ETV Bharat / bharat

কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ

author img

By

Published : Jun 23, 2020, 10:56 AM IST

অদৃশ্য শক্তিৰ বিৰুদ্ধে হোৱা এই যুঁজখনত ড্ৰোণে বিভিন্ন ধৰণে সহায় কৰি আহিছে । ড্ৰোণ ব্যৱহাৰৰে কৰ’ণা ভাইৰাছ অধিক সংক্ৰমিত নহ’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নানা ধৰণে সহায় কৰিছে। জানো আহক ড্ৰোণে কোভিড-১৯ ৰ বিৰুদ্ধে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈছে ।

কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ
কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ

কোভিড-১৯ৰ গোলকীয় অতিমাৰীয়ে আমাক অনুধাৱন কৰিবলৈ বাধ্য কৰাইছে যে ন্যূনতম বা একেবাৰী শাৰীৰিক সংযোগ নোহোৱাকৈও বিশ্বৰ চৰকাৰ,প্ৰতিষ্ঠান আৰু সমাজ চলি থাকিব পাৰে । আজি সন্মুখৰ পৰা যুঁজ দিয়া যোদ্ধা আৰু হিৰোসকল হৈছে চিকিৎসক,চিকিৎসা কৰ্মী,স্থানীয় আৰক্ষী,ব্যক্তিগত চিকিউৰিটী গাৰ্ড আৰু জাৱৰ-জোথৰ সংগ্ৰহকাৰীসকল । কৃত্ৰিম বুদ্ধিমত্তা,বিগ ডাটা, জি আই এছ আৰু মেপিং,লোকেশ্বন প্ৰযুক্তি,স্বয়ংক্ৰিয় যন্ত্ৰ আদিৰ দৰে নিত্য নতুন প্ৰযুক্তিয়ে ক’ভিড-১৯ ৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

Drones in India during pandemic times
ভাৰতত ড্ৰোণ অতি প্ৰয়োজনীয় প্ৰযুক্তি হিচাপে পৰিগণিত হৈছে

অদৃশ্য শক্তিৰ বিৰুদ্ধে হোৱা এই যুঁজখনত ড্ৰোণে বিভিন্ন ধৰণে সহায় কৰি আহিছে । ড্ৰোণ ব্যৱহাৰৰে কৰ’ণা ভাইৰাছ অধিক সংক্ৰমিত নহ’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নানা ধৰণে সহায় কৰিছে। জানো আহক ড্ৰোণে কোভিড-১৯ ৰ বিৰুদ্ধে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈছে ।

যিহেতু ড্ৰোণে শাৰীৰিক সংস্পৰ্শ অবিহনে বৃহৎ এলেকা একোটা নিৰীক্ষণ কৰে গতিকে ইয়াৰ ফলত আৰক্ষী বা সংশ্লিষ্ট আন লোকসকল কোভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে। অৱশ্যে ড্ৰোণৰ ব্যৱহাৰৰক লৈ মূলসুঁতিৰ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত গোপনীয়তা আৰু ব্যক্তিগত অধিকাৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে ।

ব্যৱহাৰবিৱৰণ
প্ৰচাৰৰাজপথ নিৰীক্ষণৰ লগতে লক ডাউনৰ নীতি-নিয়ম সম্পৰ্কীয় তথ্য প্ৰচাৰৰ বাবেও ড্ৰোণৰ ব্যৱহাৰ কৰা হৈছে । বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় তথ্য লাভৰ বাবে মুকলি যোগাযোগ মাধ্যম নথকা গ্ৰামাঞ্চলত ইয়াক ব্যৱহাৰ কৰা হৈছে । লাউডস্পীকাৰ থকা ড্ৰোণসমূহৰ দ্বাৰা ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ, প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ,সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ,ঘৰৰ বাহিৰলৈ ওলাই আহিলে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হয়। চীন আৰু বহু ইউৰোপীয় দেশে ৰাইজক বাৰ্তা প্ৰেৰণ কৰিবলৈ ড্ৰোণ ব্যৱহাৰ কৰি আহিছে ।

