দিল্লীত দেশৰ অগ্ৰণী ব্যৱসায়ীৰ সৈতে বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ৷ এই অনুষ্ঠানত উপস্থিত আছে ৰিলায়েঞ্চ গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানী ৷
ভাৰতত ড'নাল্ড ট্ৰাম্পৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ প্ৰতি মূহুৰ্তৰ খবৰ LIVE - ভাৰতত ড'নাল্ড ট্ৰামৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ প্ৰতি মূহুৰ্তৰ খবৰ LIVE

16:04 February 25
দেশৰ অগ্ৰণী ব্যৱসায়ীৰ সৈতে বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ

14:03 February 25
দিল্লীত ছাত্ৰ-ছাত্ৰীৰ নৃত্যানুষ্ঠান উপভোগ কৰিলে মিলেনিয়া ট্ৰাম্পে
ছাত্ৰ-ছাত্ৰীৰ নৃত্যানুষ্ঠান উপভোগ কৰিলে মিলেনিয়া ট্ৰাম্পে ৷ দিল্লীৰ সৰ্বোদয়া বিদ্যালয়ত উপস্থিত হৈ এইদৰে নৃত্য উপভোগ কৰিলে মাৰ্কিন ফাৰ্ষ্ট লেডীয়ে ৷
13:48 February 25
আমেৰিকাই ভাৰতক দিব 3 বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকান মিলিটেৰী অস্ত্ৰ

ট্ৰাম্প : মেলেনিয়া আৰু মই ভাৰতবাসীৰ এই মৰমক সদায় মনত ৰাখিম ৷ আমি ইতিমধ্যে চুক্তিৰ জৰিয়তে ভাৰতক 3 বিলিয়ন মাৰ্কিন ডলাৰৰ আমেৰিকান মিলিটেৰী অস্ত্ৰ যোগান ধৰিম ৷ ইয়াৰ ভিতৰত থাকিব আপাচী আৰু এম এইছ-60 ৰোমিঅ' হেলিকপ্টাৰ ৷ ই আমাৰ যৌথ প্ৰতিৰক্ষাক শক্তিশালী কৰিব ৷ আমাৰ আলোচনাত মোদী আৰু মই দুয়োখন দেশৰ নাগৰিকক উগ্ৰ মৌলবাদৰ পৰা ৰক্ষা কৰাৰ সংকল্প লৈছোঁ ৷ এই সন্দৰ্ভত আমেৰিকাই পাকিস্তানৰ সৈতেও সন্ত্ৰাসবাদ দমনৰ বাবে বাৰ্তালাপ কৰিব ৷
13:41 February 25
সংবাদ মাধ্যমক সম্বোধন কৰি কি ক'লে মোডীয়ে

মোদী : আজি আমি ভাৰত-আমেৰিকাৰ ব্যৱসায়িক অংশীদাৰিত্বৰ নিৰাপত্তা, সামৰিক শক্তিৰ অংশীদাৰিত্ব, ব্যৱসায়ৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ ৷ নিৰাপত্তা বিষয়ক চুক্তিখন অতি গুৰুত্বপূৰ্ণ ৷ ভাৰত আৰু আমেৰিকাই সন্ত্ৰাসবাদ সমৰ্থনকাৰীক দমনৰ বাবে চেষ্টা চলাব ৷ আমাৰ বাণিজ্য মন্ত্ৰীয়ে বাণিজ্যিক বিষয় সন্দৰ্ভত বিশদ আলোচনা কৰিব ৷ দুয়োখন দেশে এই চুক্তিৰ সাৰ্থক ৰূপ দিয়াটো বিচাৰোঁ ৷
13:27 February 25
সৰ্বোদয়াৰ পৰা বিদায় ল'লে মিলেনিয়া ট্ৰাম্প

সৰ্বোদয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰা বিদায় ল'লে মিলেনিয়া ট্ৰাম্পে ৷ সকলোৱে বিদায় জনালে ফাৰ্ষ্ট লেডীক ৷
13:23 February 25
নিজ হাতেৰে অঁকা ছবি ফাৰ্ষ্ট লেডীক উপহাৰ দিলে দিল্লীৰ ছাত্ৰীয়ে

ড'নাল্ড ট্ৰাম্পৰ পত্নী তথা ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্পক সৰ্বোদয়া বিদ্যালয়ত পাই উৎফুল্লিত হৈ পৰে ছাত্ৰ-ছাত্ৰী ৷ ট্ৰাম্প পত্নীক নিজ হাতে অঁকা ছবি উপহাৰ দিলে কেইবাগৰাকীও ছাত্ৰীয়ে ৷
12:47 February 25
ভাৰতে দিয়া সন্মানক লৈ অভিভূত ট্ৰাম্প

ট্ৰাম্প : যোৱা দুটা দিন, বিশেষকৈ কালি ম'টেৰা ষ্টেডিয়াত মোক যি সন্মান দিয়া হগৈছে, মই অভিভূত হৈ পৰিছো ৷ হয়তো মোতকৈ মোদীৰ বাবে বেছি মানুহৰ তাত সমাগম ঘটিছিল ৷ 125 হাজাৰ মানুহ ষ্টেডিয়ামত উপস্থিত আছিল ৷ মই বাৰে বাৰে কওঁ তেওঁলোকে মোদীক ভাল পায় ৷
12:40 February 25
ড'নাল্ড ট্ৰাম্প আৰু ইউ এছ প্ৰতিনিধিক স্বাগতম জনালে প্ৰধানমন্ত্ৰী মোডীয়ে

