নিউজ ডেস্ক, 29 জুনঃ COVID-19এ সমগ্ৰ পৃথিৱীৰে শৈক্ষিক প্ৰণালী সলনি কৰিছে ৷ দেশসমূহত বৰ্তমান শিক্ষাবৰ্ষৰ বাবে এক নিৰ্বোধ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ ইটালী আৰু দক্ষিণ কোৰিয়াত অনলাইন শিক্ষাৰ পথ বাছি লোৱা হৈছে ৷ য'ত নেকি ভিয়েটনাম আৰু হংকঙত এই প্ৰক্ৰিয়া আংশিক ৰূপত গ্ৰহণ কৰি পুনৰ বিদ্যালয়সমূহ খুলি দিয়া হৈছে ৷ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞ সকলে ভাৰতত বিদ্যালয়-মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে ৷
কেন্দ্ৰ তথা ৰাজ্যই ইতিমধ্যে বিগত বছৰৰ পাঠ্যক্ৰম অনলাইন পাঠদানৰ জৰিয়তে সম্পন্ন কৰিছে ৷ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ শিক্ষাৰ্থীসকলক ইতিমধ্যে আন একোটা শ্ৰেণীলৈ উন্নীত কৰিছে ৷ কিন্তু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে এতিয়াও তেওঁলোকৰ কৰ্মৰ গতিপথ নিৰ্ধাৰণ কৰিব পৰা নাই যদিও ৰাজ্যিৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰায় আৰম্ভ কৰাৰ বিষয়ে বিবেচনা কৰিছে ৷ কিন্তু শিক্ষানুষ্ঠান সমূহ খোলাৰ তাৰিখ পিচুৱাই গৈ আছে ৷
নিৰাপদ আৰু কাৰ্যকৰী শিক্ষা অভিজ্ঞতাৰ বাবে সম্প্ৰতি বিশেষজ্ঞ সকলে ডিজিটেল আৰু শ্ৰেণীকোঠাৰ সংমিশ্ৰণেৰে ভৰা চেশ্যনৰ পৰামৰ্শ প্ৰদান কৰিছে ৷ অনলাইন পাঠদান আমাৰ পৰম্পৰাগত শিক্ষাতকৈ সম্পূৰ্ণ বেলেগ ৷ মজুত থকা পাঠ্যক্ৰমৰ অনুসৰণেই যথেষ্ট নহয় ৷ পাঠ্যক্ৰম আৰু পাঠযোজনা সমূহো সলনি কৰাৰ প্ৰয়োজন ৷ শেহতীয়াকৈ শিক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি, CBSEৰ পাঠ্যক্ৰমত সেই অনুসাৰে কিছু সাল-সলনি কৰা হ'ব ৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে কৈছিল যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে পাঠ্যক্ৰমসহ নিৰ্দেশিক সময় কেন্দ্ৰই হ্ৰাস কৰিব পাৰে ৷ এই ক্ষেত্ৰত কৰ্ণাটক চৰকাৰে বিদ্যালয়ৰ পাঠ্যক্ৰম হ্ৰাস কৰা বিষয়টোত শংকা প্ৰকাশ কৰিছে ৷
বিশেষকৈ গণিত আৰু সাধাৰণ বিজ্ঞানৰ দৰে বিষয়ৰ পাঠ্যক্ৰম সমূহ ইটোৰ সৈতে সিটো জড়িত ৷ শিক্ষাৰ্থী সকলে এনেধৰণৰ অসন্তুষ্টিকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ'ব পাৰে ৷ শিক্ষা বিশেষজ্ঞ সকলে এনেধৰণৰ কিছুমান পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে যিয়ে, স্থানীয় আৱশ্যতাসমূহ পূৰোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডও বৰ্তাই ৰাখিব ৷
অনলাইন শিক্ষাৰ ধাৰণাটো এতিয়াও নতুন ৷ শিক্ষকৰ শাৰীৰিক উপস্থিতি, মাৰ্গদৰ্শন আৰু উৎসাহে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷ যিটো অনলাইল পাঠ্যক্ৰমত নাই ৷ এনে পাঠ্যক্ৰমত শিক্ষাৰ্থী-শিক্ষকৰ মাজৰ সহযোগিতা আৰু আত্মীয়তাৰো অভাৱ দেখিবলৈ পোৱা যায় ৷
প্ৰশিক্ষকৰ পৰিদৰ্শন অবিহনে শিক্ষাৰ্থীয়ে কোনো বিষয়ৰ লগত সম্বন্ধিত প্ৰশ্ন সমূহ সমাধান কৰাৰ ক্ষেত্ৰতো, সমস্যা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ ডিজিটেল শিক্ষণৰ ক্ষেত্ৰত সকলো শিক্ষাৰ্থীকে একে সময়তে সমপৰ্যায়ৰ গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয় ৷ এনে সীমাবদ্ধতাসমূহ পৰ্যবেক্ষণ কৰি বিশেষজ্ঞ সকলে অতি শীঘ্ৰেই ই-লাৰ্ণিঙৰ ক্ষেত্ৰখন উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ ছাত্ৰসকলক এনেধৰণৰ কিছুমান গতিবিধি প্ৰদান কৰিব লাগে যিয়ে তেওঁলোকৰ সৃজনীশীলতা আৰু কৌতুহল বৃদ্ধি কৰে ৷ এই কামসমূহ সাৱধানে শিক্ষাৰ্থী সকলৰ মাজত বৰ্গকৰণ কৰিব লাগে ৷ ডিজিটেল শিক্ষণৰ ক্ষেত্ৰত শিক্ষাক-শিক্ষাৰ্থীৰ মাজত নমনীয় পৰিৱেশত উভয় পক্ষই নিজৰ প্ৰস্তুতিসমূহক গুৰুত্ব প্ৰদান কৰিব লাগে ৷
আনহাতে ডিজিটেল মাধ্যমত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত চহৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ সমস্যাৰ সন্মুখীন নহয় যদিও, গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত দেখা দিয়া বিজুলীবাতিৰ অভাৱ, ইণ্টাৰনেটৰ অভাৱে তেওঁলোকক এনে শিক্ষা গ্ৰহণৰ পৰা ব্যাহত কৰে ৷