ETV Bharat / bharat

আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা - DMK on Bhagwat Geeta in Anna University

তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত সংস্কৃত ভাষা জাপি দিয়াৰ অভিযোগেৰে দ্ৰাৱিড় মুন্নেটা কাজগামৰ ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিছে ডিএমকেৰ ছাত্ৰ সংগঠনটোৱে ৷

আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা ডিএমকেৰ ছাত্ৰ সংগঠনৰ
author img

By

Published : Oct 1, 2019, 11:12 PM IST

নেচনেল ডেস্ক,1 অক্টোবৰঃ তামিলনাডুৰ দ্ৰাৱিড় মুন্নেটা কাজগামৰ ছাত্ৰ সংগঠনে মংগলবাৰে আন্না বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সংস্কৃত ভাষা জাপি দিয়াৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনে শেহতীয়াভাৱে তেওঁলোকৰ অভিযান্ত্ৰিক বিদ্যাপীঠত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যখনৰ অগ্ৰণী ৰাজনৈতিক দল ডিএমকে ই আদি কৰি দলটোৰ ছাত্ৰ সংগঠনে তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিছে ৷ দলটোৰ সভাপতি এম কে ষ্টেলিনে বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ ভাষা আৰু নৃ-গোষ্ঠীয়জনিত বিষয় উত্থাপন কৰি থকাৰ অভিযোগ তোলে ৷ আনহাতে ছাত্ৰ সংগঠনটোৰ জিলা সম্পাদক এজহিলাৰাচানে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পাঠ্যক্ৰমৰ পৰা ভাগৱত গীতা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে ৷ তেখেতে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াভাৱে সংস্কৃত ভাষা জাপি দিব খোজা মানসিকতাক সমালোচনা কৰে ৷ লগতে ছাত্ৰ সংগঠনটোৱে অভিযান্ত্ৰিক পাঠ্যক্ৰমত ভাগৱত গীতা কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা ভাগৱত গীতা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে ৷ মনকৰিবলগীয়া যে সংগঠনটোৱে ইয়াৰ পূৰ্বে নৱ-শিক্ষানীতিৰো বিৰোধিতা কৰিছিল ৷

Intro:Body:

The students wing of Dravida Munnetra Kazhagam (DMK) on Tuesday staged a protest against the alleged imposition of Sanskrit in Anna University. Anna University has included a paper on 'Bhagwat Geeta' for the engineering students. and one of the major demand by DMK student wing is related to retraction of this move by the University. 

DMK president MK Stalin had condemned Anna Universitys imposition of Bhagwat Geeta for students of Anna University. The central government is continuously imposing the language issue and we condemn this. Each state should raise voice for their mother tongue. And Ezhilarasan(student wing district secretary) to Speak Spokesperson Anna University should remove Bhagavad Gita from the curriculum. central government is trying to impose Sanskrit We will continue to protest until Anna University removes Bhagavat Geeta from the syllabus It is not a need for an engineering student. And also demanded the retraction of the New Education Policy under which Standard 5 and 8 students need to give a public exam. 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.