ETV Bharat / bharat

জৈৱিক কৃষিৰে প্ৰেৰণা লভা ৰনধীৰ সিঙে গঢ়িলে অভিলেখ

লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত এজন ভাৰতীয় কৃষকৰ নাম ৷ জৈৱিক সাৰৰ জৰিয়তে শাক-পাচলি উৎপাদন কৰিছে ৰনধীৰ সিঙে ৷

author img

By

Published : Mar 9, 2020, 11:41 PM IST

লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত ৰনধীৰৰ নাম
ৰনধীৰ সিঙৰ অভিলেখ

নেশ্যনেল ডেস্ক, 9 মাৰ্চ : আৰ্থিক অনাটনৰ বাবে দেশত বহু কৃষকে আত্মহত্যাৰ পথ বাছি লোৱাৰ সময়তে এক দৃষ্টান্তমূলক নিৰ্দৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ এজন কৃষকে ৷ জৈৱিক সাৰৰ জৰিয়তে শাক-পাচলিৰ খেতি কৰি অন্য কৃষকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৰনধীৰ সিং নামৰ কৃষকজন ৷ ইয়াৰ জৰিয়তে অভিলেখ সৃষ্টি কৰা ৰনধীৰ সিঙে লিমকা বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷

ৰনধীৰ সিঙৰ অভিলেখ

আধুনিক কৃষি পদ্ধতিত ব্যৱহৃত ৰাসায়নিক সাৰৰ ফলত খেতিপথাৰৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাই নহয়, ইয়াৰ ফলত উপভোক্তাই বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগা হৈছে ৷

ৰনধীৰ সিঙে এক একৰ কৃষিভূমিত 103 কুইন্টল শাক-পাচলি উৎপাদন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ এই প্ৰচেষ্টাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবৰ বাবে বিভিন্ন স্থানৰ পৰা লোক আহি উপস্থিত হৈছেহি ৷

তেওঁৰ বাগিছাত উৎপাদিত কেৰেলা 5 ফুট 8 ইঞ্চিলৈকে দীঘল হৈছে ৷ ইয়াৰোপৰি, 700 গ্ৰাম ওজনৰ আদাও উৎপাদন কৰিবলৈ সক্ষম হৈছে ৰনধীৰ সিঙে ৷ শাক-পাচলিৰ খেতি কৰি ভালপোৱা ৰনধীৰ সিঙে বাগিছাত উৎপাদন কৰিছে হালধি, কুঁহিয়াৰ, বিভিন্ন প্ৰজাতিৰ মটৰ আৰু কবি ৷

এই সম্পৰ্কত ৰনধীৰ সিঙে কয়, "মই অন্য কৃষকৰ দৰে শস্য উৎপাদন কৰিব নোৱাৰো ৷ এজন কৃষকে মনত ৰাখিবলগা বিষয়টো হৈছে শস্যত উপযুক্ত সময়ত পানী প্ৰদান কৰা ৷ শস্যক কেতিয়া পানীৰ প্ৰয়োজন হয় সেই সম্পৰ্কে আগজাননী প্ৰদান কৰে ৷ এই সম্পৰ্কত এজন কৃষকৰ সম্যক জ্ঞানৰ প্ৰয়োজন ৷"

এই কথা উল্লেখযোগ্য যে, ৰনধীৰ সিঙে কেৱল জৈৱিক সাৰহে কৃষিকৰ্মত ব্যৱহাৰ কৰে ৷ অন্য ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৰ্তমানলৈকে কৰা নাই কৃষকগৰাকীয়ে ৷ আনহাতে, তেওঁ ব্যৱহাৰ কৰা জৈৱিক সাৰবিধ গৰুৰ গোবৰ আৰু অন্য পোহনীয়া জন্তুৰ মলমূত্ৰৰ পৰা তৈয়াৰ কৰা হয় ৷

আৰু পঢ়ক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.