ETV Bharat / bharat

ইণ্ডিয়া গেটৰ সমীপত ড্ৰোণ ব্যৱহাৰ কৰি আটক হ’ল 3 ইউটিউবাৰ - India Gate

ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে 5 কিলোমিটাৰ দূৰত্বত কোনো ফ্লাই জ’ন নোহোৱা স্থানত ড্ৰোণ কেমেৰা ব্যৱহাৰ কৰি ভিডিঅ’ সংগ্ৰহ কৰি আটক হয় তিনি ইউটিউবাৰ ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে যুৱক তিনিজন ৷

Delhi police arrest youtuber for flying drone near India Gate
ইণ্ডিয়া গেটৰ সমীপত ড্ৰোণ ব্যৱহাৰ কৰাৰ অপৰাধত আটক 3 ইউটিউবাৰ
author img

By

Published : Oct 11, 2020, 4:57 PM IST

নিউজ ডেস্ক,11 অক্টোবৰ: শনিবাৰে ৰাজধানী দিল্লীস্থিত ইণ্ডিয়া গেটত তিনি যুৱকক আটক কৰে আৰক্ষীয়ে ৷ গেটৰ সমীপত ড্ৰোণ কেমেৰা ব্যৱহাৰ কৰি ভিডিঅ’ সংগ্ৰহ কৰাৰ অপৰাধত আটক হয় যুৱক তিনিজন ৷ সম্প্ৰতি যুৱক তিনিজন আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে ৷

ইফালে ইণ্ডিয়া গেটৰ সমীপত ড্ৰোণ ব্যৱহাৰ কৰাৰ খবৰ পাই নিৰাপত্তাৰক্ষী বাহিনীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে ৷ ইণ্টেলিজেন্স ব্যুৰ’ আৰু বিশেষ সুৰক্ষা বাহিনীয়ে কেইবা ঘণ্টা ধৰি যুৱক তিনিজনক সোধ-পোচ অব্যাহত ৰাখিছে ৷ ইয়াৰ পাচত তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷

যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে ড্ৰোণ,ৰিম’ট কণ্ট্ৰ’ল আৰু মেম’ৰী কাৰ্ড জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত নতুন দিল্লীৰ আৰক্ষী উপ পৰিদৰ্শক ড৹ ইশ সিংঘালে কয় যে,আটকাধীন যুৱক তিনিজন ইউটিউবাৰ হিচাপে চিনাক্ত কৰা হৈছে আৰু তেওঁলোকে নিজৰ ইউটিউব চেনেলৰ বাবে ভিডিঅ’ৰ শ্বুটিং কৰি আছিল ৷

ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে 5 কিলোমিটাৰ দূৰত্বত কোনো ফ্লাই জ’ন নাই ৷ ইউটিউবাৰ তিনিজনক আটক কৰাৰ পাচত ইণ্টেলিজেন্স ব্যুৰ’ আৰু বিশেষ সুৰক্ষা বাহিনীয়ে সোধ-পোচ আৰম্ভ কৰে ৷

আটকাধীন ধৰ্মেন্দ্ৰ নামৰ যুৱকজনে সদৰি কৰা মতে,ধৰ্মেন্দ্ৰৰ সৰু ভায়েকৰ এটি ইউটিউব চেনেল আছে আৰু চেনেলটোত ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ তেওঁলোকে ড্ৰোণেৰে ভিডিঅ’ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়ক: পঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.