ETV Bharat / bharat

দিল্লীৰ হিংসাৰ প্ৰসংগই উত্তাল কৰাৰ সম্ভাৱনা আৰ এছ এছৰ বাৰ্ষিক সভা - ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক অধিবেশন

15 মাৰ্চৰ পৰা বাংগালুৰুত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক প্ৰতিনিধি সভা ৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অংশগ্ৰহণ কৰিব সৰ্বমুঠ 1400 সদস্যই ৷

Delhi violence, anti-CAA protests likely to dominate RSS annual meet in Bengaluru
15 মাৰ্চৰ পৰা 17 মাৰ্চলৈ বাংগালুৰুত অনুষ্ঠিত হ’ব অখিল ভাৰতীয় প্ৰতিনিধি সভা
author img

By

Published : Mar 1, 2020, 4:45 PM IST

নিউজ ডেস্ক , 1 মাৰ্চঃ 15 মাৰ্চৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাৰ্ষিক অধিবেশনত দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সম্বন্ধীয় প্ৰসংগই বিশেষ প্ৰাধ্যান্য লাভ কৰাৰ সম্ভাৱনা আছে ৷ 15 মাৰ্চৰ পৰা 17 মাৰ্চলৈ বাংগালুৰুত অনুষ্ঠিত হ’ব অখিল ভাৰতীয় প্ৰতিনিধি সভা ৷ উল্লেখযোগ্য যে , প্ৰত্যেক বছৰতে এবাৰকৈ অনুষ্ঠিত হোৱা অখিল ভাৰতীয় প্ৰতিনিধি সভাই হৈছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰ্ব্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ৷ সংঘৰ ভৱিষ্যত পৰিকল্পনা তথা সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰত্যেক বছৰেই এই সভা অনুষ্ঠিত হয় ৷

বাংগালুৰুত অনুষ্ঠিত হ’ব লগা প্ৰতিনিধি সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু সাধাৰণ সম্পাদক বি এল সন্তোষে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ 1400 সদস্যই অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠানত আগন্তুক দিনত স্বয়ং সেৱক সংঘৰ কাৰ্যপন্থা আগুৱাই নিয়াৰ লগতে যি সমূহ অঞ্চল আৰু ব্যক্তিক সংঘই এতিয়াও স্পৰ্শ কৰিব পৰা নাই , সেই সকলৰ ওচৰলৈ বিভিন্ন কৰ্মসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক লৈ যোৱাৰ বিষয়ে আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে সংঘৰ এজন জ্যেষ্ঠ সদস্যই ৷ গুৰুত্বপূৰ্ণ যে , সভাত স্বয়ং সেৱক সংঘৰ দিল্লী শাখাক সদ্যহতে দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ এক বিস্তৃত বৰ্ণনা দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অধীনস্থ বিভিন্ন সংগঠনৰ জৰিয়তে সমাজত কাম কৰি থকা প্ৰতিনিধি সকলৰ লগতে ৰাষ্ট্ৰীয় সেৱিকা সংঘৰ পৰা মহিলা প্ৰতিনিধি সকলকো এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান মোহন ভাগৱতৰ উপস্থিতিত সংঘৰ কাৰ্যবাহী অধ্যক্ষ ভাইয়া যোশীয়ে উক্ত সভা সঞ্চালনা কৰিব ৷

লগতে পঢ়কঃঅৱশেষত আৰম্ভ হ’ল ৰহা টোল গেটত কৰ সংগ্ৰহ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.