ETV Bharat / bharat

দূৰদৰ্শন-অল ইণ্ডিয়া ৰেডিঅ'ক ৩ ঘণ্টাৰ সময় বিচাৰি দিল্লী চৰকাৰৰ আহ্বান

author img

By

Published : Apr 30, 2020, 2:57 PM IST

লক্ ডাউনৰ ফলতেই বন্ধ হৈ পৰিছে দেশজুৰি স্কুল-কলেজ । যাৰ বাবে শিক্ষাৰ্থীৰ সুবিধাৰ্থে দিল্লী চৰকাৰে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ক প্ৰতিদিনে ৩ ঘণ্টাৰ শিক্ষা শ্ৰেণীৰ সম্প্ৰচাৰৰ আহ্বান জনাইছে ।

Delhi govt seeks 3 hrs daily air time on DD, AIR to broadcast classes for school students

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ আৰু দেশত চলি থকা লক্ ডাউনৰ ফলতেই বন্ধ হৈ পৰিছে দেশৰ স্কুল-কলেজ । কিন্তু লক্ ডাউনৰ মাজতেই শিক্ষাৰ্থীৰ সুবিধাৰ্থে দিল্লী চৰকাৰে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ক প্ৰতিদিনে ৩ ঘণ্টাৰ শিক্ষা শ্ৰেণীৰ সম্প্ৰচাৰ কৰাৰ আহ্বান জনাইছে ।

বিষয়ববীয়া সকলৰ মতে, লক্ ডাউনত কিছু শিথিলতা অনা হৈছে যদিও বিদ্যালয় ইত্যাদি পুনৰ খুলি পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব অধিক সময়ৰ । যাৰ বাবে দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে পাঠদানৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিব পৰা যাব ।

সেয়েহে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই কেন্দ্ৰক স্কুল-কলেজ পুনৰ আৰম্ভ নোহোৱা পৰ্যন্ত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ত ৩ ঘণ্টীয়া পাঠদানৰ অনুমতি বিচাৰি আবেদন জনায় ।

দিল্লী চৰকাৰে ইতিমধ্য়ে অনলাইন ক্লাছৰ ব্যৱস্থা হাতত লৈছে । জানিব পৰা মতে, ৬৮ শতাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত হে স্মাৰ্টফোন আছে । যাৰ বাবে সকলোকে শিক্ষাদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰক এই বিষয়ে প্ৰস্তাৱ প্ৰেৰণ কৰা কৰিছে । ইতিমধ্যে দূৰদৰ্শন কেন্দ্ৰৰ পৰা কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিল নাডু, কেৰালা, গুজৰাট, জম্মু-কাশ্মীৰত ডিজিটেল ক্লাছৰ সম্প্ৰচাৰ কৰি থকা হৈছে । আনহাতে অল ইণ্ডিয়া ৰেডিঅ'ৰ ফালৰ পৰাও বহু কেইটা অঞ্চলক সাঙুৰি ভাৰ্চুৱেল ক্লাছৰ সম্প্ৰচাৰ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.