ETV Bharat / bharat

ক’ভিড-19 পৰীক্ষাৰ তথ্য সন্দৰ্ভত CuRED ৱেবচাইট মুকলি কেন্দ্ৰৰ

author img

By

Published : Oct 21, 2020, 9:41 AM IST

CuRED নামৰ এক ৱেবচাইট মুকলি কেন্দ্ৰীয় স্বাস্থ্য,বিজ্ঞান আৰু প্ৰায়োগিক মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ ৷ ক’ভিড-19ৰ পৰীক্ষা সন্দৰ্ভত ব্য়াপক তথ্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি এই ৱেবচাইটটো মুকলি কৰা হৈছে ৷

Dr Harsh Vardhan launches CuRED
ক’ভিড-19 পৰীক্ষাৰ তথ্য সন্দৰ্ভত CuRED ৱেবচাইট মুকলি কেন্দ্ৰৰ

নিউজ ডেস্ক,21 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য,বিজ্ঞান আৰু প্ৰায়োগিক মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে CuRED নামৰ এক ৱেবচাইট মুকলি কৰে ৷ এই ৱেবচাইটে ক’ভিড-19ৰ পৰীক্ষা সন্দৰ্ভত ব্য়াপক তথ্য প্ৰদান কৰিব আৰু উদ্যোগিক আৰু বৈজ্ঞানিক গৱেষণা পৰিষদ (CSIR)ৰ অন্য উদ্যোগ আৰু চৰকাৰী বিভাগৰ সৈতে অংশীদাৰিত্ব কৰাত সহায় কৰিব ৷

CSIR Ushered Repurposed Drugsৰ মুখ্য উদ্দেশ্য হৈছে ঔষধ,ডায়গ্নোস্তিক্স আৰু বিভিন্ন ডিভাইছ সন্দৰ্ভত তথ্য প্ৰদান কৰা ৷ বিজ্ঞান আৰু প্ৰায়োগিক মন্ত্ৰণালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি,পৰীক্ষণৰ বৰ্তমানৰ স্থিতি,সংস্থাসকলৰ অংশীদাৰিত্ব আৰু পৰীক্ষণ আৰু অন্য় তথ্য অন্তৰ্ভুক্ত হৈ আছে ৷

উল্লেখ্য যে,ডাঃ হৰ্ষ বৰ্ধনে ক’ভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজত বজাৰত উপলব্ধ ঔষধ আৰু ডায়গ্নোস্তিক্সৰ সহায়ৰ বাবে CSIRৰ প্ৰয়াসক ব্যৱহাৰ কৰিছে ৷

উক্ত মুকলি অনুষ্ঠানত ডাঃ হৰ্ষ বৰ্ধনসহ উপস্থিত থাকে সচিব,DSIR আৰু DG-CSIR ডাঃ শেখৰ চি মাণ্ডে,NISTADSৰ নিৰ্দেশক ডাঃ ৰঞ্জনা আগৰৱাল আৰু Senior Principal Scientist amd Head, Science Communication আৰু Dissemination Directorate CSIR HQ ডাঃ গীতা বাণী ৰায়াছামে ৷

ইয়াৰ লগতে এই অনুষ্ঠানত ভাৰ্চুৱেল অংশগ্ৰহণ কৰে CSIRৰ নিৰ্দেশকসকল,বিভাগীয় মুৰব্বীসকল আৰু ক্লিনিকেল পৰীক্ষণৰ বিজ্ঞানীসকলে ৷

লগতে পঢ়ক : নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.