ETV Bharat / bharat

দিল্লীত একাৰাহে নিম্নগামী হৈছে বায়ুৰ গুণগত মান - বায়ু

ৰাজধানী চহৰ দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমাৎ নিম্নগামী হৈছে। জাহাংগীৰপুৰ আৰু আই টি অ'ৰ দৰে স্থানত বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমান্বয়ে ২৬৭ আৰু ২৫৭লৈ অৱনমিত হৈছে। অনাগত দিনত ইয়াতকৈ বেয়া অৱস্থা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

দিল্লীত একাৰাহে নিম্নগামী হৈছে বায়ুৰ গুণগত মান

author img

By

Published : Oct 10, 2020, 12:17 PM IST

নেশ্যনেল ডেস্ক, ১০অক্টোবৰ: দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লীত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। জাহাংগীৰপুৰ আৰু আই টি অ'ৰ দৰে স্থানত বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমান্বয়ে ২৬৭ আৰু ২৫৭লৈ অৱনমিত হৈছেদিল্লীৰ ৮নং দ্বাৰকা ছেক্টৰত বায়ুৰ গুণগত মানৰ সূচাংক হৈছেগৈ ২৪৮ আৰু আনন্দ বিহাৰত ২৩০

'দ্য ছিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফ'ৰকাষ্টিং এণ্ড ৰিচাৰ্চে' যোৱা বুধবাৰে ৰাজধানী চহৰখনত ১০ অক্টোবৰ পৰ্যন্ত বায়ুৰ গুণগত মান নিম্মগামী হোৱাৰ আশংকা ব্যক্ত কৰিছিল। গুণগত মানৰ সূচাংক ০-৫ৰ ভিতৰত থাকিলে ভাল বুলি বিবেচনা কৰা হয়, ৫১-১০০ ভিতৰত থাকিলে সন্তুষ্টিজনক, ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ ভিতৰত থাকিলে অধিক বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে ভয়ানক পৰিস্থিতি বুলি গণ্য কৰা হয়।

শুক্ৰবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে প্ৰগতি ময়দানত এক নিৰ্মাণ কাৰ্যৰ পৰ্যবেক্ষণ কৰে, য'ত প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় হিচাপে এণ্টি স্মাগ বন্দুক সংস্থাপন কৰা হৈছে। গোপাল ৰায়ে কয় যে, 'দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আন ৰাজ্যসমূহৰ সহযোগিতা কামনা কৰিছে।' বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে সচিবালয়ত কেন্দ্ৰীয়কৰণ যুদ্ধ কক্ষও স্থাপন কৰা হৈছে বুলি বৃহস্পতিবাৰে ৰায়ে মন্তব্য কৰে। প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে দিল্লীত বায়ুৰ গুণগত মান নিম্নগামী হৈছে আৰু ই দিল্লীবাসী তথা পৰিৱেশৰ বাবে অশনি সংকেত মাতি আনিছে।

লগতে পঢ়ক:মন্দিৰ নিৰ্মাণৰ ধন সৰকালে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.