM Dr. A.K. Abdul Momen of Bangladesh. Agreed to hold our Joint Consultative Commission very soon. Will continue to work closely to reach the ambitious goals set by our leaders.
— Dr. S. Jaishankar (@DrSJaishankar) September 7, 2020Warm conversation with FM Dr. A.K. Abdul Momen of Bangladesh. Agreed to hold our Joint Consultative Commission very soon. Will continue to work closely to reach the ambitious goals set by our leaders.
— Dr. S. Jaishankar (@DrSJaishankar) September 7, 2020
উল্লেখ্য় যে, যোৱা মাহত ঢাকা ভ্ৰমণ কৰিছিল বৈদেশিক সচিব হৰ্ষ বৰ্ধনে ৷ ইয়াৰ জৰিয়তে দুয়ো দেশে বিভিন্ন ক্ষেত্ৰত একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