ETV Bharat / bharat

কৰণা আতংকৰ মাজতে জম্মু-কাশ্মীৰত আন এক সংকটঃ ধৰ্মঘটত চিকিৎসক

জম্মু-কাশ্মীৰৰ বান্দিপৰা জিলাত উদ্ভৱ হৈছিল অভাৱনীয় পৰিৱেশ । জিলা উপায়ুক্তৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ধৰ্মঘট ঘোষণা কৰিছিল কৰ্মৰত চিকিৎসক সকলে ।

author img

By

Published : Apr 10, 2020, 9:39 AM IST

Updated : Apr 10, 2020, 9:55 AM IST

Doctors in J-K's Bandipora go on strike alleging abuse by Dy Commissioner; resume duties later

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দেশত এতিয়া কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । লক্ ডাউন চলি থকা মাজতেই দায়ত্ববোধৰে নিজৰ সেৱা আগবঢ়াই গৈছে বহু চিকিৎসক, নাৰ্ছ, আৰক্ষীৰ লগতে অন্যান্য কৰ্মচাৰীয়ে ।

কিন্তু বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত উদ্ভৱ হয় এক অভাৱনীয় পৰিস্থিতিৰ । জম্মু-কাশ্মীৰৰ বন্দিপৰা জিলাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে একাংশ চিকিৎসকে । অভিযোগ অনুসৰি জিলা উপায়ুক্তই দুৰ্ব্যৱহাৰ কৰাৰ বাবেই ধৰ্মঘটত বহে চিকিৎসক সকল ।

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰৰ হাজিন সমুদায় স্বাস্থ্য কেন্দ্ৰ হৈছে আটাইতকৈ বেছি এই ভাইৰাছৰ গ্ৰাসত পৰা অঞ্চল । কিন্তু এই জিলাখনৰ জিলা উপায়ুক্ত ছাহৱাজ মিৰ্জাই ইয়াতে কৰ্মৰত চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । তাৰ পাচতেই জিলা উপায়ুক্তগৰাকীৰ বৰখাস্তৰ দাবীত অৱস্থান ধৰ্মঘটত বহে হাস্পতালখনৰ সকলো মেডিকেল ষ্টাফ । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ হস্তক্ষেপত এই ধৰ্মঘট বাতিল কৰা হয় ।

জিলাখনৰ এছডিএম ছৈয়দ শ্বাহনাৱাজ বুখাৰীয়ে কয়, দুয়ো পক্ষৰ মাজত যোগাযোগৰ অভাৱ ঘটিছিল । ইয়াৰ বাদে অন্য একো কাৰণ নাছিল । অতি সোনকালেই ঘটনাটো মিমাংসা কৰি লোৱা যাব । আনহাতে জিলা উপায়ুক্তৰ আচৰণক গৰিহণা দিয়ে কাশ্মীৰৰ চিকিৎসক সংস্থাই ।

লগতে চাওক- তেলেংগানাত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকক দুৰ্ব্যৱহাৰ কৰা শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ

Last Updated : Apr 10, 2020, 9:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.