বীজাণুনাশক

ছটিওৱা

ৰাজহুৱা স্থানত বীজাণু নাশ আৰু ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন দেশৰ স্বাস্থ্য বিভাগসমূহে কৃষি স্প্ৰে ড্ৰোণ সংক্ৰমিত বা সংক্ৰমণৰ সম্ভাৱনা থকা অঞ্চলসমূহত ব্যৱহাৰ কৰিছে । এই স্প্ৰেইং ড্ৰোণসমূহত বীজাণুনাশক ভৰ্তি কৰোৱা হয় । ইয়াৰ ফলত অতি কম সময়ত অধিক অঞ্চল সাঙুৰাৰ লগতে পৰম্পৰাগত ব্যৱস্থাৰ বিপৰীতে ৫০ গুণ ক্ষীপ্ৰতাৰে কাম কৰিব পাৰি । পৃথিৱীৰ সৰ্ববৃহৎ দ্ৰোণ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ডি জে আইৰ মতে এই এ ভিয়ে প্ৰায় ১৬ লিটাৰ বীজাণুনাশক কঢ়িওৱাৰ লগতে ১০০,০০০ বৰ্গ মিটাৰ অঞ্চল এক ঘণ্টাত সাঙুৰিব পাৰে ।.
ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগানচিকিৎসক তথা চিকিৎসালয়সমূহক পূৰ্বতকৈ অধিক হাৰত ঔষধ আৰু পৰীক্ষাগাৰৰ সামগ্ৰীৰ যোগানৰ প্ৰয়োজন হৈছে । ঔষধ যোগান আৰু পৰীক্ষাগাৰৰ নমুনাসমূহ এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়ৈ প্ৰেৰণ কৰাৰ বাবে ড্ৰোণ হৈছে আটাইতকৈ নিৰাপদ আৰু দ্ৰুত মাধ্যম । কৰ’ণাৰ অভিকেন্দ্ৰ ৱুহানত হাস্পতাললৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে এখন ড্ৰোণ ব্যৱহাৰ কৰা হয় । এই প্ৰযুক্তিৰ ব্যৱহাৰে কেৱল অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান প্ৰক্ৰিয়া খৰতকীয়া কৰাই নহয়, স্বাস্থ্যকৰ্মীসকল সংক্ৰমিত হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে ।
উষ্ণতা পৰীক্ষাকৰ’ণাভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ সময়ত চীনৰ বহু এপাৰ্টমেণ্টত চৰকাৰী পক্ষই ড্ৰোণৰ সহায়ত দূৰ সংযোগ উষ্ণতা নিয়ন্ত্ৰণৰ ব্যৱস্থা ৰূপায়ণ কৰিছিল । যিহেতু সংক্ৰমণ হোৱাৰ বাবে সকলোৱে ভয় খাই আছিল,মুখামুখি যোগাযোগৰ সলনি ড্ৰোণত ইনফ্ৰাৰেড কেমেৰা ব্যৱহাৰ কৰি লক ডাউনত ঘৰত আবদ্ধ হৈ থকা লোকসকলৰ শৰীৰৰ উত্তাপ জোখা হৈছিল ।