নৰেন্দ্ৰ মোদী : মই ড'নাল্ড ট্ৰাম্প আৰু ইউ এছ প্ৰতিনিধিক স্বাগতম জনাইছো ৷ মই জানো যে, এইকেইদিনত আপুনি অধিক ব্যস্ত ৷ তথাপিও কিছু সময় উলিয়াই ভাৰত ভ্ৰমণলৈ আহিছে ৷ মই আপোনাৰ প্ৰতি কৃতজ্ঞ ৷
12:28 February 25
ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে মিলেনিয়া ট্ৰাম্পে

দিল্লীৰ সৰ্বোদয়া বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰা দেখা গ'ল মাৰ্কিন ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্পক ৷
12:23 February 25
বৈঠকত মিলিত ট্ৰাম্প-মোডী

হায়দৰাবাদ হাউচত বৈঠকত মিলিত হ'ল ড'নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদী ৷ দুয়োজনে স্বাক্ষৰ কৰিব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তি ৷
12:09 February 25
দিল্লীৰ বিদ্যালয়ৰ শ্ৰেণী কোঠাত মিলেনিয়া ট্ৰাম্প

দিল্লীৰ সৰ্বোদয়া বিদ্যালয়ত উপস্থিত মাৰ্কিন ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্প ৷ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ট্ৰাম্প পত্নীয়ে ৷ শ্ৰেণী কোঠাত বহি ছাত্ৰ-ছাত্ৰীৰ সৈতে কৰিলে বাৰ্তালাপ ৷
11:58 February 25
দিল্লীৰ বিদ্যালয়ত মিলেনিয়া ট্ৰাম্প

ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে দিল্লীৰ সৰ্বোদয়া বিদ্যালয়ত উপস্থিত মাৰ্কিন ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্প ৷ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ট্ৰাম্প পত্নীয়ে ৷
11:41 February 25
বৈঠকত মিলিত হৈছে ড'নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোডী
হায়দৰাবাদ হাউচত বৈঠকত মিলিত হৈছে ড'নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোডী ৷ দুয়োগৰাকী নেতাই স্বাক্ষৰ কৰিব বাণিজ্যিক চুক্তি ৷
11:17 February 25
হায়দৰাবাদ হাউচত উপস্থিত ড'নাল্ড ট্ৰাম্প

হায়দৰাবাদ হাউচত উপস্থিত ড'নাল্ড ট্ৰাম্প ৷ লগত আছে পত্নী মিলেনিয়া ট্ৰাম্প ৷ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে মিলিত হ'ব বিশেষ বৈঠকত ৷
11:15 February 25
সাৰ্বভৌম আৰু বিচিত্ৰ ভাৰতৰ সৈতে সদায় আছে আমেৰিকা : ট্ৰাম্প

ড'নাল্ড ট্ৰাম্পে দৰ্শন টোকাত লিখিলে "সাৰ্বভৌম আৰু বিচিত্ৰ ভাৰতৰ সৈতে সদায়েই থাকিব আমেৰিকা ৷ এইয়া এক অতুলনীয় সন্মান"
11:09 February 25
ৰাজঘাটত এটি গছপুলি ৰোপন কৰিলে ট্ৰাম্পে

ৰাজঘাটত উপস্থিত পত্নীৰ সৈতে এটি গছ পুলি ৰোপন কৰিলে ড'নাল্ড ট্ৰাম্পে
10:52 February 25
ৰাজঘাটত দৰ্শন টোকা লিখিলে ট্ৰাম্পে

ৰাজঘাটত উপস্থিত পত্নী হৈ দৰ্শন টোকা লিখিলে ট্ৰাম্প দম্পতীয়ে ৷
10:41 February 25
গান্ধীজীৰ সমাধিত ড'নাল্ড ট্ৰাম্প

ৰাজঘাটত উপস্থিত পত্নী সহিতে ড'নাল্ড ট্ৰাম্প ৷ গান্ধীজীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ট্ৰাম্প দম্পতীয়ে ৷
10:32 February 25
হায়দৰাবাদ হাউচত উপস্থিত নৰেন্দ্ৰ মোডী

হায়দৰাবাদ হাউচত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কিছু সময় পাচতে ড'নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী গৰাকী ৷
10:17 February 25
গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰিলে ড'নাল্ড ট্ৰাম্পে
ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ লগত উপস্থিত আছে পত্নী মিলেনিয়া ট্ৰাম্প আৰু কন্যা ইভাংকা, ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ৷
10:08 February 25
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আদৰিলে ট্ৰাম্পক

ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেখেতৰ পত্নী সবিতা কোবিন্দে আদৰণি জনালে ট্ৰাম্প দম্পতীক ৷ উপস্থিত আছে ইভাংকা ট্ৰাম্পো ৷
10:05 February 25
ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে উপস্থিত হৈছেহি মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷
09:46 February 25
ৰাষ্ট্ৰপতিভৱনত ইভাংকা ট্ৰাম্প

ৰাষ্ট্ৰপতিভৱনত উপস্থিত ট্ৰাম তনয়া ইভাংকা ট্ৰাম্প ৷ কিছুসময়ৰ পাচতে উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ এক বিশেষ অনুষ্ঠানত অংশ ল'ব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