বিজনেচ ডেক্স,18 মাৰ্চঃ COVID 19ৰ ভয়াবহতাৰ বাবে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে পেট্ৰ'ল, ডিজেল, জেট ইন্ধন আৰু শিপিং ইন্ধনৰ আভ্যন্তৰীণ চাহিদা 10 শতাংশতকৈও অধিক হ্ৰাস পায় । যদিও বিশ্বৰ তেলৰ বজাৰত ক্ৰুড আৰু খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাটো ভাৰতীয় উপভোক্তাসকলৰ বাবে অনুকূল আছিল । চৰকাৰী তেল বিপণন সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰে যে, বিশ্বৰ তেল বজাৰসমূহত সামগ্ৰীসমূহৰ দাম হ্ৰাস পায় । কিন্তু COVID 19ৰ প্ৰকোপৰ পিছতে যাত্ৰাৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে 1ৰ পৰা 15 মাৰ্চৰ ভিতৰত পেট্ৰ'ল আৰু ডিজেলৰ বিক্ৰী প্ৰায় 11 শতাংশ নিম্নগামী হয় ।
ইয়াৰ উপৰিও এয়াৰলাইন্সসমূহৰ বিস্তৃত পথৰ সাল-সলনি আৰু কিছুমান পথ বন্ধ কৰাৰ বাবে এটিএফৰ বিক্ৰীও সমব্যৱধানতে হ্ৰাস পায় । COVID 19ৰ সম্পৰ্কীয় প্ৰতিবন্ধকতা সমূহে কেইবাবছৰৰ অন্তত প্ৰথম বাৰৰ বাবে বাংকাৰ ইন্ধনৰ বিক্ৰীৰ ক্ষেত্ৰখনকো প্ৰভাৱিত কৰে । CRISIL ৰ তৈল ক্ষেত্ৰসমূহৰ ওপৰত প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে যে, COVID 19 মহামাৰীয়ে আৰম্ভনিৰে পৰা কম চাহিদাযুক্ত তেলৰ বিক্ৰীকো গম্ভীৰ কৰি তুলিছে । সৰ্বমুঠ ক্ৰুডৰ 6ৰ পৰা 8 শতাংশ এয়াৰলাইন্সসমূহে ব্যৱহাৰ কৰে । কিন্তু সম্প্ৰতি কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে প্ৰায়বোৰ দেশেই আন্তঃৰাষ্ট্ৰীয় আৰু আভ্যন্তৰীণ বিমান সেৱা স্থগিত ৰখাৰ বাবে এই ক্ষেত্ৰত প্ৰভাৱ আৰু গম্ভীৰ হৈ পৰিব বুলি ব্যক্ত কৰে এজেঞ্চিটোৱে ।
উল্লেখ্য যে, বিগত বৰ্ষত পাঁচ বছৰত গড়ে বাৰ্ষিক 1.6 বিলিয়ন বিপিডি বৃদ্ধিৰ তুলনাত তেলৰ চাহিদা বৃদ্ধি পায় মাত্ৰ 0.8 মিলিয়ন কিন্তু COVID 19ৰ বাবে এই হাৰ হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । কিন্তু ভাৰতৰ বাবে ক্ৰুড তেলৰ মূল্য দীৰ্ঘসময় ধৰি হ্ৰস্বম্যাদী হৈ আহিছে । CRISIL এ আশা কৰা ধৰণে 2020ত প্ৰতি বেৰেল ক্ৰুড তেলৰ মূল্য গড়ে 35-49 ডলাৰ হোৱাৰ সম্ভাৱনা আছে । এইয়া সম্ভৱ হ'ব পাৰে যদি আগন্তুক 2-3 মাহৰ ভিতৰত COVID 19ৰ প্ৰভাৱ হ্ৰাস পায় অথবা ই নিৰ্মূল হয় । অৱশ্যে এই মূল্য নিৰ্ধাৰণ কৰিব ৰাছিয়া আৰু ছৌদী আৰৱৰ যোগান বৃদ্ধিৰ ওপৰত ।
লগতে পঢ়ক-কৰ'ণা ভাইৰাছ আতংক!