নিউজ ডেস্ক, 13 নৱেম্বৰঃ মঙলবাৰৰ পৰা মহাৰাষ্ট্ৰত বলবৎ কৰা হ'ল ৰাষ্ট্ৰপতি শাসন ৷ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপাল ভগত সিং ক'ছয়াৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ভিত্তিতেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ অনুমোদন জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ পাচতেই ৰাজ্যপালসমূহে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ৷ ইয়াৰ মাজতেই সমগ্ৰ বিষয়টোক তীব্ৰ ভাষাৰে কটাক্ষ কৰে উত্তৰ-প্ৰদেশ, উত্তৰাখণ্ড, আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল আজীজ কুৰেশ্বিয়ে ৷
লগতে পঢ়কঃ ভাৰত অবিহনে RCEP দুৰ্বলঃ অষ্ট্ৰেলিয়ান আমোলা
মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাটো গনতান্ত্ৰিক প্ৰমূল্যবোধৰ হত্যা আখ্যা দিয়ে প্ৰাক্তন ৰাজ্যপাল আজীজ কুৰেশ্বিয়ে ৷ দেশত গনতান্ত্ৰিক আদৰ্শ আৰু প্ৰমূল্যবোধক হত্যা কৰা হৈছে, ইতিহাসে এইয়া কেতিয়াও পাহৰি নাযায় বুলিও মন্তব্য কৰে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, ক'ছয়াৰীয়া এজন ভাল ব্যক্তি, মোৰ বিশ্বাস এইয়া তেওঁৰ সিদ্ধান্ত নহয় ৷ সেয়ে মই মহাৰাষ্ট্ৰৰ ৰাজ্যপালক কোনো ধৰণৰ দোষাৰোপ নকৰো ! তেওঁৰ ওপৰত কেইবাদিনো ধৰি হেঁচা প্ৰয়োগ কৰা হৈ আছিল ৷
প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে লগতে কয় যে, ৰাজ্যপাল ক'ছয়াৰীয়ে সন্ধিয়া 8 বাজি 30 মিনিটলৈকে অপেক্ষা কৰাটো প্ৰয়োজন আছিল ৷ প্ৰথমে তেওঁ এন চি পি আৰু তাৰ পাচত কংগ্ৰেছক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব লাগিছিল ৷ যদিহে দুয়োটা দল চৰকাৰ গঠনত ব্যৰ্থ হয় তেতিয়াহে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লাগিছিল ৷