ভাৰতত ড্ৰোণৰ উদ্যোগ

  • ঘন বসতিপূৰৰ্ণ অঞ্চলত স্বাস্থ্যসেৱা পৰিচালনা আৰু চিনাক্তকৰণ, বীজানুনাশকেৰে বৃহৎ অঞ্চল ছেনিটাইজ কৰা, যান-বাহন আইন আৰু লক ডাউন উলংঘাকাৰীসকলক নিৰীক্ষণ আৰু কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতত ড্ৰোণ অতি প্ৰয়োজনীয় প্ৰযুক্তি হিচাপে পৰিগণিত হৈছে ।
  • ড্ৰোণ ফেডাৰেশ্বন অৱ্ ইণ্ডিয়াৰ ডাইৰেক্টৰ অৱ্ পাৰ্টনাৰশ্বিপ স্মিথ শ্বাহৰ মতে কোভিড-১৯ এ ড্ৰোণৰ সক্ষমতাক প্ৰমাণ কৰিছে । ড্ৰোণ ফেডাৰেশ্বন অৱ্ ইণ্ডিয়াত এহেজাৰতকৈ অধিক সদস্য আছে । পূৰ্বতে ড্ৰোণসমূহক নিৰাপত্তা আৰু গোপনীয়তাৰ প্ৰতি ভাবুকি হিচাপে চোৱা হৈছিল । কিন্তু এতিয়া ইয়াৰ ইতিবাচকতা প্ৰমাণিত হৈছে বুলি তেওঁ প্ৰকাশ কৰে ।
  • শ্বাহৰ হিচাপ অনুসৰি ভাৰতত ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি থকা প্ৰায় পঞ্চাশটা ড্ৰোণ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান,দুশ ড্ৰোণ সেৱা প্ৰদানকাৰী সংগঠন আৰু পাঁচ হাজাৰ ড্ৰোণ পাইলট আছে । এফ আই চি চি—এমষ্ট এণ্ড ইয়ঙৰ ২০১৮ চনৰ জুলাইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ড্ৰোণ উদ্যোগে ২০২১ চনত ৯০০ মিলিয়ন ডালৰ স্পৰ্শ কৰিব । ইয়াৰ বিপৰীতে বিশ্বৰ ড্ৰোণৰ বজাৰৰ পৰিমাণ হ’ব ২৫ বিলিয়ন ডলাৰ ।
  • দুই লাখৰ পৰা (২৬০০ ডলাৰ) প্ৰায় ২০ মিলিয়ন টকা (২৬০০ ডলাৰ)ৰ মূল্যৰ নানা আকৃতিৰ প্ৰায় দুই লাখ ব্যৱাসায়িক আৰু মনোৰঞ্জনমূলক ড্ৰোণ ভাৰতত আছে । এই অতিমাৰীৰ পূৰ্বে ড্ৰোণসমূহ বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হৈছিল । বান নিৰীক্ষণৰ পৰা খেতিপথাৰত কীটনাশক ছটিওৱা, মহ খেদা, উইণ্ড টাৰ্বাইন নিৰীক্ষণ আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় তথ্য সংগ্ৰহ আদিৰ ক্ষেত্ৰত ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল ।
    Drones in India during pandemic times
    ৰেড জ’নত ড্ৰোণে পালন কৰিছে উল্লেখনীয় ভূমিকা

মহাৰাষ্ট্ৰত ড্ৰোণৰ ব্যৱহাৰ

জনবহুল অঞ্চলবোৰত সংক্ৰমণৰ সৈতে যুঁজিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে ডাটা এনালিটিকছ, ড্ৰোণ আৰু পৰম্পৰাগত নিৰীক্ষণ ব্যৱস্থাৰ আশ্ৰয় লৈছে । ৰাজপথত মানুহৰ চলাচলৰ প্ৰতি নজৰ দিবলৈও ড্ৰোণ ব্যৱহাৰ কৰা হয় । যদি মানুহৰ অধিক সমাগম দেখা পোৱা যায় তেতিয়া লগে লগে আৰক্ষীৰ দল প্ৰেৰণ কৰা হয় ।

মুম্বাইত সামাজিক দুৰত্ব নিশ্চিতকৰণ সন্দৰ্ভত স্মিথ শ্বাহে কয়,“ক্ৰাউড-চ’ৰ্ছ চা্বেইলেন্স মডেল ব্যৱহাৰ কৰি ডি এফ আয়ে মুম্বাইত ৫০জন ড্ৰোণ পাইলটক বাচি উলিয়ায় । আৰক্ষীৰ সৈতে আমাৰ দলটোৱে মহানগৰখনৰ বিভিন্ন অঞ্চল নিৰীক্ষণ কৰাৰ লগতে ৰাইজে সামাজিক দুৰত্ব মানি চলিছেনে নাই তাৰ প্ৰতি নজৰ ৰাখিছে।

পাইলটসকলে তেওঁলোকৰ ঘৰৰ ৫০ মিটাৰ আশে-পাশে কেইবা ঘণ্টা ধৰি মানুহৰ ভিৰ চাবলৈ ড্ৰোণ উৰুৱায় । ইয়াৰ দ্বাৰা সংগৃহীত ফুটেজ বা দৃশ্যাৱলী সময় আৰু স্থানৰ উল্লেখেৰে এক ডেছবোৰ্ডত আপলোড কৰা হয় । মুম্বাই আৰক্ষীয়ে এই দৃশ্যাৱলী তেওঁলোকৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা চায় আৰু সেই অনুসৰি আৰক্ষীৰ দল নিৰ্দিষ্ট স্থানসমূহলৈ প্ৰেৰণ কৰে । ঘৰতে থকা এইসকল পাইলটৰ উপৰি গ্ৰাউণ্ডত নামি পৰা দুটা দলো আছে । তেওঁলোকৰ লগত স্পীকাৰ সংযুক্ত ড্ৰোণ থাকে । তেওঁলোকে আৰক্ষীক পেট্ৰ’লিঙৰ সময়ত সংগ দিয়ে । তেওঁলোকে ড্ৰোণৰ সহায়ত মানুহৰ ভিৰ দেখাৰ লগে লগে স্পীকৰ সংযুক্ত থকা এখন ড্ৰোণ সেই স্থানলৈ প্ৰেৰণ কৰে । এই ড্ৰোনে ৱাকী-টকীৰ সহায়ত হিন্দী,মাৰাঠী আৰু উৰ্দুত ৰেকৰ্ড কৰা মেছেজেৰে ৰাইজক ভিৰৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনায় ।

