ETV Bharat / bharat

শীঘ্ৰেই তিহাৰ জেলৰ পৰা মুকলি হ'ব পাৰে 3000 কাৰাবন্দী

author img

By

Published : Mar 24, 2020, 6:29 AM IST

তিহাৰ জেলত বৰ্তমান প্ৰায় 17000 কাৰাবন্দী আছে যদিও তথ্য অনুসৰি, জেলখনৰ ক্ষমতা 10000 কাৰাবন্দীৰ৷ এনে পৰিস্থিতিত জেলখনত যদি এজনো কৰ'ণাত আক্ৰান্ত লোক আহে তেন্তে জেলৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিব ৷

তিহাৰ জেল
তিহাৰ জেল

নিউজ ডেস্ক, 24 মাৰ্চঃ দেশত প্ৰতিদিনে কৰ'ণাই সংহাৰি ৰূপ ধাৰণ কৰা বাবে অৱশেষত তিহাৰ জেল কতৃপক্ষয়ো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দৰাচলতে জেলখনৰ পৰা 3000 কাৰাবন্দীক আগন্তুক কিছু দিনৰ বাবে তিহাৰ জেলৰ পৰা বাহিৰত ৰখাৰ ওপৰত আলোচনা চলাই আছে জেল কতৃপক্ষই ৷ উল্লেখিত 3000 কাৰাবন্দীৰ ভিতৰত 1500 কাৰাবন্দী ইতিমধ্যে দোষী সাব্যস্ত হৈছে আৰু আন 1500 ৰ ওপৰত বিছাৰ চলি আছে সেয়ে উক্ত 1500 কাৰাবন্দীক জামিন অথবা পেৰ'লত ৰিহা কৰা হ'ব ৷

তিহাৰ জেলত বৰ্তমান প্ৰায় 17000 কাৰাবন্দী আছে যদিও তথ্য অনুসৰি, জেলখনৰ ক্ষমতা 10000 কাৰাবন্দীৰ৷ এনে পৰিস্থিতিত জেলখনত যদি এজনো কৰ'ণাত আক্ৰান্ত লোক আহে তেন্তে জেলৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিব ৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে জেল কতৃপক্ষক কাৰাবন্দীসকলক বাহিৰলৈ অনাৰ ক্ষেত্ৰত বিচাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ এই ক্ষেত্ৰত শীঘ্ৰে কোনো সিদ্ধান্তত উপনীত হ'বলৈ আলোচনাত ব্যস্ত হৈছে চৰকাৰ আৰু তিহাৰ জেল প্ৰশাসন ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবে কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, জেল কতৃপক্ষই কেনে ধৰণৰ কাৰাবন্দীক ৰিহা কৰিব পাৰি ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰিছে ৷ ইতিমধ্যে দোষী সাব্যস্ত হোৱা 1500 কয়দীসকলৰ ব্যৱহাৰৰ ওপৰত লক্ষ্য কৰি তেওঁলোকক পেৰ'লত ৰিহা কৰা হ'ব ৷ লগতে বিছাৰ চলি থকা 1500 কাৰাবন্দীৰো ব্যৱহাৰৰ ভিত্তিত তেওঁলোকক জামিন দিয়া হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.