ETV Bharat / bharat

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা

author img

By

Published : Jun 17, 2020, 12:10 PM IST

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মঙলবাৰে কোভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পিছত বুধবাৰে পুনৰ পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা

নেশ্যনেল ডেস্ক, ১৭ জুন: মঙলবাৰে কোভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পিছত বুধবাৰে পুনৰ পৰীক্ষা কৰিব দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে । টুইটযোগে মন্ত্ৰী জৈনে জানিবলৈ দিয়ে এই কথা ।

  • Due to high grade fever and a sudden drop of my oxygen levels last night I have been admitted to RGSSH. Will keep everyone updated

    — Satyendar Jain (@SatyendarJain) June 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অত্যন্ত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা হেতুকে মন্ত্ৰীগৰাকীক সোমবাৰে ৰাজীৱ গান্ধী চুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় । মঙলবাৰে কোভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছিল যদিও বুধবাৰে পুনৰ শ্বাৱ পৰীক্ষা কৰিব মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী জৈনৰ টুইটত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, তেওঁ ২৪ ঘণ্টাই নিজৰ কথা নাভাবি জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ আছে । গতিকে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত । ৰাজীৱ গান্ধী চুপাৰ স্পেছিয়েলিটি হাস্পতাল কতৃপক্ষই জনোৱা মতে, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন সম্পূৰ্ণ সুস্থ । যদিও তেওঁক অক্সিজেন মাস্ক পৰিধান কৰোৱা হৈছিল, তথাপিও তেওঁৰ স্বাস্থ্য স্থিতি নিৰীক্ষণ কৰি থকা হৈছে ।

লগতে পঢ়ক: লাদাখত শ্বহীদ হোৱা সেনালৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.