নিউজ ডেস্ক, ২৩ জুনঃ ভাৰতীয় সংস্কৃতিত প্ৰাচীন কালৰ পৰাই গছে এক বিশেষ ভূমিকা পালন কৰি আহিছে। বহু সংখ্যক গছৰ ঔষধি গুণ থকাৰ উপৰিও গছে মানুহক খাদ্য প্ৰদান কৰা, সূৰ্যৰ উত্তাপৰ পৰা বচোৱা, ছাঁ দিয়া আদিকে ধৰি দৈনন্দিন জীৱনত বহুক্ষেত্ৰত সহায় কৰে। মানৱীয় অস্তিত্ত্ব ৰক্ষাৰ বাবে গছ অতিকৈ প্ৰয়োজনীয়।
ইয়াৰ ভিতৰত ভাৰতীয় সংস্কৃতি বিশেষকৈ হিন্দু সংস্কৃতি, পৰম্পৰা আৰু পৌৰাণিক কথা-বতৰাসমূহত গছে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। এনে গছসমূহৰ ভিতৰত উত্তৰাখণ্ডৰ জোশীমঠত ধৰ্মীয়, পৌৰাণিক আৰু ঐতিহাসিক মহত্ত্ব থকা এডাল কল্পবৃক্ষ (mulberry tree)আছে । কথিত অনুসৰি, জ্যোতিমঠ শব্দৰ পৰাই জোশীমঠ চহৰখনৰ নাম ৰখা হৈছে । বিশ্বাস অনুসৰি অষ্টম শতাব্দীৰ আশে-পাশে আদিগুৰু শুক্ৰাচাৰ্যই এই স্থানতেই বহি তপস্যা কৰিছিল আৰু এই স্থানতেই শুক্ৰাচাৰ্যই দিব্য-জ্ঞান-জ্যোতি প্ৰাপ্ত হৈছিল।
![কল্পবৃক্ষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:51:05:1592893265_7721552_477_7721552_1592846327766.png)
উত্তৰাখণ্ডৰ জোশীমঠস্থিত এই কল্পবৃক্ষ ডালক পৃথিৱীৰ সবাটোকৈ প্ৰাচীন বৃক্ষ হিচাপে জনা যায়। এই বৃক্ষডাল ১৫০০ৰ পৰা ২৫০০ বছৰ পুৰণি। গছডালৰ আকাৰ ২১ মিটাৰ হোৱাৰ লগতে, গছডালৰ উচ্চতা প্ৰায় ১৭০ ফীট বুলি জানিব পৰা গৈছে।
এই গছডাল কল্পবৃক্ষ বুলি জনাজাত। হিন্দু লোকবিশ্বাস তথা মহাভাৰতত উল্লেখিত অনুসৰি সমুদ্ৰ তলৰ অমৃত পাণৰ বাবে দেৱতা আৰু ৰাক্ষক সকলে সমুদ্ৰ মন্থন কৰিছিল । এই সমুদ্ৰ মন্থনৰ সময়ত সাগৰ তলৰ পৰা কল্পবৃক্ষডাল উঠি আহিছিল বুলি জনা যায়।
![কল্পবৃক্ষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:51:06:1592893266_7721552_991_7721552_1592846340984.png)
ই টিভি ভাৰতৰ এগৰাকী সাংবাদিকৰ আগত মঠৰ পূজাৰী ৰাম চন্দ্ৰ উনিয়ালে উল্লেখ কৰে যে, "হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি, আদি জগতগুৰু শুক্ৰাচাৰ্যই এই গছডালৰ তলত বহি জ্যোতিমঠত ভগৱান শিৱৰ আৰাধনা কৰিছিল। শুক্ৰাচাৰ্যই স্থাপন কৰা শিৱলিংগতো ইতিমধ্যে এই কল্পবৃক্ষডালে আৱৰি ধৰিছে । সম্প্ৰতি উক্ত স্থানত ভগৱান শিৱৰ জ্যোতিশ্বৰ মহাদেৱ মন্দিৰ স্থাপন কৰা হৈছে। "
লোকবিশ্বাস অনুসৰি এই কল্পবৃক্ষডালে ভক্তৰ মনোকামনা পূৰ্ণ কৰে । ৰহস্যজনকভাৱে, এই কল্পবৃক্ষডাল গোটেই বছৰ চিৰসেউজীয়া হৈ থাকে আৰু কেতিয়াও বৃক্ষডালৰ এটা পাতো নিজে নসৰে । জ্যোতিমঠত অৱস্থিত ২৪ মিটাৰ ব্যাসাৰ্ধৰ এই গছডালৰ হাজাৰৰো অধিক ডাল আছে। লগতে, এই কল্পবৃক্ষডালত ফুল লাগে যদিও কেতিয়াও ফল নালাগে । প্ৰতিবছৰে হাজাৰৰো অধিক ভক্তই এই কল্পবৃক্ষডালত ধাগা বান্ধে আৰু নিজৰ মনোকামনা পূৰণ কৰাৰ বাবে প্ৰাৰ্থনা কৰে। শাস্ত্ৰ অনুসৰি এই বৃক্ষডালক দ্বাপৰ যুগৰ বুলি বিশ্বাস কৰা হয় ।