ETV Bharat / bharat

অৰ্থনৈতিক অনুসন্ধান বিভাগে জব্দ কৰিলে ২৬ কিল'গ্ৰাম সোণ

author img

By

Published : Aug 16, 2020, 4:46 PM IST

শিলিগুৰিৰ পৰা দিল্লীলৈ সৰবৰাহৰ সময়তে বুজন পৰিমানৰ সোণসহ তিনিজন লোকক আটক । এক বিশেষ সূত্ৰৰ পম খেদি অৰ্থনৈতিক অনুসন্ধান বিভাগে আটকাধীন লোক তিনিজনৰ পজা জব্দ কৰিলে ২৬.২৫ কিল'গ্ৰাম সোণ । অধিক তথ্যৰ বাবে DRIৰ অনুসন্ধান অব্যাহত আছে ।

DRI nabs three with 26 kg gold in Siliguri
অৰ্থনৈতিক অনুসন্ধান বিভাগে শিলিগুৰিত জব্দ কৰিলে ২৬ কিলো সোণ

নিউজ ডেস্ক, ১৬আগষ্ট: এক বিশেষ সূত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা অৰ্থনৈতিক অনুসন্ধান বিভাগে (DRI) শিলিগুৰিত তিনিজন সৰবৰাহকাৰী সহ ২৬.২৫ কিল'গ্ৰাম সোণ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য ১৪.৫ কোটি বুলি জনালে অভিযানকাৰী দলটোৱে ।

সোণ সহিতে আটক হোৱা ব্যক্তি তিনিজন হৈছে সৌৰভ সামাৰাভ চিৰকাণ্ডে (২৩), সন্দেশ আপ্পা নাৰালে (২১) আৰু শশীকান্ত টানাজয়ক'টে(২৫) । আটকাধীন আটাইকেইজন মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰই অৱগত কৰা মতে, আটকাধীন তিনিওকে শনিবাৰে শিলিগুৰি আদালতত হাজিৰ কৰি দুই দিনৰ বাবে জিম্মাত লোৱা হৈছে ।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, জব্দ কৰা সোণখিনি দিল্লীলৈ নিবৰ বাবে সাজু কৰা হৈছিল । এই চোৰাং সৰবৰাহক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.