ETV Bharat / bharat

ঘন কুঁৱলীয়ে আৱৰিলে দিল্লী: ৰেল,বিমান সেৱাত প্ৰভাৱ

author img

By

Published : Dec 30, 2019, 10:27 AM IST

ঘন কুঁৱলীৰ ফলত দিল্লীৰ ৰেল আৰু বিমান সেৱাত প্ৰভাৱ ৷ ব্য়াঘাত জন্মিছে বহুকেইখন ৰেল আৰু বিমানৰ চলাচলৰ ৷

ৰেল, বিমান সেৱাত প্ৰভাৱ
ঘন কুঁৱলীয়ে আৱৰিলে দিল্লী

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : দিল্লীত দিনে দিনে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ সোমবাৰৰ পুৱাও ৰাজ্যখনক ঘন কুঁৱলীয়ে আৱৰি ধৰাৰ ফলত বহুকেইখন ৰেল আৰু বিমানৰ চলাচলত ব্যাঘাত জন্মে ৷ কুঁৱলীৰ বাবেই দিল্লী বিমানবন্দৰত সাধাৰণ বিমানৰ চলাচল স্থগিত ৰখা হয় ৷ দিল্লী বিমানবন্দৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি,"অস্পষ্ট বতৰৰ বাবে বিমান সেৱাত প্ৰভাৱ পৰিছে ৷ বিমান সেৱাৰ শেহতীয়া তথ্যৰ বাবে যাত্ৰীসকলক যোগাযোগ অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল ৷"

ঘন কুঁৱলীয়ে আৱৰিলে দিল্লী

ইয়াৰোপৰি, নতুন দিল্লী ৰেলৱে' ষ্টেছনো এনে বতৰৰ বাবে সৰ্বাধিক প্ৰভাৱান্বিত হৈছে ৷ উত্তৰ ৰেলৱে'ৰ প্ৰায় 30 খন ৰেলৰ চলাচলত ব্যাঘাত জন্মিছে বুলি জানিব পৰা গৈছে ৷ 29 ডিচেম্বৰত ৰাজ্যখনৰ সৰ্বনিম্ন তাপমান 2.5 ডিগ্ৰীলৈ হ্ৰাস পায় ৷ শনিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অতিমাত্ৰা শীতৰ বাবে দেশৰ ৰাজধানীখনত 'ৰেড' এলাৰ্ট জাৰি কৰে ৷

আনহাতে,31 ডিচেম্বৰৰ পৰা ৰাজধানী দিল্লী আৰু নয়দা,গুৰুগ্ৰাম,গাজিয়াবাদ,ফৰিদাবাদত বৰষুণৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া অনুসৰি,3 জানুৱাৰীলৈ এনে ধৰণৰ বতৰ অব্যাহত থাকিব ৷

আৰু পঢ়ক : 'খেলো ইণ্ডিয়া'ত মোডী উপস্থিত হ'লে গণ বিক্ষোভৰ হুংকাৰ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.