ETV Bharat / bharat

অৰুণাচলক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীয়ে লাভ কৰিছে নতুন মাত্ৰা

author img

By

Published : Sep 19, 2020, 7:51 PM IST

সংসদত ৰাজ্যসভাৰ সাংসদ নবাম ৰেবিয়াই উড়িশাৰ বিজু জনতা দলৰ (BJD) সমৰ্থন লাভ কৰাৰ পাচতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্তি সম্পৰ্কত কৰা দাবীয়ে নতুন গতি লাভ কৰিছে ৷

Breaking News

নেশ্যনেল ডেস্ক, 19 ছেপ্তেম্বৰ : সংসদত ৰাজ্যসভাৰ সাংসদ নবাম ৰেবিয়াই উড়িশাৰ বিজু জনতা দলৰ (BJD) সমৰ্থন লাভ কৰাৰ পাচতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্তি সম্পৰ্কত কৰা দাবীয়ে নতুন গতি লাভ কৰিছে ৷

তবম দাইৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

পূৰ্বে, অৰুণাচল প্ৰদেশ কেবিনেটে ষষ্ঠ অনুসূচীত অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্ত কৰিবৰ বাবে সৰ্বসন্মতি ক্ৰমে কেন্দ্ৰৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

বৃহস্পতিবাৰে ৰাজ্যসভাত এই বিষয়টো উত্থাপন কৰি ৰেবিয়াই কয়, "ৰাজ্য চৰকাৰৰ এই অনুৰোধ গুৰুত্ব সহকাৰে ল'বলৈ মই কেন্দ্ৰক অনুৰোধ জনালো ৷"

অৰুণাচলৰ বিজেপি চৰকাৰে খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ৰাজ্যখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাই আহিছে ৷

ৰেবিয়াই কয় যে, অৰুণাচল প্ৰদেশে 1986 চনত ৰাজ্যৰ মৰ্যাদা লাভ কৰিলেও বৰ্তমানেও সাংবিধানিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ৰেবিয়াই কয়, "ব্ৰিটিছ-বেংগল ইষ্টাৰ্ন ফ্ৰন্টিয়াৰ ৰেগুলেছন, 1873 আৰু চীন হিলছ ৰেগুলেছন, 1896 ৰ অধীনতহে আমি সাংবিধানিক সুৰক্ষা লাভ কৰি আছো ৷"

ৰেবিয়াই কয় যে, কিছুসংখ্যক জনজাতীয় অঞ্চলক সংবিধানে বিশেষ সুৰক্ষা প্ৰদান কৰিছে ৷

ৰেবিয়াৰ এই বিষয়টোৱে বিজু জনতা দলৰ সাংসদ সুজিত কুমাৰ আৰু সস্মিত পাত্ৰৰ সমৰ্থন লাভ কৰে ৷

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি সৰ্ব অৰুণাচল প্ৰদেশ ছাত্ৰ সংগঠনৰ (AAPSU) সম্পাদক তবম দাই কয় যে, ৰাজ্যখনৰ বহু সংগঠনে ষষ্ঠ অনুসূচী দাবী কৰি আহিছে ৷

দাই কয়, "জনজাতীয় লোকৰ বাবে ভূমিৰ অধিকাৰ, সাংবিধানিক অধিকাৰ, ধৰ্মীয় অধিকাৰ সুৰক্ষিত কৰিবলৈ 371 (H) ত আমি অধিক শক্তি বিচাৰো ৷ "

তেওঁ কয় যে, ৰাজ্যখনত স্বায়ত্ব শাসিত পৰিষদ সৃষ্টিৰ বাবে দাবী উত্থাপন কৰা হৈছে আৰু মন আৰু পাটকাই স্বায়ত্ব শাসিত পৰিষদৰ দাবীয়ে গতি লাভ কৰিছে, কিন্তু কিছু লোকে ইয়াৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে ৷

দাই কয়, "আমি 371 (H) শক্তিশালী কৰাৰ দাবী কৰিছো ৷ বৰ্তমানলৈকে, প্ৰচলিত আইনত খিলঞ্জীয়া লোকৰ বাবে কোনো অধিকাৰৰ কথা উল্লেখ নাই ৷ আইন আৰু নিৰ্দেশ সম্পৰ্কীয় বিষয়ৰ বাবে কেৱল ৰাজ্যপালক অধিকাৰ প্ৰদান কৰা হৈছে ৷"

উত্তৰ-পূৰ্বাঞ্চলৰ অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ খিলঞ্জীয়া লোকৰ প্ৰশাসনৰ বাবে ব্যৱস্থা কৰি ষষ্ঠ অনুসূচী তৈয়াৰ কৰা হৈছে ৷

লগতে পঢ়ক : আইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.