Drones in India during pandemic times
ড্ৰোণে কোভিড-১৯ ৰ বিৰুদ্ধে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈছে

তামিলনাডুত ড্ৰোণৰ ব্যৱহাৰ

চেন্নাইৰ ড্ৰোণ সেনানীৰ কৰ’নাভাইৰাছ বিৰোধী যুঁজত যোগদান

ৰেড জ’নত পালন কৰিছে উল্লেখনীয় ভূমিকা

ড্ৰোণৰ কাৰ্যকৰিতা উপলব্ধি কৰা তামিলনাডু চৰকাৰে আন্না বিশ্ববিদ্যালয়ক ৰাজ্যখনৰ বিভিন্ন চহৰ-মহানগৰত ব্যৱহাৰ কৰিবলৈ পঁচিশখন ড্ৰোণ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে । এই নতুন প্ৰযুক্তিৰ ফলত কৰ্মচাৰীসকল ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকাও হ্ৰাস কৰে । ২৩ মাৰ্চত তামিলনাডু চৰকাৰে দিয়া অনুমোদন অনুসৰি ড্ৰোণসমূহ বীজাণুনাশক ছটিয়াবলৈ ব্যৱহাৰ কৰা হ’ব। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি প্ৰথমখন ড্ৰোণ চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়ত বীজাণুনাশক ছটিয়াবলৈ ব্যৱহাৰ কৰা হয় । ড্ৰোণৰ ব্যৱহাৰৰ প্ৰসংগত গাৰুডা এৰ’স্পেছে প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৰ ড্ৰোণসমূহ অধিক ওজন কঢ়িয়াব পৰা আৰু দৈনিক ২০ কিল’মিটাৰ অঞ্চল সাঙুৰিব পৰাকৈ নিৰ্মণ কৰা হৈছে । এই ছেনিটাইজেশ্যন প্ৰক্ৰিয়াত ৩০০ ড্ৰোণ আৰু ৫০০ পাইলটক জড়িত কৰাই ৰাজ্যখনৰ ৰাস্তা-ঘাট,মেট্ৰ’ আৰু চিকিৎসালয় ছেনিটাইজ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

জম্মু আৰু কাশ্মীৰত ড্ৰোণ

ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ আৰু ৰাইজক প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে সজাগ কৰিবলৈ জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰৰ লগতে আন আন অঞ্চলতো ড্ৰোণৰ ব্যৱহাৰ কৰিছে । নীতি-নিয়সমূহ ভংগ কৰা হৈছে নেকি সেয়া চাবলৈও এই ড্ৰোণসমূহ ব্যৱহাৰ কৰা হয় ।

নতুন দিল্লীৰ আকাশত ড্ৰোণ

ৰাজপথত সামাজিক দুৰত্ব ৰক্ষা কৰিবলৈ,বীজাণুনাশক ছটিয়াবলৈ আৰু আৰক্ষীৰ অতিৰিক্ত সংযোজন হিচাপে দিল্লীৰ আকাশত ড্ৰোণ উৰুওৱা হৈছে । গেলামালৰ দোকান,বেংক আৰু ধৰ্মীয় স্থানত নজৰ ৰাখিবলৈও আৰক্ষীয়ে ব্যাপক হাৰত ড্ৰোণ ব্যৱহাৰ কৰিছে । কেন্দ্ৰীয় দিল্লীৰ কেৰ’ল বাগত প্ৰশাসনৰ লোকক ড্ৰোণত বীজাণুনাশক ভৰ্তি কৰা অৱস্থাত দেখা পোৱা গৈছিল । যিহেতু তিনি হাজাৰ লিটাৰৰ টেংকাৰসমূহে ঠেক গলিসমূহেৰে যাব নোৱাৰে সেইসমূহ স্থানত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে । ড্ৰোণ ব্যৱহাৰত সফল হোৱা বুলি দিল্লী আৰক্ষী আৰু প্ৰশাসনে প্ৰকাশ কৰিছে ।

