নেশ্বনেল ডেক্স,1 মাৰ্চঃ মহম্মদ আমিৰ আৰু হাচিমৰ পৰিয়ালৰ কাৰণে,ই এক অপ্ৰত্যাশিত প্ৰত্যাৱৰ্তন আছিল ৷ জ্যেষ্ঠ ভাতৃ শায়ৰুদ্দিনৰ সতৰ্কবাণী অমান্য কৰি,28 বৰ্ষীয় আমিৰ আৰু 19 বৰ্ষীয় হাছিমে বুধবাৰে সন্ধিয়া গাছিয়াবাদৰ পৰা গোকালপুৰীলৈ ৰাওনা হয় ৷ ইয়াৰ এদিন পিছতেই তেঁওলোকৰ পৰিয়ালবৰ্গই জিটিপি হাস্পাতালত উপস্থিত হৈ নলাৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ দুটা দুয়োজন ভাতৃৰে বুলি চিনাক্ত কৰে ৷ নিহত আমিৰ আৰু হাছিমৰ ভাতৃ আক্ৰামে জনায় যে,‘নিশা প্ৰায় 8 বজাত নিহত আমিৰে ভাতৃ শায়ৰুদ্দিনক ফোনযোগে জনায় যে, তেঁওলোকে গাজিয়াবাদৰ পৰা গোকালপুৰী আহিছে ৷ শায়ৰুদ্দিনে তেঁওলোকক হিংসাজৰ্জৰিত অঞ্চলটোলৈ অহাত বাধা প্ৰদান কৰিছিল ৷’
আমিৰে গাজিয়াবদত গাড়ীচালক হিচাপে কৰ্মৰত আছিল আৰু হাছিমে জ্যেষ্ঠ ভাতৃ আমিৰক সহায় কৰিছিল ৷ বুধবাৰে নিশা প্ৰায় 10 বজাত দুয়ো ভাতৃ উপস্থিত নোহোৱাত পৰিয়ালৰ লোকে আমিৰক ফোন কৰে যদিও সংযোগ স্থাপন কৰিবলৈ সক্ষম নহয় ৷ বৃহস্পতিবাৰে পৰিয়ালৰ লোকে দয়ালপুৰ আৰক্ষী চকীত দুয়ো ভাতৃ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে ৷ ইয়াৰ পিছতেই এগৰাকী মহিলা আৰক্ষী বিষয়াই তেঁওলোকৰ মৃতদেহ জিটিবি হাস্পতালত প্ৰত্যক্ষ কৰাৰ কথা জনোৱাৰ পিছতেই পৰিয়ালৰ লোকে হস্পাতালত উপস্থিত হৈ মৃতদেহ দুটা চিনাক্ত কৰে ৷ আনহাতে,মৰণোত্তৰ পৰীক্ষাৰ পিছতেহে মৃতদেহ পৰিয়াৰ লোক চমজাই দিয়া হ’ব ৷
লগতে পঢ়ক-বিতৰ্কমূলক ফেচবুক পোষ্টঃআদালতত হাজিৰ অধ্যাপক সৌৰদ্বীপ সেনগুপ্ত