ETV Bharat / bharat

ডিপিচিচিৰ সভাপতি চৌধুৰী অনিল কুমাৰক আটক দিল্লী আৰক্ষীৰ - congress potest at India gate

প্ৰশাসনৰ বিনা অনুমতিত ইণ্ডিয়া গেটৰ সম্মুখত প্ৰতিবাদত বহিছিল কংগ্ৰেছ দলৰ নেতা-সদস্যসকলে। আৰক্ষীয়ে তেওঁলোকক উক্ত স্থানৰ পৰা যাবলৈ কৈছিল যদিও প্ৰতিবাদকাৰীসকলে তাৰ পৰা উঠিবলৈ অমান্তি হৈছিল। তাৰ পাছত দিল্লী আৰক্ষীয়ে এই সকলো প্ৰতিবাদকাৰীয়ে আটক কৰি তিলক মাৰ্গ থানালৈ লৈ যায়।

dpcc president chaudhary anil kumar
dpcc president chaudhary anil kumar detain by delhi police for protesting at india gate
author img

By

Published : Jun 26, 2020, 9:38 PM IST

নিউজ ডেস্ক, ২৬ জুন : লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্য়ৰ আক্ৰমনত শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইণ্ডিয়া গেটলৈ গৈ আটক হ'ল দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি চৌধুৰী অনিল কুমাৰ। আৰক্ষীৰ অনুমতি অবিহনে শ্ৰদ্ধাঞ্জলি জনোৱা তথা প্ৰতিবাদত বহাৰ বাবে দিল্লী আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক আটক কৰি তিলক মাৰ্গ থানালৈ লৈ যায়।

অনিল কুমাৰে উল্লেখ কৰা অনুসৰি তেওঁলোকে মাস্ক পৰিধান কৰি তথা সামাজিক দূৰত্ব বৰ্তাই ৰাখি শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছিল। সকলো সাৱধানতা মানি চলাৰ পাছতো মোডী চৰকাৰে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব খুজিছে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে।

dpcc president chaudhary anil kumar detain by delhi police for protesting at india gate
দিপিচিচিৰ সভাপতি চৌধুৰী অনিল কুমাৰক আটক দিল্লী আৰক্ষীৰ

উল্লেখ্য যে, চীনা সৈন্যৰ আক্ৰমণত ভাৰতীয় সেনাৰ মৃত্যু হোৱা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্যক লৈ সৰৱ হৈ পৰিছিল দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী। ইয়াকে লৈ ইণ্ডিয়া গেটৰ সম্মুখত প্ৰতিবাদত বহিছিল চৌধুৰী অনিল কুমাৰ আৰু আন আন সদস্যই। "যদি চীনা সৈন্যৰ আক্ৰমণত ২০ গৰাকীকৈ জোৱান শ্বহীদ হোৱা নাই, তেনেহ'লে কোনে তেওঁলোকক হত্যা কৰিলে?" বুলি প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে। মোডী চৰকাৰে উল্লেখ কৰা অনুসৰি যদি চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত কোনো সংঘৰ্ষ হোৱা নাই তেন্তে চীনে কেনেকৈ ভাৰতৰ ভূমি দখল কৰিছে বুলিও মন্তব্য কৰে অনিল কুমাৰে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত (Additional Deputy Commissioner of police) দীপক যাদৱ উল্লেখ কৰা অনুসৰি, ইণ্ডিয়া গেটৰ সম্মুখত বিনা অনুমতিত প্ৰতিবাদত বহিছিল কংগ্ৰেছ দলৰ নেতা-সদস্যসকলে। আৰক্ষীয়ে তেওঁলোকক উক্ত স্থানৰ পৰা যাবলৈ কৈছিল যদিও প্ৰতিবাদকাৰীসকলে তাৰ পৰা উঠিবলৈ অমান্তি হৈছিল। তাৰ পাছত আৰক্ষীয়ে এই সকলো প্ৰতিবাদকাৰীয়ে আটক কৰে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : পুলৱামাৰ সংঘৰ্ষস্থলীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.