গুজৰাটত ড্ৰোণৰ ব্যৱহাৰ

গুজৰাট আৰক্ষীয়ে ৰাজ্যখনত দুশখন ড্ৰোণ ৰাইজৰ চলাচল নজৰত ৰাখিবলৈ ব্যৱহাৰ কৰিছে ।

তেলেংগানাৰ আকাশতো উৰিছে ড্ৰোণ

তেলেংগানাত ড়্ৰোণৰ লগত ছাৰ্ভেইলেঞ্চ কেমেৰা আৰু থাৰ্মেল ইমেজিং প্লেলোড সংযোগ কৰা হৈছে । থাৰ্মেলৰ সহায়ত নিশাও নিৰীক্ষণ কৰিব পাৰি আৰু আৰক্ষীক লক ডাউন ৰূপায়ণ কৰাত যথেষ্ট সহায় কৰিছে । ৰাইজক সজাগ কৰিবলৈ ড্ৰোণসমূহত স্কাই স্পীকাৰো সংযোগ কৰা হৈছে । তেলেংগানাত মাৰুট ড্ৰোনছক প্ৰতিষ্ঠাপক প্ৰেম কুমাৰ বিশলাৱাথে বীজাণুনাশক ছটিওৱাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰি আহিছে ।

কেৰালাত ড্ৰোণ

কেৰালা আৰক্ষীয়ে ৩৫০ খন ড্ৰোণ ব্যৱহাৰ কৰিছে । আনকি আৰক্ষীয়ে ছ’চিয়েল মিডিয়াযোগে ড্ৰোণৰ দ্বাৰা গ্ৰহণ কৰা আমোদজনক ভিডিঅ’ও প্ৰচাৰ কৰিছে । এনে ভিডিঅ’বোৰ ভাইৰেলো হৈ পৰিছে ।

মধ্য প্ৰদেশতো কৰা হৈছে ড্ৰোণৰ ব্যৱহাৰ

ভূপালত আৰক্ষীয়ে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ ড্ৰোণৰ ব্যৱহাৰ কৰিছে । কনটেইনমেণ্ট অঞ্চলত আইন ভংগকাৰীক ধৰিবলৈ ১৯ টা ড্ৰোণ ব্যৱহাৰ কৰা হৈছে ।

ভৱিষ্যতে ড্ৰোণৰ ব্যৱহাৰ

ড্ৰোণৰ ফলপ্ৰসূ ব্যৱহাৰে ইয়াৰ উপকাৰিতা উপলব্ধি কৰিবলৈ সকলোকে বাধ্য কৰাইছে । ড্ৰোণ সম্পৰ্কে পূৰ্বতে ভাৰতত নানা ধৰণৰ নেতিবাচক ধাৰণা আছিল । কিন্তু সেয়া ক্ৰমশঃ সলনি হৈছে । চৰকাৰেও ড্ৰোণৰ উপকাৰিতা উপলব্ধি কৰিবলৈ লৈছে । এশজন মানুহে কৰা কামটো দহখন ড্ৰোণে এক পঞ্চমাংশ সময়ৰ ভিতৰতে কৰি দিব পাৰে ।

উৎস-

https://www.hindustantimes.com/india-news/covid-19-4-tamil-nadu-districts-under-lockdown-from-today-drone-monitoring-carried-out-in-chennai/story-arYIlF5BclrIG92xbFuL0M.html

https://www.outlookindia.com/website/story/india-news-chennais-drone-army-joins-citys-fight-against-coronavirus-plays-crucial-role-in-red-zones/351249

https://www.forbes.com/sites/anuraghunathan/2020/06/19/how-drones-are-helping-india-fight-the-coronavirus-pandemic/#54d73c0e3768

https://www.business-standard.com/article/pti-stories/drones-contact-tracing-apps-became-more-acceptable-during-covid-19-than-ever-before-india-at-un-120061200398_1.html

https://www.geospatialworld.net/blogs/how-drones-are-being-used-to-combat-covid-19/

https://www.forbes.com/sites/petertaylor/2020/04/25/could-pandemic-drones-help-slow-coronavirus-probably-not-but-covid-19-is-a-boom-for-business/#1a06112b62a4

লগতে চাওকঃ পলুৱাই অনা যুৱতীক লৈ শংকিত বটদ্ৰৱাৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.