ETV Bharat / bharat

প্ৰথম পৰ্যায়ত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ চৰকাৰৰ সিদ্ধান্ত সলনি নহয় :উচ্চ ন্যায়ালয়

author img

By

Published : Feb 4, 2021, 6:02 PM IST

ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰথম পৰ্যায়ত আইনজীৱি সকলক অন্তৰ্ভুক্ত কৰাৰ আহ্বানেৰে দাখিল কৰা আবেদন নাকচ । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰে উক্ত আবেদন । চৰকাৰে লোৱা নীতিগত সিদ্ধান্ত সলনি কৰাৰ প্ৰয়োজনীয়তা দেখা নাই বুলি মন্তব্য বিচাৰপীঠৰ ।

প্ৰথম পৰ্যায়ত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত সলনি নহয় : উচ্চ ন্যায়ালয়
প্ৰথম পৰ্যায়ত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ চৰকাৰৰ সিদ্ধান্ত সলনি নহয় :উচ্চ ন্যায়ালয়

নেচনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰথম পৰ্যায়ত বিচাৰ বিভাগীয় কৰ্মচাৰী, উকীল তথা আইনজীৱি সকলকো হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাই আদালতত দাখিল কৰা এখন আবেদন বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰে ।

মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ নেতৃত্বত বহা এখন বিচাৰপীঠে কয় যে, ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেয়ে আদালতে উক্ত সিদ্ধান্ত সলনি নকৰে ।

উক্ত সিদ্ধান্ত প্ৰকাশ কৰি বিচাৰপীঠ খনে লগতে এইবুলি কয়, "ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চৰকাৰৰ কাক অগ্ৰাধিকাৰ দিয়ে সেই সন্দৰ্ভত সিদ্ধান্ত সলনি কৰাৰ বাবে আমি কোনো কাৰণ বিচাৰি পোৱা নাই । যিহেতু উক্ত সিদ্ধান্ত বিভিন্ন কাৰক বিবেচনা কৰি লোৱা এক নীতিগত সিদ্ধান্ত আছিল ।"

উল্লেখ্য যে চৰকাৰে প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু সুৰক্ষা কৰ্মী সকলৰ লগতে সন্মুখৰ পৰা ক'ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়া সকলক প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পৰিৱৰ্তে ন্যায়ালয়ত দাখিল কৰা আবেদন খনৰ জৰিয়তে আইনজীৱি সকলকো প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰাৰ হিতাধিকাৰী হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছিল ।

লগতে পঢ়ক: দিল্লীত 'ছুইচ দিল্লী' অভিযান উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী কেজৰিৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.