নেশ্যনেল ডেস্ক, ৫ জুন: চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ' অনুসৰি, ৰাজস্থানৰ যোধপুৰ জিলাত ৪০ বছৰীয়া এজন লোকে নিচা সেৱন কৰি সংঘটিত কৰে আইন বিৰোধী ঘটনাৰ । মুকেশ কুমাৰ নামৰ লোকজনে এজন আৰক্ষী কনিষ্টবলৰ ডিঙিৰ পিছফালে চুৰি ৰখাও পৰিলক্ষিত হয় ।
যোধপুৰ জিলাৰ দেৱনগৰ অঞ্চলত বৃহস্পতিবাৰে দুজন আৰক্ষী কনিষ্টবলে মাস্ক পৰিধান নকৰাৰ বাবে মুকেশ কুমাৰৰ পৰা জৰিমনা লৈছিল । কিন্তু মুকেশ কুমাৰে ওলোটাই কনিষ্টবল দুজনৰ ওপৰত প্ৰহাৰ কৰে আৰু তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে কনিষ্টবল দুজনে। দেৱনগৰ আৰক্ষী বিষয়াই সদৰী কৰে এই কথা ।
অৱশেষত মুকেশ কুমাৰক দেৱনগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আৰু মানৱ সেৱাত ব্ৰতী কৰ্মীক প্ৰহাৰৰ অপৰাধত অন্য ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ নং ধাৰাৰ ভিত্তিত কাৰাগাৰত বন্দী কৰে ।
লগতে পঢ়ক: দিল্লী এইমছত নাৰ্ছৰ প্ৰতিবাদ-৪৭ গৰাকী নাৰ্ছ আক্ৰান্ত কৰ'ণাত